চুতীয়া ৰাজ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎ৰজা সকলৰ তালিকা: Corrected year. Reign 1360-1380
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
43 নং শাৰী:
==ৰাজ্য প্ৰতিষ্ঠা==
 
দেউধাই বুৰঞ্জীত উল্লেখ কৰা মতে আনুমানিক ১১৮৭ চনত চুতীয়া সকলে বিভিন্ন সৰু সৰু ৰাজ্য(বা বৃহৎ গাঁও) গঠন কৰি বাস কৰি আছিল।<ref>Bhuyan, S.K., Deodhai Buranji, p.193</ref> তাৰ ভিতৰতে স্বৰ্ণগিৰি নামৰ ৰাজ্য খনত [[বীৰপাল]] নামৰ এজন লোক ৰজা হৈ আছিল। বীৰপালৰ ৰাজ্যত ৬০ টা যৌথ পৰিয়ালৰ লোকে বাস কৰিছিল, অৰ্থাৎ প্ৰায় ৬০০০ লোক।<ref>Dutta, Sristidhar, "The Mataks and their kingdom", p.45. "Morans, Borahis, Kacharis and Chutias were the main tribes in the Matak community. As all of them were Bodos in origin, they had a common living pattern too. They lived in joint families. The number of members in a joint family sometimes exceeded one hundred."</ref> ইয়াৰ পিছত চুচুবুৰীয়া চুতীয়া লোকসলক পৰাস্ত কৰি তেওঁ 'গয়াপাল' নাম লৈছিল। শদিয়াক তেওঁ চুতীয়া ৰাজ্যৰ ৰাজধানী পাতিছিল। তেওঁক খুন্ত ৰজা বুলিও জনা‌ গৈছিল।<ref>Bhuyan, S.K., Deodhai Buranji, p.202</ref>
 
ত্ৰয়োবিংশ শতিকাৰ আগভাগত [[আহোম]]সকলে অসমত তেওঁলোকৰ ৰাজ্য স্থাপন কৰিবৰ সময়ত উজনি অসমত চুতীয়াসকলেই আটাইতকৈ শক্তিশালী আছিল। চুতীয়া সকলৰ মাজত বুৰঞ্জী লিখাৰ প্ৰথা নথকাৰ বাবে তেওঁলোকৰ আটাইবোৰ ৰজাৰ নাম জনা নাযায়। দেওধাই অসম বুৰঞ্জীৰ মতে বাৰ শতিকাৰ মাজভাগৰ পৰা ষোল্ল শতিকাৰ আগভাগলৈকে মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল। নোই ইলিয়াছ চাহাবৰ "হিষ্ট্ৰী অৱ দা শ্বান্‌ছ" গ্ৰন্থৰ মতে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক [[চুকাফা]]ৰ সমসাময়িক চুতীয়া ৰজা কোছীৰ আগতে তেওঁৰ বংশৰ চৌত্ৰিশজন ৰজাই ৰাজত্ব কৰিছিল। তালৈ চাই কোনো কোনো পণ্ডিতে চুতীয়াসকলে খ্ৰীষ্টীয় সপ্তম শতিকামানতে ৰাজ্য স্থাপন কৰিছিল বুলি অনুমান কৰে।<ref name="বুৰঞ্জী">{{cite book | title=মাধ্যমিক অসম বুৰঞ্জী | author=ড: স্বৰ্ণলতা বৰা | pages=১৮৪-১৯০ | isbn=81-85905-11-8}}</ref>
51 নং শাৰী:
==ৰাজ্য বিস্তাৰ==
 
বীৰপালৰ পুত্ৰ আছিল ৰত্নধ্বজপাল বা [https://sites.google.com/view/as-buranjipedia/assam-history-short-type-question-answers#h.fldz509y2mrj গৌৰীনাৰায়ণ।] তেওঁ নিজৰ বাহু বলেৰে উজনি অসমৰ সকলো চুতীয়া ৰাজ্য (যেনে ৰঙ্গালগিৰি, স্বেতাগিৰি, চন্দ্ৰগিৰি, ধৱলগিৰি, নীলগিৰি, ইত্যাদি) একত্ৰিত কৰি বৃহৎ চুতীয়া ৰাজ্য গঠন কৰিছিল<ref>Bhuyan, S.K., Deodhai Buranji, p.194</ref>।
 
দেউধাই বুৰঞ্জীত উল্লেখ কৰা "চুতীয়াৰ কথা"ৰ দ্বিতীয় আখ্যানৰ<ref>Bhuyan, S.K., Deodhai Buranji, p.201-202</ref> মতে বীৰপালে কিৰাতনী দেৱীৰ আশীৰ্বাদত দুটা সোণৰ মেকুৰী আৰু দণ্ড-খাট লাভ কৰি চোট-হিন্দুৱান খুন্তৱান(চুতীয়া ৰাজ্যৰ) ৰজা হৈছিল আৰু শদিয়াত আছিল ("পৰদিনা চৰুৰ ঢাকন গুচাই চালে, সোণৰ বিড়ালী দুটী পালে, দণ্ড-খাট পালে। সেইদিন ধৰি সকলৰে সোধ-পোছ দিন দিন ধৰি পালে। ছোট হিন্দুৱানৰ খুন্তৱানৰ ৰজা হ'ল। শদিয়াত সিটো ৰজা অবাক ৰূপে থাকে।")। ইয়াৰ পৰা বুজিব পাৰি যে বীৰপালৰ বসতি(স্বৰ্ণগিৰি চুতীয়া ৰাজ্য) শদিয়া অঞ্চলতে আছিল। দেউধাই বুৰঞ্জীত উল্লেখ কৰা চন্দ্ৰগিৰি নামৰ চুতীয়া ৰাজ্য খনো বৰ্তমান শদিয়াতে অৱস্থিত আছিল। এইখন পাছলৈ স্বৰ্ণগিৰিৰ চুতীয়া ৰজা ৰত্নধ্বজপালে নিজৰ অধীনলৈ আনি বৃহৎ চুতীয়া ৰাজ্য গঠন কৰিছিল। চন্দ্ৰগিৰি অঞ্চলতে নীতিপালে আহোম ৰজাৰ লগত যুদ্ধ কৰিছিল, যাৰ বাবে তেওঁক "চন্দ্ৰ নাৰায়ণ" বুলিও কোৱা হৈছিল<ref>Bhuyan, S.K., Deodhai Buranji, p.200</ref>। গোপাল চন্দ্ৰ বৰুৱাৰ টাই ভাষাৰ বুৰঞ্জীত এই অঞ্চলটোক "দৈ-চন্দন"(টাই ভাষাত দৈ=পাহাৰ) কোৱা হৈছে। ৰানী সাধনীয়ে এই অঞ্চলতে প্ৰাণ ত্যোগ কৰিছিল।