আইদেউ সন্দিকৈ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1915 to 1920
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
15 নং শাৰী:
}}
'''আইদেউ সন্দিকৈ''' ({{lang-en|Aideu Nilambar Handique}}; জন্ম: ১৯২০ চ'ত মাহ - মৃত্যু: ১৭ ডিচেম্বৰ, ২০০২)<ref name=pandya>[http://www.guardian.co.uk/news/2003/feb/15/guardianobituaries.film Aideu Handiqu, by Haresh Pandya,] The Guardian, প্ৰকাশ: ১৫ ফেব্ৰুৱাৰী, ২০০৩, আহৰণ: ৩১ আগষ্ট, ২০১১</ref> [[অসমীয়া চলচ্চিত্ৰ]]ৰ প্ৰথম গৰাকী মহিলা [[অভিনেত্ৰী]]। [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ৰদ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি "[[জয়মতী (১৯৩৫ চলচ্চিত্ৰ)|জয়মতী]]"ত (১৯৩৫) নাম ভূমিকাৰে এই গৰাকী অভিনেত্ৰীয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ গৌৰৱ লাভ কৰে। উক্ত বোলছবিত এগৰাকী সহ-অভিনেতাক 'বঙহৰদেউ' (স্বামী) বুলি সম্বোধন কৰা বাবে তেখেত চিৰজীৱন আবিয়ৈ হৈ থাকিবলগীয়া হয়।
আইদেউ সন্দিকৈ
[ ১৯৩৫ চনৰ মাৰ্চ মাহটো অসমৰ সাংস্কৃতিক জগতৰ বাবে আছিল এটা গুৰুত্বপূৰ্ণ মাহ। সেই মাৰ্চ মাহৰ ১০ তাৰিখৰ দিনটোতে মুক্তি লাভ কৰিছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী"। "জয়মতী"ত জয়মতী চৰিত্ৰৰ ৰূপায়ন কৰা আইদেউ সন্দিকৈক লৈ এক বিশেষ লেখা]
 
 
"অসমীয়া প্ৰতিদিন "মোৰ সাংবাদিকতা আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম গৰাকী নায়িকা আইদেউ সন্দিকৈ।
বিকাশ শৰ্মা ১০ মাৰ্চ
চন তাৰিখ কি আছিল পাহৰিলো। কিন্তু এটা কথা মনত আছে যে মই এই লিখনীত মই বিলাক কথা সন্নিৱিষ্ট কৰিবলৈ লৈছো সেয়া ১৯৯৫ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত হ'ব। মাৰ্চ মাহৰ পহিলা ভাগৰ কোনোবা এটা দুপৰীয়া "অসমীয়া প্ৰতিদিন"ৰ তেতিয়াৰ সম্পাদক অজিত ভূঞাই ফোন ( সেই সময়ত মোবাইল ফোন নাছিল) কৰিলে যে এটা নিৰ্দিষ্ট দিনত প্ৰকাশৰ বাবে অসমীয়া বোলছবি সৰ্ম্পকীয় ষ্ট'ৰী এটা লাগে। বিশেষকৈ পুৰণা কোনোবা অভিনেত্ৰী বা অভিনেতাৰ সৰ্ম্পকে হ'লে ভাল হয় বুলিও তেওঁ স্পষ্ট কৰি দিলে। সম্পাদকৰ নিৰ্দেশ। গতিকে মই মোৰ চিন্তাৰ দুৱাৰ খন মুকলি কৰি দিলো। মোৰ সমুখত বহি আছিল লাইন বাছৰ এজন কণ্ডাক্টৰ। নাম লক্ষণ শৰ্মা। ঘৰ কমাৰ গাঁৱত। মোৰ চিন্তা ক্লিষ্ট মুখখন দেখি তেওঁ সুধিলে- কি হল ? হঠাত যে চিন্তাৰ মাজত সোমাই পৰিল যে? মই সম্পাদকে কোৱা কথাখিনি তেওক কলো। কিছু সময় মনে মনে থাকি তেওঁ কলে - আমাৰ ঘৰৰ ওচৰৰ পানীদিহিঙীয়া গাৱত এগৰাকী অভিনেত্ৰী আছে। তেওঁ বোলে অসমীয়া চিনেমাৰ প্ৰথম হিৰ'ইন। নাম আইদেউ সন্দিকৈ।
তেওঁৰ কথাই মোৰ অতীত মনত পেলাই দিলে। কলেজত পঢ়ি থাকোতে আইদেউ সন্দিকৈৰ বিষয়ে মোৰ পঢ়াৰ কথা মনত আছে। কিন্তু গোলাঘাটৰ কমাৰ গাৱতেই যে তেওঁৰ ঘৰ সেই কথা পাহৰি গৈছিলো। গোলাঘাট চহৰৰ পৰা কমাৰগাৱলৈ যথেষ্ট দূৰ। ৩০ কিলোমিটাৰ ৰো অধিক হ'ব। তাতে সেই সময়ত পৰিবহন ব্যৱস্থাও বৰ সুচল নাছিল। তিনিখন মান বাছ পুৱাৰ ভাগত কমাৰগাৱৰ পৰা গোলাঘাট নগৰলৈ আহে আৰু পিছবেলা ঘূৰি যায় গৈ। তাতে মোৰ পকেটত আছে মাত্ৰ দহ টকা।
কি কৰিম কি নকৰিম এই লৈ চিন্তাত পৰিলোঁ। লক্ষণ শৰ্মাই পুনৰ সুধিলে - কি হ'ল। যাৱ নেকি?
আমাৰ দুয়োৰে মাজৰ আলোচনা মৰ্মে ঠিক হ'ল যে শৰ্মাৰ লগতে মই কমাৰ গাৱলৈ যাম আৰু তেওঁৰ ঘৰতে নিশা কটাই পিছদিনা আইদেউৰ ঘৰলৈ যাম।
সেই মতে যাৱলৈ ওলাওতেই বন্ধু তথা গোলাঘাটৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী অৰ্পূব বল্লভ গোস্বামী আহি ওলালহি। তেওঁক মোৰ কমাৰগাও যাত্ৰাৰ কথা কৈ সকলো ভাঙি পাতি কোৱাৰ পাছত তেওঁ তেওঁৰ গাড়ীৰেই যোৱাৰ প্ৰস্তাৱ দিলে। ময়ো ভালেই পালো। লগে লগে হাতত কলম-কাগজ, কেমেৰা ( তেতিয়া ৰীলৰ কেমেৰাহে আছিল) লৈ দুয়ো বন্ধু ওলালো অসমীয়া ছবি জগতৰ প্ৰথম গৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ ঘৰ অভিমুখে।
গোলাঘাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীদিহিঙীয়া গাৱৰ পথৰ একেবাৰে কাষতেই আইদেউৰ ঘৰ। বাটৰুৱাই দেখুৱাই দিয়া মতে কংক্ৰিতৰ ঘৰ এটাৰ দুৱাৰত টোকৰ দিলোগৈ। কলিংবেল আছিল, কিন্তু নেবাজিলে। বোধহয় কাৰেণ্ট নাই। কমবয়সীয়া বোৱাৰী এগৰাকী ওলাই আহিল । আমি আইদেউৰ কথা সুধিলো। তেওঁ কিছু সময় নিৰৱে ৰল। এনে লাগিল যেন তেওঁ আমাৰ কথাত অসন্তুষ্ট হৈছে ! তথাপি তেওঁ একেটা চৌহদৰে কিছু নিলগত বাৰীৰ মাজত থকা পজাঁঘৰ এটা দেখুৱাই ক'লে সৌ তাতেই লগ পাব - এইবুলি তেওঁ দুৱাৰ মাৰি দিলে। আমি অলপ অস্বস্থিত পৰিছিলো যদিও আমি তেওঁ দেখুৱাই দিয়া মতেই ঘৰটোৰ ফালে আগবাঢ়িলো। ঘৰটোৰ সমুখত থিয় হৈয়ে আমি ঘৰটোলৈ চালো। সাধাৰণ এটা জুপুৰী সদৃশ পজাঁঘৰ। ভাবিলে বিশ্বাসেই নহয় যে এই ঘৰটোতে অসমীয়া চলচ্চিত্ৰ ৰ প্ৰথম গৰাকী নায়িকা আইদেউ সন্দিকৈ বাস কৰে। দুৱাৰখন ঠেলি সোমাই গলো। ভিতৰত এখন সাধাৰণ কাঠৰ চাঙত এগৰাকী পৌঢ়া। পিন্ধি থকা মলিয়ন বগা ৰঙৰ কাপোৰ যোৰৰ মাজত তেওঁৰ তেজাল গালৰ ধকধকীয়া বগা চালে চাই থাকিবলৈ মন যোৱা মুখ খন জিলিকি আছিল। বিছনা চাদৰ,গাৰু আদিৰো অৱস্থা নাই। মজিয়া খন কেচু মোটাৰে ভৰি আছিল। আমি বহিবলৈ চকী বাদেই টোল বা মুঢ়া এটাও নাছিল। আমি আমাৰ পৰিচয় দিলো। মিচিকীয়া হাহি এটা মাৰি তেওঁ শুৱাৰ পৰা উঠি বহি লৈ আক্ষেপ প্ৰকাশ কৰি কলে - কি কৰিবা মোৰ ইয়াত বহিবলৈ ঠাই নাই।
আমি মাত্ৰ কলো - আমাৰ একো অসুবিধা নাই। থিয়ৈ দিয়েই এই কথা পাতিম।
আৰম্ভ হ'ল অসমীয়া চলচ্চিত্ৰ জগতৰ সেই সোণালী অধ্যায়ৰ আলোচনা। দুৱাৰে দি দেখি থকা নীলাভ আকাশখনৰ দূৰ দিগন্তৰ ফালে দৃষ্টি নিক্ষেপ কৰি তেওঁ কৈ গ'ল অসমীয়া চলচ্চিত্ৰ জগতৰ সেই স্বৰ্ণযুগৰ আৰম্ভণিৰ কথা।
-- বোপাই হঁত অ'। আমাৰ দিনবোৰ আজিৰ দৰে নাছিল। পুৰুষ বোৰৰ কথা সুকীয়া। কিন্তু আমাৰ ছোৱালী বোৰৰ কোনো স্বাধীনতা নাছিল। অভিনয় আমাৰ বাবে আছিল সপোনৰো অগোচৰ। অভিনয়কে ধৰি কিছুমান কাম- কাজত মহিলা বা ছোৱালীক অলিখিত ভাৱে নিষিদ্ধ কৰা হৈছিল।
তেওঁৰ কথাৰ পৰা আমি বুজি পাইছিলো যে সেই সময়ৰ ৰক্ষণশীল সমাজখন মহিলা বা ছোৱালীৰ ক্ষেত্ৰত কিমান কঠোৰ আছিল।
তেওঁ কৈ গ'ল কেনেকৈ ডিম্বেশ্বৰ (বৰগোহাঁই) ককাইদেৱে তেওক জয়মতী অভিনয় কৰাবৰ বাবে লৈ গৈছিল। কেনেদৰে জ্যোতিপ্ৰসাদ, ফণী শৰ্মা আদিক লগ পাইছিল। অতীত খুচুৰি তেওঁ কৈ গ'ল কেনেদৰে জয়মতীত অভিনয় কৰিছিল , কেনেকৈ চাওদাং ৰূপী ফণী শৰ্মা ৰ চমতাৰ কোৱ ভূলবশত: ককাঁলৰ ঢকুৱা বন্ধা ঠাইত নপৰি অন্যঠাইত পৰিল। তেওঁ বৰ্ণনা কৰিলে জয়মতীৰ ছুটিঙৰ বহু তিতা -মিঠা বহু অভিজ্ঞতাৰ কথা। তেওঁ আৰু কৈ গ'ল যে সেই নিষ্ঠুৰ অতীত অতীত এখন চোকা তৰোৱালৰ দৰে আজিও তেওঁৰ ডিঙিৰ কাষত ওলমি ৰৈছে।
জয়মতীৰ শ্বুটিং শেষ কৰি ঘৰলৈ ওভতাই অহাৰ পাছত তেওঁৰ বাবে যেন দাঁত মুখ কৰচি ৰৈ আছিল সমাজ নামৰ এক ভয়ংকৰ দৈত্য ! যি খন ঘৰত তেওঁ এদিন জন্মগ্ৰহণ কৰিছিল সেইখন ঘৰত তেওক সোমাবলৈ দিয়া নহ'ল। কেউফালে তেওক লৈ আৰম্ভ হল কুৎসা ৰতনা। তেওঁৰ পৰিয়ালে নিষ্ঠুৰ সমাজ খনৰ আদেশ সাৰোগত কৰি বাৰীত পৃথক কৈ এটা পজাঁঘৰ সাজি দি তেওক তাতে থাকিবলৈ দিলে। আইদদেৱে আমাৰ সমুখত স্মৰণ কৰিলে যে কেনে দৰে তেওক দূপৰীয়া গধূলিৰ আহাৰ ঘৰটোতে যোগান ধৰা হয়। আনকি পৰিস্থিতি সাপেক্ষে কেতিয়াবা লঘোনে ভোকেও থাকিব লগীয়া হোৱাৰ কথাও তেওঁ বৰ্ণনা কৰিলে। এবাৰ বসন্ত ৰোগত আক্ৰান্ত হোৱাত তেওঁৰ ওচৰ কোনোৱে নচপাৰ কথা উল্লেখ কৰি তেওঁ কয় মাত্ৰ এটা সৰু লৰাই লুকাই চোৰকৈ তেওক পিয়াহত অলপ পানী আৰু ভোকত এমুঠি ভাত দিছিল। প্ৰায় চাৰি ঘণ্টা ধৰি আমাৰ বাৰ্তালাপৰ শেষত তেওঁ কলে যে তেওঁ ককাঁলৰ বিষয়ত ভোগিছে। জয়মতীৰ ছুটিঙৰ সময়ত চাওদাঙৰ মাৰ খোৱাৰ পাছৰ পৰাই
তেওঁৰ ককালৰ বিষ আৰম্ভ হ'ল আৰু এতিয়া সেইবোৰ বৰকৈ উক দিবলৈ লৈছে। তেওঁ ইয়াকো কলে যে তেওঁ চিকিৎসাৰ অভাৱত ভোগিছে আৰু এখন চকা লগা চকী (হুইল চেয়াৰ)ৰ তেওঁৰ বৰ প্ৰয়োজন হৈছে।
অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম গৰাকী অভিনেত্ৰীৰ অতীত আৰু বৰ্তমানৰ কথাবোৰে আমাৰ মনবোৰ গধূৰ কৰি তুলিলে। গাড়ীত গোলাঘাট অভিমুখে আহি থাকোতে আমাৰ কাৰো মুখত মাত নাছিল।
সেই দিনাই সন্ধিয়া আমি গোলাঘাট জিলা উপায়ুক্ত জীৱন চন্দ্ৰ পেগু (বৰ্তমান প্ৰয়াত)ৰ চৰকাৰী বাসভৱন পালোগৈ। তেওক সকলো খুলি কলো। তেওঁ পিছ দিনাই আইদেউৰ ঘৰলৈ গৈ তথা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিলে।
দুদিন পাছত "অসমীয়া প্ৰতিদিন" কাকতৰ প্ৰথম পৃষ্ঠাতে বৰ বৰ বৰফেৰে প্ৰকাশ হ'ল" এখন হুইল চেয়াৰৰ অপেক্ষাত অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম গৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ" লগতে এখন আইদেউৰ ফাইল চিত্ৰ ও প্ৰকাশ হ'ল।
নিজৰ জীৱন - যৌৱনৰ সুখ স্বাচন্দ্য ত্যাগী অসমীয়া সংস্কৃতিৰ জৰিয়তে সেই সময়ৰ ৰক্ষণশীল সমাজখনৰ এলান্ধু কলীয়া ৰীতি নীতি ভৰিৰে গচকি থানবান কৰি উত্তৰ পুৰুষৰ বাবে এক নিষ্কণ্টক পথ প্ৰশস্ত কৰা আইদেউৰ সমৰ্পিত জীৱন - কাহিনীৰ সেই বাতৰি অসমৰ সৰ্বাধিক প্ৰচাৰিত কাকত "অসমীয়া প্ৰতিদিনে" ৰজাঘৰৰ লগতে পজাঘৰতো বিলাই দিয়াৰ পাছত কেওফালে প্ৰতিক্ৰিয়াৰ সৃষ্টি হল। আইদেউৰ ঘৰলৈ সোত ববলৈ ধৰিলে গোলাঘাট জিলাৰ ডিচি,এছপি সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত তৰুণ গগৈ, মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, অভিনেতা প্ৰয়াত নিপন গোস্বামী,বিজু ফুকনকে ধৰি ৰাজ্যৰ সাংস্কৃতিক,ৰাজনৈতিক , সামাজিক জগতৰ বহু ব্যক্তি তথা সংগঠনৰ। পৰিস্থিতি এনে হ'ল গৈ যে পুৱাৰ পৰা মাজনিশালৈকে সেই কেইদিন আইদেউৰ ঘৰ ভৰি থাকিবলৈ ল'লে।
তিনিদিনৰ পাছত মই ,মোৰ পুত্ৰ অংকুৰ ( তেতিয়া সি তিনি বছৰীয়া) আৰু অপূৰ্ব বল্লভ গোস্বামী আইদেউ সন্দিকৈৰ ঘৰলৈ গৈ যি দেখিলোঁ যি শুনিলো সেয়াই আমাৰ মন প্ৰাণ ভৰাই পেলালে। আগৰ সেই কেচু মোটাৰে ভৰা জুপুৰী সদৃশ ঘৰটোত আইদেউ নাই। তেওঁক স্থানান্তৰ কৰা হ'ল কাষৰ পকী ঘৰটোলৈ। মানে আইদেউৰ জন্ম ভেটীটোলৈ। ভিতৰত সোমাই আমাৰ আৰু অবাক হোৱাৰ পাল। চ'ৰাঘৰটোৰ এখন সু সজ্জিত পালেঙত ঢকঢকীয়া বগা চাদৰ মেখেলা পৰিধান কৰি আইদেউ বহি আছিল। আমাক দেখি তেওঁ মিচিকীয়া হাহি এটা মাৰি বহিবলৈ কলে। বহুত মানুহ। বিৰ দি বাত নোপোৱাৰ অৱস্থা। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহিছে অসমীয়া চলচ্চিত্ৰ ৰ প্ৰথম অভিনেত্ৰী গৰাকী অভিনেত্ৰীক চাবলৈ। প্ৰত্যেকৰে হাতে হাতে কিবা নহয় কিবা উপহাৰ। গামোচা,শৰাই,সফুৰা আৰু অন্যান্য উপহাৰেৰে আইদেউৰ ঘৰ ভৰি পৰিল। আইদেউৰ বিছনাৰ কাষত দেখিলো তেওৰ বহু আকাংক্ষিত এখন চকা লগা চকী( হুইল চেয়াৰ) । সুধি পুছি গম পালো যে "অসমীয়া প্ৰতিদিন"ত আইদেউৰ সংবাদ প্ৰকাশ হোৱাৰ পিছতে সাংস্কৃতিক জগতৰ এটি সংগঠনে সেইখন আইদেউক প্ৰদান কৰিছে।
বাতৰিৰ প্ৰভাৱ দেখি মনটো ভাল লাগি গল।
এটা আত্ম সন্তোষ্টীৰে ভৰপুৰ মন লৈ ঘৰলৈ ঘূৰি অহাৰ পথত চালকৰ আসনত থকা বন্ধু বৰ অপূৰ্ব বল্লভ গোস্বামীয়ে হঠাৎ সুধিলে- সাংবাদিক কেনেকৈ হব পাৰি? হঠাৎ প্ৰশ্নটো শুনি মই প্ৰশ্নবোধক দৃষ্টিৰে তেওঁলৈ চালো। তেওঁ কোনো পাতনি নেমেলি কলে- ময়ো সংবাদ সেৱা কৰিব বিচাৰো। কাৰণ সাংবাদিকৰ কলমৰ শক্তি মই আজি বাৰুকৈয়ে উপলদ্ধি কৰিছো। এজন সাংবাদিকৰ এটা বাতৰিয়ে ইমান পৰিবৰ্তন আনিব পাৰে বুলি মই আগতে ভৱা নাছিলো।
সেয়াই আৰম্ভণি। "অধুনালুপ্ত "আজিৰ বাতৰি"ৰ যোগেদি তেও সংবাদ সেৱা আৰম্ভ কৰিলে। তাৰ পাছত সাহিত্যৰ জগতত খনত তেওঁ প্ৰৱেশ কৰিলে। সাংবাদিক আৰু সাহিত্যিক পৰিচয়ৰ আঁৰত তেওৰ পূৰ্বৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ পৰিচয় লুকাই পৰিল। তেওঁ নিজৰ লেখনীৰ জৰিয়তে এজন সফল সাংবাদিক আৰু প্ৰকৃতি প্ৰেমী ৰূপে সমাজত এক সুকীয়া পৰিচয় লাভ কৰিলে। বহু বঁটা বাহনেৰেও তেওঁ সন্মানিত হ'ল। বৰ্তমান তেওঁৰ এজন জ্যেষ্ঠসাংবাদিক আৰু প্ৰকৃতি প্ৰেমী ৰূপে সমাজত এক সুকীয়া পৰিচয় আছে। শেষত জয়মতীৰ মুক্তিৰ ৮৮ বছৰৰ পাছত ছবিখনৰ মূল চালিকা শক্তি জ্যোতিপ্ৰসাদ আগৰৱালা,আইদেউ সন্দিকৈ ধৰি সকলো অভিনেতা অভিনেত্ৰী আৰু কলা কুশলীলৈ গভীৰ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিলো।
বিকাশ শৰ্মা, সংবাদদাতা, অসমীয়া প্ৰতিদিন, গোলাঘাট।
 
==জন্ম আৰু শৈশৱ==