মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
কায়স্থ হয়। কলিতা নহয়
টেগ্‌: মেনুৱেল ৰিভাৰ্ট উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
21 নং শাৰী:
১৪৮৯ চনত [[নাৰায়ণপুৰ]] নামে ঠাইৰ [[ৰঙাজান]] আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত [[লেতেকুপুখুৰী]] নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।<ref name="assaminfo1"/> প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়।
 
ধবলা নৈৰ পাৰত থকা '''বাণ্ডুকা''' নামে ঠাইত মহোদৰ ভূঞা নামেৰে এজন কলিতা(কায়স্থ) আছিল। তেওঁক গোবিন্দ, দীঘলপূৰীয়া, বৰকণাগিৰি আদি নামেৰে জনা গৈছিল। এই মহোদৰ ভূঞাই বাণ্ডুকাত ৰজাৰ মজিন্দাৰী কাম কৰিছিল। তেওঁৰ প্ৰথমা পত্নীৰ নাম আছিল অনুচিতা। মহোদৰ ভূঞাই তেওঁৰ পত্নী অনুচিতাৰ মৃত্যুৰ পাছত মনত বৈৰাগ্য ভাৱৰ উদ্ৰেক হোৱাত ৰজাঘৰীয়া বিষয়-বাব এৰি আহি বৰদোৱাত থাকিবলৈ লয়। তাতে শংকৰদেৱক লগ পোৱাত টেম্পাৰাণি বান্ধতে ঘৰ-বাৰী সাজি বসতি কৰিবলৈ ল'লে। ইয়াতে তেখেতে শংকৰদেৱৰ খুড়াকৰ জীয়েক মনোৰমাক বিয়া কৰায়।
 
বৰদোৱাত থকাৰ কালতে কছাৰীসকলৰ উপদ্ৰৱত থাকিব নোৱাৰি শংকৰদেৱৰ লগতে মহোদৰ ভূঞাও উত্তৰ পাৰলৈ উঠি আহিল। উত্তৰ পাৰলৈ আহি থাকোঁতে বাটতে অসম ৰজাৰ উজীৰ হৰশিঙা বৰাই লগ পাই দুয়োকে লগতে লৈ আহিল। উজীৰৰ নাৱৰ মাজীজনৰ নাম আছিল গোবিন্দ। তেখেতৰ ঘৰ আছিল 'ঘাগৰবালি' নামে ঠাইত। সেয়েহে তেখেতে 'ঘাগৰী মাজী' নামেৰেও প্ৰখ্যাত আছিল। নাৱতে ঘাগৰী মাজীৰ লগত হোৱা মহোদৰ ভূঞাৰ বন্ধুত্বই এসময়ত সখিত্বত পৰিণত হ'ল। মহোদৰ আতাক হৰশিঙা উজীৰে ঘৰতে দাস-দাসী দি থাকিবলৈ সুবিধা কৰি দিলে।
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে