মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
17 নং শাৰী:
'''মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ''' (১৪৮৯-১৫৯৬) [[অসম]]ৰ মহাপুৰুষীয়া ধৰ্ম বা [[এক শৰণ নাম ধৰ্ম]] প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ অন্যতম প্ৰধান শিষ্য আছিল<ref name="assaminfo1">{{cite web|url=http://www.assaminfo.com/famous-people/52/mahapurush-srimanta-madhabdeva.htm |title=Mahapurush Srimanta Madhabdeva &#124; Srimanta Madhabdeva &#124; Mahapurush Madhabdeva &#124; Madhabdeva &#124; Sri Sri Madhabdeva &#124; History of Madhabdeva |publisher=Assaminfo.com |date= |accessdate=2013-03-16}}</ref>। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি<ref name="assaminfo1"/>।
 
১৪৮৯ চনত [[নাৰায়ণপুৰ]] নামে ঠাইৰ [[ৰঙাজান]] আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত [[লেতেকুপুখুৰী]] নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।<ref name="assaminfo1info1"/> প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়।
==পূৰ্বপুৰুষ আৰু জন্ম==
[[File:মাধৱদেৱৰ জন্মস্থান ভৱনৰ আলোকচিত্ৰ২.jpg|thumb|মাধৱদেৱৰ জন্মস্থান ]]
১৪৮৯ চনত [[নাৰায়ণপুৰ]] নামে ঠাইৰ [[ৰঙাজান]] আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত [[লেতেকুপুখুৰী]] নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।<ref name="assaminfo1"/> প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়।
 
ধবলা নৈৰ পাৰত থকা '''বাণ্ডুকা''' নামে ঠাইত মহোদৰ ভূঞা নামেৰে এজন কলিতা(কায়স্থ) আছিল। তেওঁক গোবিন্দ, দীঘলপূৰীয়া, বৰকণাগিৰি আদি নামেৰে জনা গৈছিল। এই মহোদৰ ভূঞাই বাণ্ডুকাত ৰজাৰ মজিন্দাৰী কাম কৰিছিল। তেওঁৰ প্ৰথমা পত্নীৰ নাম আছিল অনুচিতা। মহোদৰ ভূঞাই তেওঁৰ পত্নী অনুচিতাৰ মৃত্যুৰ পাছত মনত বৈৰাগ্য ভাৱৰ উদ্ৰেক হোৱাত ৰজাঘৰীয়া বিষয়-বাব এৰি আহি বৰদোৱাত থাকিবলৈ লয়। তাতে শংকৰদেৱক লগ পোৱাত টেম্পাৰাণি বান্ধতে ঘৰ-বাৰী সাজি বসতি কৰিবলৈ ল'লে। ইয়াতে তেখেতে শংকৰদেৱৰ খুড়াকৰ জীয়েক মনোৰমাক বিয়া কৰায়।
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে