ইন্দিৰা মিৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎কৰ্ম জীৱন: (নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
→‎কৰ্ম জীৱন: বৰ্ণাশুদ্ধি
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
50 নং শাৰী:
 
== কৰ্ম জীৱন ==
১৯৪৭ চনত ইন্দিৰা মিৰি ভাৰতলৈ উভতি আহে। তাৰ পিছতে [[ভাৰত চৰকাৰে|ভাৰত চৰকাৰে]] [[নেফা|নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সী]] (চমুকৈ নেফা)-ৰ অবিভক্ত লোকসকলৰ শিক্ষাৰ উন্নতিৰ কাৰণে শিক্ষা বিষয়া হিচাপে ইন্দিৰা মিৰিক নিয়োগ কৰে। তেওঁ ১৯৪৭ চনৰ অক্টোবৰ মাহত [[শদিয়া]]ত শিক্ষা বিষয়া হিচাপে যোগদান কৰে। প্ৰথমতে, ইন্দিৰা মিৰিয়ে [[পাছিঘাট]] আৰু [[শদিয়া]] ভ্ৰমণ কৰে।<ref name="zoom" /> সেই সময়তে তেওঁ শদিয়াত এটা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে।<ref>[http://books.google.co.in/books?id=CgcfXjMcgZkC&pg=PA143&lpg=PA143&dq=Indira+miri&source=bl&ots=5itOQz68cv&sig=dE7AtcNDdl4EKdMwuk1tTQq_yVQ&hl=en#v=onepage&q=Indira%20miri&f=false] Education In Arunachal Pradesh Since 1947: Constraints, Opportunities, Initiatives and Needs. By Joram Begi সংগ্ৰহৰ সময়- ০৩ ফেব্ৰুৱাৰী ২০১২</ref> নেফাত চাকৰিত যোগদান কৰাৰ সময়ত সমগ্ৰ নেফা(নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী) অঞ্চলত মাত্ৰ দুখন স্কুল আছিল। ইয়াৰে এখন আছিল পাছিঘাটত আৰু আনখন আছিল মেকাত (লোহিত জিলা)।<ref name="বৰেণ্য ব্যক্তিত্ব"></ref> মিৰিয়ে বিভিন্ন অঞ্চলৰ ভিতৰুৱা গাঁওসমূহগাওঁসমূহ খোজকাঢ়ি অথবা হাতীৰ পিঠিত উঠি পৰিভ্ৰমণ কৰিছিল। [[১৯৫০ অসম ভূমিকম্প|১৯৫০ চনৰ ভূমিকম্প]]ত [[শদিয়া]]কে ধৰি [[নেফা]]ৰ বহুতো ঠাইৰ ক্ষয়-ক্ষতি হয়। ইন্দিৰা মিৰিৰ নেতৃত্বত এই অঞ্চলসমূহত সাহায্য আগবঢ়োৱা হৈছিল।
 
১৯৫৭ চনত তেওঁ নেফা(নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী)ৰ পৰা গুছি আহে। সেই সময়ছোৱাত তেতিয়ালৈকে নেফাত প্ৰায় ১০০০খন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।<ref name="zoom" /> তাৰ পিছত ইন্দিৰা মিৰিয়ে যোৰহাটৰ বিটি কলেজত প্ৰতিষ্ঠাপক অধ্যক্ষ হিচেপে যোগদান কৰে<ref name="বৰেণ্য ব্যক্তিত্ব"></ref>। ১৯৬৮ চনত তাৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু [[গুৱাহাটী]]লৈ উভতি আহে। গুৱাহাটীত তেওঁ বাণীকান্ত বি টি কলেজৰ অধ্যক্ষা হিচাপে নিযুক্ত হয়। এই পদৰপৰা ১৯৮৭ চনত অৱসৰ লয় আৰু সমাজ কল্যাণ পৰিষদত সভানেত্ৰী হিচাপে যোগদান কৰে। তেওঁ গুৱাহাটী কন্যা মহাবিদ্যালয়ৰো প্ৰতিষ্ঠাপক অধ্যক্ষা আছিল।<ref name="বৰেণ্য ব্যক্তিত্ব"></ref> ইয়াৰ উপৰি তেওঁ দুটা কাৰ্যকালৰ বাবে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিল।<ref name="zoom" />