এ পি জে আব্দুল কালাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Rescuing 19 sources and tagging 0 as dead.) #IABot (v2.0.9.5
Useful for me
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
26 নং শাৰী:
| data1 = [[অগ্নিৰ ডেউকা]]
}}
'''আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম''' ({{lang-en|Avul Pakir Jainulabdeen Abdul Kalam}}, {{audio|AbdulKalam.ogg|উচ্চাৰণ}}; {{lang-ta|ஆவுல் பக்கிர் ஜைனுலாபுதீன் அப்துல் கலாம்}}; ১৫ অক্টোবৰ ১৯৩১- ২৭ জুলাই ২০১৫) সৰ্বপৰিচিত নাম '''ড॰ এ পি জে আব্দুল কালাম''', হৈছে এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন [[ভাৰতৰ ৰাষ্ট্ৰপতিসকল|ৰাষ্ট্ৰপতি]]। কালামৰ জন্ম আৰু শৈশৱ [[তামিলনাডু]]ৰ [[ৰামেশ্বৰম]] নামে ঠাইত হৈছিল। তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা [[পদাৰ্থ বিজ্ঞান]] আৰু [[চেন্নাই]]ৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা [[এৰ'স্পেছ ইঞ্জিনিয়াৰিং]] বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।
 
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে তেখেত এজন এৰ'স্পেছ অভিযন্তা হিচাপে [[প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন]] (ডি আৰ ডি অ') আৰু [[ভাৰতীয় মহাকাশ গৱেষণা সংস্থা]]ত (ইছৰো) কাৰ্যনিৰ্বাহ কৰিছিল।<ref name=Britannica /> কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে "ভাৰতৰ মিছাইল মানৱ"। ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু [[উপগ্ৰহ উৎক্ষেপণ যান]] প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে।<ref>{{Cite book|first=R. K.|last=Pruthi |url=http://books.google.com/?id=Ee3PR5HFBCAC| title=President A.P.J. Abdul Kalam| publisher=Anmol Publication| year =2005|isbn= 978-81-261-1344-6| chapter= Ch. 4. Missile Man of India| pages=61–76}}</ref> ১৯৭৪ চনৰ প্ৰথম নিউক্লীয় পৰীক্ষাৰ পাছত ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" পাৰমাণৱিক পৰীক্ষণত কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল। তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে [[হোমি জাহাংগীৰ ভাবা]] আৰু [[বিক্ৰম সাৰাভাই]]য়ে কৰি থৈ যোৱা কামখিনি আগবঢ়াই নিছিল।<ref>{{Cite book| first=Amartya|last= Sen |url= http://books.google.com/?id=IjZA-bQde1wC&pg=RA1-PA169|chapter=India and the Bomb|title= Prisoners of the Nuclear Dream| editors= M. V. Ramana and C. Rammanohar Reddy| pages=167–188| publisher=Sangam Book| year=2003|isbn=978-81-250-2477-4}}</ref>
 
২০০২ চনত কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়। তেখেতলৈ ভাৰতৰ দুই মুখ্য ৰাজনৈতিক দল [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] আৰু [[ভাৰতীয় জনতা পাৰ্টি]]য়ে সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পাছত তেখেতে [[ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদ]] আৰু [[ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডোৰ]]ৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপুৰমৰ ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান ([[:en:Indian Institute of Space Science and Technology Thiruvananthapuram|Indian Institute of Space Science and Technology Thiruvananthapuram]])-ৰ চেঞ্চেলৰ, চেন্নাইৰ [[আন্না বিশ্ববিদ্যালয়]]ৰ এৰ'স্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰিও [[মহীশূৰ]]ৰ JSS বিশ্ববিদ্যলয়ৰ লগতে আন কেইবাখনো শিক্ষা আৰু গৱে‍ষণা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক বা অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
 
২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্য্যাদালৈ লৈ যাবৰ বাবে কালামে তেখেতৰ [[ইণ্ডিয়া ২০২০]] নামৰ পুথিখনৰ যোগেদি নিজৰ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়াইছিল। অনূদিত ৰূপত তেখেতৰ দ্বাৰা ৰচিত পুথিসমূহে [[দক্ষিণ কোৰিয়া]]কে ধৰি নানান দেশত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে।<ref>{{cite book |title= Spirit of India |last= A.P.J.Abdul |first= Kalam|year= 2012-06 |publisher= Reem Publications Pvt.ltd.|isbn= 8183512046|url= http://goarticles.com/article/Spirit-of-India-Book-Summary-Review-and-Plot/6584069/}}</ref> জীৱনকালত তেখেতে বিভিন্ন সন্মানীয় পুৰস্কাৰৰ লগতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান [[ভাৰত ৰত্ন]]ৰেও বিভূষিত হৈছে। বি‍শেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ উৎসাহমূলক বক্তৃতা আৰু আলোচনা সমূহৰ বাবে তেখেত যুৱ প্ৰজন্মৰ মাজতো অতি জনপ্ৰিয় আছিল।<ref>{{cite news|title=Dr A P J Abdul Kalam visits Rukmini Devi Public School|url=http://www.indianexpress.com/news/school-notes-dr-a-p-j-abdul-kalam-visits-rukmini-devi-public-school/943123/|publisher=The Indian Express |date=30 April 2012 |accessdate=2012-07-06 }}</ref> যুৱ প্ৰজন্মৰ বাবে তেখেতে ২০১১ চনত "মই কি দিব পাৰোঁ" (What Can I Give Movement) নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ। তথাপিও ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত ক্ষমাদানৰ আবেদন আৰু শাস্তিপ্ৰদানৰ ক্ষেত্ৰত পলম কৰাৰ বাবে কালাম সমালোচনাৰ সন্মুখীন হৈছিল।
 
২০১৫ চনৰ ২৭ জুলাইত [[শ্বিলং|শ্বিলঙ]]ৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।