পঁচতি উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
10 নং শাৰী:
|significance =
}}
'''পঁচতি,পাঁচতি বা পাঁচেতি''' শব্দৰ সাধাৰণ অৰ্থ হ'ল: ল'ৰা-ছোৱালী ভূমিষ্ঠ হোৱাৰ পাঁচ দিনৰ দিনা কৰা জন্ম কৃত্য।<ref>{{cite web|url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9f09aa9c799f9be-9b89a49cd9f09f0-9aa99a9a49bf|title=বৰপেটা সত্ৰৰ পচতি|author=মণ্টুৰাম দাস,দৈনিক অসম}}</ref> পিছে পঁচতি / '''পঁচতি,পাঁচতি বা পাঁচেতি''' বুলিলে আমি সাধাৰণ শিশুৰ জন্মৰ পঞ্চম দিৱসৰ উৎসৱক নুবুজোঁ; বুজোঁ চিৰশিশু [[কৃষ্ণ|শ্ৰীকৃষ্ণৰ]] জন্মাষ্টমীৰ পাঁচদিনৰ পাছত উদ্যাপিত উৎসৱটোকহে।<ref>অসমৰ সংস্কৃিত কোষ, ড॰ নাৰাষণ দাস, পৰমানন্দ ৰাজবংশী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃষ্ঠা-৩৭৫,</ref> জন্মাষ্টমীৰ পৰৱৰ্তী দিনটো নন্দোৎসৱৰূপে জনা যায়; কাৰণ সেইদিনা নন্দৰ পুৰীত উৎসৱৰ আয়োজন কৰা হৈছিল। '''পঁচতি,পাঁচতি বা পাঁচেতি''' নন্দোৎসৱৰ পৰৱৰ্তী উৎসৱ। সাধাৰণতে পঁচতিপাঁচেতি উৎসৱ [[জন্মাষ্টমী]]ৰ পাঁচদিনত পাতিব লাগে কোনো কোনো ঠাইত [[নন্দোৎসৱ]] অথবা তাৰ পাছদিনাই এই উৎসৱ উদ্‌যাপন কৰা দেখা যায়।
 
'''পঁচতি,পাঁচতি বা পাঁচেতি''' আইসকলৰ উৎসৱ। নাট-ভাওনাৰ ভালেখিনি লক্ষণ ইয়াত বিদ্যমান। ইয়াৰ নায়িকা যশোদা। গৰ্গমুনি, পুতনা, গোপ- গোপী আদি পাৰ্শ্ব চৰিত্ৰ। [[যশোদা]]ৰ ভাও লোৱা তিৰোতাগৰাকী ব্ৰতত থকা প্ৰয়োজন। তেওঁ পুত্ৰৰ সৈতে ৰঙ্গমঞ্চৰ একাষত বহে। ছয়জনী সৰু ছোৱালীয়ে হাতত চাউল, আৰু লাড়ু লৈ ৰঙ্গমঞ্চলৈ আহি যশোদাৰ চাৰিওফালে প্ৰদক্ষিণ কৰি তেওঁৰ মূৰত চাই ছটিয়ায়। নন্দ জায়াই এবাৰ প্ৰদক্ষিণৰ গোপী এজনীৰপৰা ফল এটি গ্ৰহণ কৰি সেই কৃষ্ণলৈ আগবঢ়ায়। হাতত পুথি-পাঁজি লৈ শ্ৰীকৃষ্ণৰ নামকৰণ উপলক্ষে গৰ্গমুনিয়ে প্ৰৱেশ কৰাৰ লগে লগে তিৰোতাসকলে শ্ৰীকৃষ্ণৰ গালৈ হালধি পানী ছটিয়াবলৈ আৰম্ভ কৰে। তিৰোতাসকল হালধিৰ পানীত তিতি জুৰুলি জুপুৰি হয়। ইমানতে শেষ হয় আগ পঁচতি উৎসৱ। আবেলি আৰম্ভ হয় পিছ পঁচতিৰ। পুতনাবধ এই অংশৰ এই আকৰ্ষণ বিন্দু।<ref name="ask">অসমৰ সংস্কৃিত কোষ, পৃষ্ঠা-৩৭৫</ref>
 
পুৰণি অসমীয়া সাহিত্যত পঁচতি উৎসৱৰ আলমত দুখনি নাট পোৱা যায়। তাৰে। এখনৰ ৰচয়িতা হ'ল [[কামৰূপ]]ৰ ওপৰভাগ মৌজাৰ কঁহাৰজাৰ (ঝাৰ) গাঁৱৰ দ্বিজ ৰমাকান্ত। নাটখনিত আদ্য দশমৰ প্ৰভাৱ মচিব নোৱাৰা। দ্বিতীয়খনি পঁচতিৰ ৰচয়িতা হ'ল- মাধৱ দত্ত। নাটখনিৰ বিষয় বস্তুত আছে- শ্ৰীকৃষ্ণৰ জন্ম, দৈৱকী বসুদেৱৰ স্তুতি, জন্মোৎসৱ আৰু পুতনা বধ। ড॰ [[বিৰিঞ্চি কুমাৰ বৰুৱা]]ৰ মতে, পঁচতি গোৱা দস্তুৰটো প্ৰাক শংকৰ যুগৰেপৰা চলি অহা। মহাপুৰুষ শংকৰদেৱে ইয়াত নতুন ৰহণ চৰায়। অসমৰ সত্ৰসমূহত এই পঁচতি উৎসৱ উলহ-মালহেৰে পালন কৰা হয়।<ref name="ask"/>