শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

78 নং শাৰী:
 
==শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি==
সত্তৰ দশকত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম হৈছিল। ভাৰতবৰ্ষই [[পূব পাকিস্তান|বাংলাদেশ]]ক স্বাধীনতাৰ বাবে সহায় কৰিছিল।<ref name="ধ্বংস">{{cite journal | title=শৰাইঘাট! শৰাইঘাট! | author=বাদল দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১০}}</ref> [[ভাৰতীয় বিমান বাহিনী]]ৰ বিমানে [[তেজপুৰ]]ৰ [[শালনী বিমানবন্দৰ]]ৰ পৰা উৰা মাৰি [[ঢাকা]]ৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত পাকিস্তানৰ কেইবাখনো আমেৰিকান যুঁজাৰু বিমান ধ্বংস হৈছিল।<ref name="ধ্বংস" /> ইয়াৰ প্ৰতিশোধ ল’বৰ বাবে পাকিস্তানী বিমান বাহিনীয়ে একেদিনাই শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি কৰিছিল। শৰাইঘাট দলঙৰ ওপৰত বোমা বৰ্ষণ কৰিব বুলি ভাৰতীয় চোৰাংচোৱাই আগতীয়াকৈ গোপন বাৰ্তা পাইছিল।<ref name="ধ্বংস" /> পাকিস্তানী সৈন্যৰ প্ৰথম লক্ষ্য শৰাইঘাট দলঙ আৰু দ্বিতীয় লক্ষ্য [[গুৱাহাটী]] আছিল।<ref name="ধ্বংস" /> কাৰণ, সেই সময়ৰ [[উত্তৰ-পূৰ্বাঞ্চল]]ৰ মূল কেন্দ্ৰ আছিল [[গুৱাহাটী]] আৰু ভাৰতৰ অন্য স্থানৰ লগত ইয়াৰ যোগাযোগৰ একমাত্ৰ পথ আছিল শৰাইঘাট দলঙ।
 
===ভাৰতীয় সেনা বাহিনীৰ প্ৰত্যুত্তৰ===