মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

134 নং শাৰী:
 
১৯৩৪ চনৰ গ্ৰীষ্ম কালত গান্ধীৰ জীৱনৰ ওপৰত তিনিটাকৈ আক্ৰমণ হৈছিল।<ref name="Pyarelal1956">Pyarelal, (1956).</ref><ref name="JonesRyan2007">Jones & Ryan (2007). [http://books.google.com/books?id=hZET2sSUVsgC&pg=PA160 p. 160].</ref>
 
===কংগ্ৰেছ ৰাজনীতি===
১৯৩৪ চনত গান্ধীয়ে কংগ্ৰেছৰ সদস্যপদ ইস্তাফা দিয়ে। মোহনদাস গান্ধী কংগ্ৰেছৰ দলীয় নীতিৰ বিৰোধী হৈ এই ইস্তাফা দিয়া নাছিল। তেওঁ বিশ্বাস কৰিছিল যে তেখেতে অৱসৰ ল'লে কংগ্ৰেছৰ সদস্যৰ সংখ্যা বাঢ়িব, কাৰণ তেখেতৰ নীতিয়ে বহুতকে কংগ্ৰেছৰপৰা আঁতৰত ৰাখিছিল। এইসকলৰ ভিতৰত কমিউনিষ্ট, সমাজবাদী (socialist), ট্ৰেড-ইউনিয়ন, ধৰ্মীয় গোড়া সংস্থান, আৰু ব্যৱসায়ীসকল আছিল। তেখেতে এইসকল আহি নিজৰ বক্তব্য কংগ্ৰেছৰ মঞ্চতে দাঙি ধৰাটো বিচাৰিছিল। 'ৰাজ' ব্যৱস্থাত অংশ লোৱাৰ বাবে সাময়িক অনুমোদন জনোৱা কংগ্ৰেছ দলে 'ৰাজ'ৰ অনুমোদনৰ বাবে তেখেতকো হেঁচা দিয়াটো গান্ধীয়ে বিচৰা নাছিল।{{sfn|Gandhi|1990|p=246}}
 
জৱাহৰলাল নেহৰুৰ সভাপতিত্বত ১৯৩৬ চনত লক্ষ্নৌত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনত গান্ধীয়ে আকৌ সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহন কৰে। ভাৰতৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে গুণা-গঁথা কৰি থকাৰ সলনি গান্ধীয়ে পূৰ্ণ স্বাধীনতাৰ বাবে কাৰ্য্যসূচী লোৱাৰ পোষকতা কৰিছিল, কিন্তু তেখেতে কংগ্ৰেছে সমাজবাদক নিজৰ লক্ষ্য হিচাপে গ্ৰহন কৰাত আপত্তি কৰা নাছিল। ১৯৩৮ চনত কংগ্ৰেছৰ সভাপতিৰ পদত অধিস্থিত হোৱা [[সুভাষ চন্দ্ৰ বসু]ৰ লগত গান্ধীৰ মতানৈক্য ঘটিছিল। সুভাষ বসুৱে অহিংস প্ৰতিবাদৰ নীতিত বিশ্বাস ৰখা নাছিল।<ref>Ghose, Sankar (1992). ''Jawaharlal Nehru, A Biography'', [http://books.google.com/books?id=MUeyUhVGIDMC&pg=PA137&dq&hl=en#v=onepage&q=&f=false p. 137]. Allied Publishers Limited.</ref> মহাত্মা গান্ধীয়ে সমৰ্থন নকৰিলেও সুভাষ চন্দ্ৰ বসু দ্বিতীয় বাৰৰ বাবেও কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। মহাত্মা গান্ধীৰ সমৰ্থিত প্ৰাৰ্থী [[ডা. পট্টভি সীতাৰামায়া]] সুভাষ বসুৰ হাতত পৰাজিত হয়। কিন্তু গান্ধীৰ নীতি অমান্য কৰাৰ বাবে কংগ্ৰেছ দলৰ নেতাসকলে সুভাষ বসুৰ বিৰোধিতা কৰি সদস্য পদৰপৰা ইস্তাফা দিয়ে। এই প্ৰতিবাদৰ ফলস্বৰূপে সুভাষ চন্দ্ৰ বসুৱে পদত্যাগ কৰে।{{sfn|Gandhi|1990|pp=277–281}}<ref name="Sarkar2006">Sarkar, (2006).</ref> পট্টভি সীতাৰামায়াৰ পৰাজয় গান্ধীয়ে নিজৰ পৰাজয় বুলি উল্লেখ কৰে।<ref>{{cite web|last=Dash|first=Siddhartha|title=Orissa Review|url=http://orissa.gov.in/e-magazine/Orissareview/jan2005/englishPdf/Gandhi_subhas.pdf|accessdate=12 April 2012}}</ref>
 
== হত্যাকাণ্ড ==