যশপাল ভাট্টি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
17 নং শাৰী:
২৫ অক্টোবৰ ২০১২ ত এই গৰাকী কৌতুক শিল্পীৰ এক পথ দূৰ্ঘটনাত মৃত্যু হয়।
==জন্ম==
যশপাল ভাট্টিৰ জন্ম হৈছিল ৩ মাৰ্চ ১৯৫৫ চনত পঞ্জাবৰ অমৃতসৰৰ এক ৰাজপুট শিখ পৰিয়ালত। চণ্ডীগড়ৰ পঞ্জাৱ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈদ্যুতিক অভিযন্তাৰঅভিযান্ত্ৰিকতা বিভাগৰ স্নাতক, যশপাল ভাট্টি মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কালত বিখ্যাত হৈ পৰে তেওঁৰ বিভিন্ন বাটৰ নাট সমূহৰ বাবে। তেওঁৰ বেছিভাগ নাটেই মুলত: আছিল সমাজত চলি থকা দুৰ্নীতি ভ্ৰষ্টাচাৰ সমূহৰ বিপক্ষে এক সবল প্ৰতিবাদ। যশপাল ভাট্টি চণ্ডীগড়ৰৰ পৰা প্ৰকাশিত দা ট্ৰিবিউন কাকতখনৰ এগৰাকী কাৰ্টুনিষ্ট হিচাবেও আত্মপ্ৰকাশ কৰিছিল।
 
==ফ্লপ শ্ব==
নব্বৈ দশকৰ দূৰদৰ্শনৰ কম বাজেটৰ হাস্য বংগ্য ধাৰাবাহিক ‘ফ্লপ শ্ব’ৰ বাবে যশপাল ভাট্টি আজিও বিখ্যাত। তেওঁৰ পত্নী সবিতা ভাট্টিয়ে প্ৰযোজনা কৰা এই ধাৰাবাহিক খন আছিল মাথোঁ দহটা খণ্ডৰ। তথাপিও ধাৰাবাহিক খন আজিও দূৰদৰ্শনপ্ৰেমী দৰ্শকৰ বাবে চিৰসেউজ।