অৰ্ধপৰিবাহী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.5.4) (ৰবট পৰিবৰ্তন কৰিছে: ru:Полупроводник
Removing illegal hasanta
6 নং শাৰী:
==শক্তি পটী আৰু বিদ্যুৎ পৰিবহীতা==
 
ইলেক্ট্ৰনৰ শক্তি কিছুমান ‘শক্তিস্তৰ’ৰ হিচাপত থাকে। স্ফটিক পদাৰ্থবোৰত কে‌ইবাটাও শক্তি স্তৰ লগ লাগি কিছুমান শক্তিৰ পটী সৃষ্টি কৰে। স্ফটিক পদাৰ্থবোৰত ইলেক্ট্ৰনৰ শক্তি এনে্এনে নিৰ্দিষ্ট পটীৰ ভিতৰতহে থাকে। প্ৰতিটো শক্তি পটীত ইলেক্ট্ৰনৰ অসংখ্য বিচ্ছিন্ন কোৱাণ্টাম স্তৰ থাকে। কম শক্তিযুক্ত ([[নিক্লিয়াচ]]ৰ ওচৰৰ) সৰহ সংখ্যক স্তৰে‌ই এটা নিৰ্দিষ্ট পটীলৈকে ইলেক্ট্ৰনৰ দ্বাৰা পূৰ্ণ হৈ থাকে। এ‌ই নিৰ্দিষ্ট পটীটোক যোজ্যতা পটী বোলা হয়। যোজ্যতা পটীৰ ওপৰৰ পটীটোক পৰিবহন পটী বোলা হয়। পৰিবহন পটীত থকা ইলেক্ট্ৰনবোৰ নিউক্লিয়াচৰ প্ৰভাৱৰ পৰা মুক্ত হয় আৰু ইহঁতে বিদ্যুৎ পৰিৱহনত ভাগ লয়। যোজ্যতা পাটী আৰু পৰিৱহন পটীৰ মাজৰ শক্তিৰ ফাঁকটোক নিষিদ্ধ পটী বোলা হয়।
 
শক্তি পটীৰ ওপৰত ভিত্তি কৰি আমি পৰিবাহী, [[অৰ্ধপৰিবাহী]] আৰু অপৰিবাহী পদাৰ্থৰ ধাৰণা ল’ব পাৰোঁ।<ref>প্ৰাথমিক পদাৰ্থ বিজ্ঞান(দ্বিতীয় ভাগ), একাদশ সংস্কৰণ(2006)- ডঃ অমূল্য চৌধুৰী</ref>