আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

69 নং শাৰী:
===উপনিবেশিক যুগ===
১৭৫৫ চনৰ ১২ ডিচেম্বৰত ডেনমাৰ্কৰ '''ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী'''য়ে নিকোবৰ দ্বীপত পদাৰ্পণ কৰে। ১৭৫৬ চনৰ ১জানুৱাৰীত নিকোবৰ দ্বীপসমূহত প্ৰথম ডেনমাৰ্কীয় উপনিবেশ স্থাপন কৰা হয়। ইয়াৰ নাম দিয়া হয় '''নিউ ডেনমাৰ্ক'''।<ref name="worldstatesmen.org">http://www.worldstatesmen.org/India_BrProvinces.htm</ref> পাছত (১৯৫৬ চনৰ ডিচেম্বৰ) ইয়াৰ নাম ফ্ৰেডেৰিকচ দ্বীপপুঞ্জ কৰা হয় (''Frederiksøerne'')। ১৭৫৪ৰ পৰা ১৭৫৬লৈকে ইয়াৰ শাসন ডেনিচ ভাৰতৰ ট্ৰেংকুবাৰৰ পৰা পৰিচালনা কৰা হৈছিল। মেলেৰিয়াই মহামাৰী ৰূপ ধৰাত ১৪ এপ্ৰিল ১৭৫৯ৰ পৰা ১৯ আগষ্ট ১৭৬৮, ১৭৮৭ৰ পৰা ১৮০৭, ১৮১৪ৰ পৰা ১৮৩১ আৰু ১৮৩০ৰ পৰা ১৮৩৪ লৈ দ্বীপসমূহক কেইবাবাৰো ডেনিচ উপনিবেশিক সাম্ৰাজ্যৰ পৰা বাদ দিয়া হৈছিল। ১৮৪৮ চনৰ পৰা চিৰকাললৈ এইসমূহ ডেনিচ উপনিবেশিক সাম্ৰাজ্যৰ পৰা বাদ পৰে।<ref name="worldstatesmen.org"/>
 
ডেনিচ সকলে নিকোবৰৰ পৰা নিজৰ উপনিবেশ প্ৰত্যাহাৰ কৰিছে বুলি ভুলকৈ ভাবি লৈ ১জুন ১৭৭৮ৰ পৰা ১৭৮৪ লৈকে অষ্ট্ৰিয়াই নিকোবৰত নিজৰ উপনিবেশ স্থাপন কৰাৰ যো যা কৰি, <ref name="ColVoy">{{cite web | url = http://www.colonialvoyage.com/DanishP.html | title = Chronology of Danish Colonial Settlements | first = Marco | last = Ramerini | publisher = ColonialVoyage.com | accessdate = January 2010}}</ref> এই দ্বীপসমূহক '''থেৰেচিয়া দ্বীপপুঞ্জ''' বুলি নামাকৰণ কৰিছিল।<ref name="worldstatesmen.org"/>
 
১৭৮৯ চনত বৃটিচ সকলে গ্ৰে’ট আন্দামানৰ কাষৰ চাথাম দ্বীপত (য’ত বৰ্তমানৰ প’ৰ্ট ব্লেয়াৰ নগৰ অৱস্থিত), এটি নৌ বাহিনীৰ চাউনি আৰু দেশান্তৰিত ব্যক্তিক ৰখাৰ বাহৰ গঢ়ি তোলে। দুবছৰৰ পাছত এই বাহৰ গ্ৰে’ট আন্দামানৰ প’ৰ্ট কৰ্ণৱালিচলৈ তুলি নিয়া হয়, কিন্তু মহামাৰীৰ বাবে ১৭৯৬ চনত ইয়াক উঠাই অনা হয়।
 
==তথ্য সংগ্ৰহ==