আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

73 নং শাৰী:
 
১৭৮৯ চনত বৃটিচ সকলে গ্ৰে’ট আন্দামানৰ কাষৰ চাথাম দ্বীপত (য’ত বৰ্তমানৰ প’ৰ্ট ব্লেয়াৰ নগৰ অৱস্থিত), এটি নৌ বাহিনীৰ চাউনি আৰু দেশান্তৰিত ব্যক্তিক ৰখাৰ বাহৰ গঢ়ি তোলে। দুবছৰৰ পাছত এই বাহৰ গ্ৰে’ট আন্দামানৰ প’ৰ্ট কৰ্ণৱালিচলৈ তুলি নিয়া হয়, কিন্তু মহামাৰীৰ বাবে ১৭৯৬ চনত ইয়াক উঠাই অনা হয়।
 
১৬ অক্টোবৰ ১৮৬৮ত দ্বীপসমূহৰ অধিকাৰ বৃটিচসকলক বিক্ৰী কৰাৰ পাছত দ্বীপসমূহত ডেনিচ উপনিবেশৰ ইতি পৰে। <ref name="ColVoy" /> ফলত এইসমূহ ১৮৬৯ৰ পৰা [[বৃটিচ ভাৰত]]ৰ অংগ হৈ পৰে।
 
১৮৫৮ চনত বৃটিচে প’ৰ্ট ব্লেয়াৰত আকৌ এটা চাউনি পাতে, ই আগৰটোতকৈ বহু ক্ষেত্ৰত স্থায়ী হয়। আগৰ টোৰ দৰে ইয়াটো দেশন্তৰিত কৰা ভাৰতীয় উপমহাদেশৰ স্বাধীনতা সংগ্ৰামী সকলক ৰখাৰ ব্যৱস্থা কৰা হৈছিল, প্ৰখ্যাত চেলুলাৰ কাৰাগাৰ ইয়াতে আছিল।
 
১৮৭২ চনত আন্দামান আৰু নিকোবৰৰ দ্বায়িত্ব প’ৰ্ট ব্লেয়াত থকা মূখ্য কমিচনাৰক দি এইসমূহৰ শাসন কাৰ্য্য একগোট কৰা হয়।
===দ্বিতীয় বিশ্বযুদ্ধ===
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দ্বীপসমূহ জাপানৰ নিয়ন্ত্ৰত আছিল, নেতাজী [[সুভাষ চন্দ্ৰ বসু]]ৰ আজাদ হিন্দ ফৌজৰ দ্বীপসমূহৰ ওপৰত নিয়ন্ত্ৰণ নামতহে আছিল। যুদ্ধৰ সময়ত সুভাষ চন্দ্ৰ বসুৱে দ্বীপসমূহলৈ গৈছিল আৰু ইয়াক '''স্বহীদ দ্বীপ''' আৰু '''স্বাৰাজ দ্বীপ''' বুলি নকৈ নামাকৰণ কৰিছিল।
 
ভাৰতীয় জাতীয় আৰ্মিৰ জেনেৰেল এ. ডি. ল’গান্থানক সেই সময়ত আন্দামান নিকোবৰৰ গবৰ্নৰ নিয়োগ কৰা হয়, তেওঁ ভাৰতীয় জাতীয় আৰ্মিৰ মেজৰ মনচুৰ আলি আলভি, চাব লেফটেনেন্ট মহম্মদ ইকবাল, লেফটেনেন্ট চুবা সিং আৰু ষ্টেন’গ্ৰাফাৰ শ্ৰীনিবাসনৰ সৈতে ১৯৪৪ চনৰ ২২ফেব্ৰুৱাৰীত লম্বা লাইন বিমানকোঠত উপস্থিত হয়। ২১ মাৰ্চ ১৯৪৪ত আবেৰদীন বজাৰৰ গুৰুদ্বাৰৰ সমীপত অসামৰিক প্ৰসাসনিক কাৰ্য্যালয় স্থাপন কৰা হয়। ১৯৪৪ চনৰ ২ অক্টোবৰত কৰ্ণেল এ. ডি. ল’গান্থানে তেওঁ কাৰ্য্য ভাৰ মেজৰ আলভিক অৰ্পণ কৰে আৰু চিৰদিনলৈ প’ৰ্ট ব্লেয়াৰ এৰি যায়। <ref>"Black Days in Andaman and Nicobar Islands" by [[Rabin Roychowdhury]], [Pub. Manas] Pubs. New Delhi</ref> ১৯৪৫ চনৰ ৭ অক্টোবৰত দ্বীপসমূহ পুনৰ বৃটিচৰ অধীনলৈ আহে, ১১৬শ ইণ্ডিয়ান ইনফেণ্ট্ৰি বিগ্ৰেডৰ আগত থাকি যোৱা জাপানী বাহিনীয়ে আত্ম সমৰ্পণ কৰে।
 
==তথ্য সংগ্ৰহ==