শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

81 নং শাৰী:
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ অৱস্থান হৈছে {{Coord|26.47|N|94.09|E|}}। আঠখেলীয়া এই ধৰ্মীয় অনুষ্ঠানভাগি বৰ্তমানৰ [[গোলাঘাট জিলা]]ৰ অন্তৰ্গত ঘিলাধাৰী মৌজাত ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা – এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত ([[গোলাঘাট]] নগৰৰ পৰা প্ৰায় ১৮ কিঃমিঃ পূবত) অৱস্থিত। এই তিনিওখন নদীৰেই উৎপত্তিৰ স্থল নগা পাহাৰৰ পৰা ওলাই প্ৰায় সমান্তৰাল ভাৱে ভৈয়ামৰ মাজেদি বৈ গৈছে। নামঘৰৰ (সমীপত) পূৰ্বদিশে ক্ৰমে উত্তৰলৈ বৈ যোৱা কাকঙোঙা নদীয়ে গোলাঘাট আৰু [[যোৰহাট জিলা]]ক দুখনক বিভক্ত কৰিছে। আনহাতে নামঘৰৰ (সমীপতে) পশ্চিম দিশে বৈ যোৱা মক্ৰং নদীয়েও ক্ৰমাৎ উত্তৰ দিশলৈ গতি কৰি ঘিলাধাৰী নদীৰ লগত এক হৈ ওচৰা-ওচৰিকৈ পুনৰ কাকডোঙা নদীতেই মিলিত হৈ [[ব্ৰহ্মপুত্ৰ]]ৰ বুকুত পৰিছেগৈ। সেয়েহে নামঘৰৰ উত্তৰ দিশত এই তিনিওখন নদী ক্ৰমে ওচৰা-ওচৰিকৈ মিলিত হোৱাৰ বাবেই ত্ৰিবেণীৰ সঙ্গম স্থলস্বৰূপ এই পৱিত্ৰ ভূমিখণ্ডত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অৱস্থিত।<ref name=" অতিৰিক্ত ">{{cite journal | title= অতিৰিক্ত | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ২৯ পৃ্ষ্ঠা }}</ref> আঠখেলীয়াৰ সীমা উত্তৰ অক্ষাংশ ২৬ডিগ্ৰী ২০মিনিটৰ পৰা ২৬ ডিগ্ৰী ৩৫ মিনিটলৈ আৰু পূব দ্ৰাঘিমাংশ ৯৩ ডিগ্ৰী ৩৫ মিনিটৰ পৰা ৯৩ ডিগ্ৰী ৪৫ মিনিটৰ ভিতৰত।<ref name="উপসংহাৰ">{{cite journal | title= উপসংহাৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৮৪ পৃ্ষ্ঠা }}</ref> সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত।
 
===পৰিবহন==
;বিমানসেৱা
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে: [[ৰৰৈয়া বিমানবন্দৰ]] (যোৰহাট বিমানবন্দৰ)। দূৰত্ব৬০ প্ৰায়কিঃমিঃ ৬০দূৰত্বত এই বিমান বন্দৰ কিঃমিঃ।অৱস্থিত।<ref name="অৱস্থান" />
 
;ৰেলসেৱা
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নিকটৱৰ্তী ৰেল ষ্টেছন হৈছে ফৰকাটিং ৰেল ষ্টেছন। দূৰত্ব প্ৰায় ১২.৮ কিঃমিঃ।<ref name="অৱস্থান" />
 
;পথসেৱা
অসমৰ প্ৰায় সকলো ঠাইৰ পৰা [[গোলাঘাট জিলা]]লৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে। [[গোলাঘাট|গোলাঘাট নগৰ]]ৰ পৰা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ দূৰত্ব প্ৰায় ২০ কিঃমিঃ। নামঘৰলৈ যাবলৈ বাছৰ ব্যৱস্থা আছে আৰু সময় প্ৰায় ৪০ মিনিটমান লাগে।<ref name="অৱস্থান">{{cite web | url=http://www.assaminfo.com/tourist-places/23/athkhelia-naamghar.htm | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ অৱস্থান | publisher=www.assaminfo.com | work=www.assaminfo.com | accessdate=November 03, 2012}}</ref> ইয়াৰোপৰি [[যোৰহাট জিলা]]ৰ [[তিতাবৰ]]ৰ পৰা বৰহোলা হৈ নামঘৰলৈ যোৱাৰো সু-ব্যৱস্থা আছে।
 
==নিৰ্মাণ==