ধূমকেতু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
15 নং শাৰী:
#'''ইৰাছ-আৰাকি-এলকক ধূমকেতু''' - এই ধূমকেতুটো অৱলোহিত তৰংগৰ জ্যোতিবৈজ্ঞানিক উপগ্ৰহেৰে ধৰা পেলোৱা হৈছিল৷ অৱলোহিত তৰংগৰ বৰ্ণালীৰ পৰা ইয়াৰ কেন্দ্ৰভাগৰ চাৰিওফালে ধূলিৰ [[ডাৱৰ]] থকা বুলি জনা গৈছিল৷
#'''ইকেয়া-ছাকি ধূমকেতু''' - ১৯৬৫ চনত ধৰা পৰা ইকেয়া-ছাকি ধূমকেতুটো এটা উল্লেখনীয় ধূমকেতু৷ ই [[সূৰ্য্য]]ৰ অতি ওচৰ চপা ক্ৰে্টজ গোট ধূমকেতুৰ এটা৷ ইয়াৰ শৰীৰৰ ধূলিকণা [[সূৰ্য্য]]ৰ বিকিৰণে বাষ্পীভূত কৰিছিল৷ ধাতৱীয় মৌল ইয়াৰ নেজ বৰ্ণালীবীক্ষণ অধ্যয়ণত ধৰা পৰিছিল৷
#'''বেনেট ধূমকেতু''' - এই ধূমকেতুটো ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত অতি উজ্জ্বল হৈ পৰিছিল৷ ইয়াক সেয়ে দিনৰ পোহৰতো দেখা গৈছিল৷ ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত ইয়াক হঠাতে [[আকাশ]]ত দেখা গৈছিল৷ প্ৰকাশ পোৱা মতে ইয়াক উত্তৰমালা অন্তৰীপৰ পৰা এক ছেপ্টেম্বৰৰ দিনাই দেখা পোৱা গৈছিল৷ ইয়াক দেখা পোৱা প্ৰথম জ্যোতিৰ্বিদজন আছিল জ্যোতিবিজ্ঞানী ফিনলে৷ তেওঁ ৭ ছেপ্টেম্বৰৰ দিনাই দেখা পাইছিল ধূমকেতুটো দ্ৰুতভাৱে উজ্জ্বল হৈ পৰিছিল৷ গণনামতে এই ধূমকেতুটো [[সূৰ্য্য]]ৰ পৰা প্ৰায় পাঁচ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈ গৈছিল৷ কিছুদিন ধৰি দিনৰ [[আকাশ]]তো [[সূৰ্য্য]]ৰ পাছতে আন এটা উজ্জ্বল জ্যোতিষ্কৰূপে দেখা গৈছিল৷ ইয়াৰ উজ্জ্বলতা হৈছিল - ১৭| ১৭ ছেপ্টেম্বৰত ই [[সূৰ্য্য]]ৰ আঁৰ হৈছিল৷ বহু পৰ্য্যৱেক্ষকৰ লগতে ফিনলে আৰু বাৰ্নাডে ৩০ ছেপ্টেম্বৰৰ দিনা দেখা পাইছিল যে ধূমকেতুটোৰ কেন্দ্ৰভাগ দীঘল হৈ পৰিছে আৰু কেইবাটাও উজ্জ্বল পোহৰৰ বল লৈ পৰিৱৰ্ত্তিত হৈছে৷ ১৭ অক্টোবৰৰ দিনা ই পাঁচটাৰো অধিক অংশলৈ বিভাজিত হৈছিল বুলি দেখা পোৱা গ'ল৷ ইয়াৰ [[সূৰ্য্য]]ৰ দিশতো নেজ সৃষ্টি হোৱা দেখা গৈছিল৷ ধূমকেতুটো ১৮৮৩ চনৰ ফেব্ৰুৱাৰিলৈকে খালী [[চকু]]ৰে দেখা পোৱা গৈছিল৷ ইয়াক শেষ বাৰৰ বাবে দেখা গৈছিল ১৯৮৩ চনৰ এক জুনত৷
#'''মাৰ্কোছ ধূমকেতু''' - ১৯৫৭ চনত ধৰা পৰা এই ধূমকেতুৰ নেজ প্ৰধানকৈ [[কাৰ্বন-মন'অক্সাইড]]ৰে গঠিত৷ সেয়ে ইয়াৰ নেজ নীলাভ ৰঙৰ; কিন্তু ধূমকেতুটোৰ নেজডাল দ্ৰুতভাৱে সলনি হৈছিল৷ নেজডালৰ ফিলামেণ্ট আৰু গুটি গুটি আকাৰৰ সৃষ্টি হোৱা দেখা গৈছিল৷ ধূমকেতুৰ নেজৰ এই গুটি গুটি আকাৰৰ অংশবোৰৰ পৰা ইয়াৰ গতিবেগ নিৰ্ণয় কৰিব পৰা হৈছিল৷ ইয়াৰ পৰা দেখা গৈছিল যে নেজৰ কণিকাৰ নিৰ্ণয় গতি ছেকেণ্ডত ৫০ কিলোমিটাৰ পৰ্য্যন্ত৷ সাধাৰণ সৌৰ বিকিৰণে নেজৰ কণিকাৰ ইমান গতিবেগ দিব নোৱাৰে৷ পাছত লুডৱিগ বিয়েমানে দেখুৱাইছিল যে [[সূৰ্য্য]]ৰ পৰা ইয়াৰ ব্যাসাৰ্দ্ধৰ দিশত ৪০০ কিলোমিটাৰ প্ৰতি ছেকেণ্ডৰ বেগত অহৰহ [[প্ৰ'টন]] আৰু [[ইলেকট্ৰন]] নিৰ্গত হৈ আছে৷ এই [[প্ৰ'টন]] আৰু [[ইলেকট্ৰনে]]ৰে গঠিত দ্ৰুতবেগী সৌৰ [[বতাহে]] কঢ়িয়াই নিয়া সৌৰ চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱত ধূমকেতুৰটোৰ কমা অংশৰ পৰা আয়নৰ [[ডাৱৰ]] সৃষ্টি হয়৷
#'''মাৰ্কোছ ধূমকেতু''' -
#'''বিয়েলাৰ ধূমকেতু''' - এই ধূমকেতুটো প্ৰথম মনটেইন আৰু মেডিয়াৰে ১৭৭২ চনত দেখা পাইছিল৷ উইলহেল্ম বিয়েলাৰে ইয়াৰ সবিশেষ ১৮২৬ চনত নিৰ্ণয় কৰিছিল বাবে ইয়াৰ নাম বিয়লাৰ ধূমকেতু৷ ১৮৪৬ চনৰ ফেব্ৰুৱাৰিত ইয়াৰ কেন্দ্ৰভাগ দুভাগ হোৱা দেখা গৈছিল৷ ইয়াৰ পাছত ইয়াক ১৮৫৯,১৮৬৫ আৰু ১৮৭২ চনত পৰ্য্যাব ক্ৰমে দেখা পাব লগা আছিল;কিন্তু দেখা পোৱা নগ'ল৷ ইয়াৰ সলনি ১৮৭২ চনৰ ২৭ নৱেম্বৰত এক প্ৰচণ্ড উজ্জ্বল উল্কাপাত হোৱা দেখা গৈছিল৷ ঘণ্টাত ৩০০০ ৰ অধিক উল্কাপাত ধূমকেতুটোৰ [[আকাশ]]ৰ সম্ভাব্য স্থানৰ দিশৰ পৰা হোৱা দেখা গৈছিল৷ ইয়াৰ পাছতো ১৯ শতিকাতো পৰ্য্যায়ক্ৰমে উল্কাপাত হৈছিল৷
#'''বিয়েলাৰ ধূমকেতু''' -
#'''টেম্পেল -১ ধূমকেতু''' - এই ধূমকেতুটো ১৮৬৭ চনত ইউহেল্ম টেম্পেলে আৱিষ্কাৰ কৰিছিল৷ ই [[সূৰ্য্য]]ৰ চাৰিওফালে পাঁচ বছৰ ছমাহত এবাৰ প্ৰদক্ষিণ কৰে৷ গভীৰ মহাকাশৰ সংঘৰ্ষৰ বাবে পঠিওৱা ডিপ ইম্পেক্ট মহাকাশযানৰপৰা এটা প্ৰ'বে ইয়াক খুন্দিয়াইছিল৷
#'''টেম্পেল ধূমকেতু''' -
#'''মেকনট ধূমকেতু''' -
#'''হেল-বপ ধূমকেতু''' -
#'''হেলিৰ ধূমকেতু''' -
#'''শ্বুমেকাৰ-লেভী ধূমকেতু''' -<ref name="গ্ৰন্থ ১" />
 
==[[পৃথিৱী]]ৰ সৈতে সংঘৰ্ষ==
"https://as.wikipedia.org/wiki/ধূমকেতু"ৰ পৰা অনা হৈছে