বাসুদেৱ থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
29 নং শাৰী:
|website =
}}
বাসুদেৱ থান [[লখিমপুৰ]] জিলাৰ [[ঢকুৱাখনা]] ৰ পূৱ প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান। [[ঢকুৱাখনা]] চাৰিআলিৰ পৰা পশ্চিমমূৱাকৈ প্ৰায় ১০ কি:মি: গ'লে এই প্ৰসিদ্ধ থানখন পোৱা যায়।
==ইতিহাস আৰু প্ৰবাদ==
আহোম <ref>http://www.cic.nic.in/cicwebpages/Assam/dakhuakhana/basudevthan1.htm</ref>স্বৰ্গদেউ জয়ধ্ধজ সিংহৰ শাসনকলত বিজনী ৰাজ্যৰ পৰা আহি শ্ৰীমন্ত শংকৰদেৱৰ নাতি দামোদৰ আতাই ১৭ শতিকাৰ মাঁজভাগত এই সত্ৰখন প্ৰতিস্থা কৰিছিল। প্ৰথম অৱস্থাত এই সত্ৰখনৰ নাম "নৰোৱা সত্ৰ"। এতিয়াৰ সত্ৰখনৰ নামাকৰণক লৈ বহুতৰে মতবিৰোধ হোৱা দেখা যায়। বহুতেই কয় যে, দামোদৰ আতা উজনিৰ পৰা আহিছিল আৰু তেখেতেই এই লাউমূৰি সত্ৰ স্থাপন কৰিছিল। বাহুদে নামৰ এজন ব্ৰাহ্মনে দামোদৰ আতাক সত্ৰখনৰ মাটিটুকুৱা উপহাৰ হিচাবে দিছিল। ১৫৮৫ চনত দামোদৰ আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ শ্ৰী ৰমাকান্ত আতাই সত্ৰাধিকাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৬৮৩ চনত ৰমাকান্ত আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰামদেৱ আতাই দায়িত্বভাৰ গ্ৰহণ কৰিছিল।১৭০৭ চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ইয়ালৈ আহিছিল, কিন্তু অগ্যাত কাৰণত তেওঁ পুনৰ উভতি গুছি গৈছিল। যিখন নদীয়েদি তেওঁ নাওঁবায় আহিছিল হেই নদীখন চামপৰা বুলি জনা যায়। ১৭ শতিকাৰ আৰম্ভননিতে ৰামাকান্ত আতাই আচম্বিতে নামনিৰ বৰপেটালৈ গৈ তাতে থাকিবলৈ লয়। পিছলৈ সেই সত্ৰখনৰ লগতে এটা প্ৰকান্ড নামঘৰ সজোৱা হয়। মাঘী পূৰ্ণিমাৰ নিশা তাতে "পাল নাম"ৰ আয়োজন কৰা হয় যিটো পৰম্পৰা অজিও চলি আছে।
প্ৰবাদ আছে যে ইয়াত যি প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা পূৰ্ণ হয়। অসমৰ দূৰ-দূৰণিৰ ভক্ত ৰ লগতে [[নেপাল]] ৰ অসংখ্য ভক্তই আহি ইয়াত প্ৰাৰ্থনা কৰা দেখা যায়। থানখনৰ কথা নেপালত কেনেকৈ ইমান প্ৰসিদ্ধ হ'ল ইয়াৰ বিৱৰণ ক'তো পোৱা নাযায়।
[[File:বাসুদেৱ.jpg|thumb|গাড়ী আস্থান]]
42 নং শাৰী:
বাসুদেৱত এটা অতি সুন্দৰ অতিথিশালা আছে। দূৰণিৰ ভক্তসকলৰ বাবে ইয়াত থকা আৰু খোৱাৰ সু-ব্যৱস্থা আছে।
==যোগাযোগ==
বাসুদেৱলৈ আহিবলৈ হ'লে দুটা ৰাস্তা আছে। এটা [[ঘিলামৰা]]ৰ বৰদৈবামৰ পৰা আৰু আনটো [[ঢকুৱাখনা]] পৰা।
==তথ্য সংগ্ৰহ==
|