পক্ষীজ্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
 
'''বাৰ্ড-ফ্লু''' ({{lang-en|Bird flu}}) এবিধ ভাইৰাছজনিত সংক্ৰামক বেমাৰ। চৰাই-চিৰিকটিক মুখ্যতঃ আক্ৰমণ কৰা এই ভাইৰাছ (Asianinfluenza Virus) বিধ হৈছে অৰ্থ’মিক্স’ভাইৰাছ (Orthomyxovirus)৷ ই এবিধ RNA ভাইৰাছ৷ <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= পক্ষীজ্বৰ বা বাৰ্ড ফ্লু | author= ডা০ লিপিকা (বৰা) বৰুৱা | journal= প্ৰান্তিক | year= ২০০৯ | month= ১-১৫ ফেব্ৰুৱাৰি | volume= ২৮শ বছৰ | issue= ৫ম সংখ্যা | pages=পৃষ্ঠা ১৬ -১৭ }} </ref>
 
==পক্ষীজ্বৰ ভাইৰাছৰ প্ৰকাৰ ==
‘এ’, ‘বি’ ‘ছি’ (influenza type A,type B and type C ) –এই তিনিটা ভাগত বিভক্ত এইবিধ ভাইৰাছৰ আৰ্হিকেইটাৰ মাজত কোনো ধৰনৰ ওপৰা-উপৰি অসংক্ৰাম্যতা (cross –immunity) নাই৷ ‘এ’ আৰু ‘বি’ ইনফ্লুৱেঞ্জা ভাইৰাছ দুয়োবিধে সমগ্ৰ বিশ্বতে সংক্ৰামক ব্যাধি বিয়পাব পাৰে ৷ দুয়োবিধৰে ‘হিমএগ্লুটিনিন (এইচ )[ Haemagglutinin (H)] আৰু নিউৰ ’ এমাইনিডেজ (এন) [ Neuroaminidase ( N) ] নামৰ দুবিধ পৃষ্ঠপ্ৰতিৰোধী বিশেষ কাৰক (surface antigen)আছে ৷ H এণ্টিজেনে প্ৰাণীদেহৰ অনুভৱক্ষম কোষবোৰত ভাইৰাছবিধে আক্ৰমণ কৰাৰ পাছত ৰোগ আৰম্ভ কৰাত সহায় কৰে আৰু N এণ্টিজেনে আক্ৰান্ত কোষবোৰৰপৰা ভাইৰাছ নিৰ্গমন কৰাত সহায় কৰে৷<ref name="গ্ৰন্থ ১" />
 
বৰ্তমান বিশ্বত তিনিবিধ ইনফ্লুৱেঞ্জা ভাইৰাছ আছে-
12 নং শাৰী:
*B ভাইৰাছ ৷
 
১৯৯৭ চনৰ মাজভাগত হংকঙত বিশ্ব্ স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধায়ক গোটে মানুহক আক্ৰমণ কৰিব পৰা এবিধ ইনফ্লুৱেঞ্জা ভাইৰাছ ধৰা পেলাইছিল৷ এইবিধ ভাইৰাছেই হৈছে বৰ্তমান বিশ্বৰ পক্ষীজগতলৈ ভাবুকি কঢ়িয়াই অনা H N ভাইৰাছ ৷ সমগ্ৰ ভাইৰাছ শ্ৰেণীটোৰ ভিতৰত সঘনে এণ্টিজেন পৰিবৰ্তন কৰিব পৰা ভাইৰাছবিধেই হৈছে- ‘এ’ ইনফ্লুৱেঞ্জা ভাইৰাছ ৷ ১৯৩৩ চনত আবিষ্কৃত এইবিধ ভাইৰাছে ১৯৫৭ চনত প্ৰথমবাৰ এণ্টিজেনৰ পৰিবৰ্তন ঘটাই (H2N2) এছিয়ান ইনফ্লুৱেঞ্জা আৰু ১৯৬৮ চনত দ্বিতীয়বাৰ পৰিবৰ্তন ঘটাই (H2N2) হংকং ইনফ্লুৱেঞ্জা হিচাপে আত্মপ্ৰকাশ কৰিছিল ৷ দুয়োবাৰতে ‘H’ এণ্টিজেনৰ পৰিবৰ্তন হৈছিল ৷ ১৯৪৬ চনৰ পৰা ১৯৫৭ চনলৈকে আৱিষ্কৃত ইয়াৰ বিকৃতিসমূহক সামগ্ৰিকভাৱে ‘Hj Nj’ ত অন্তৰ্ভুক্ত কৰা হৈছে৷ <ref name="গ্ৰন্থ ১" />
 
== সংক্ৰমণ ==
পক্ষীজ্বৰ ঘটাব পৰা ইনফ্লুৱেঞ্জা ভাইৰাছবিধে কাচিৎহে আন প্ৰাণীক আক্ৰমন কৰে ৷গাহৰি আৰু মানু্হকো আক্ৰমণ কৰিব পৰা ক্ষমতা থকা এইবিধ ভা্ইৰাছে মানুহৰ ক্ষেত্ৰত লিংগভেদে সকলো শ্ৰেণীৰ আৰু যিকোনো বয়সৰ লোককে আক্ৰমণ কৰিব পাৰে ৷ সাধাৰণতে ল’ৰা-ছোৱালীৰ(শিশু ) যোগেদি এইবিধ বেমাৰ দ্ৰুতভাৱে সংক্ৰমিত হয় ৷মহামাৰী ৰূপ ধৰাৰ সময়ত ৬৫বছৰৰ ওপৰৰ বৃদ্ধ ,১৮ মাহৰ তলৰ শিশু আৰু হাঁওফাওঁ, বৃক্ক অথবা হৃৎযন্ত্ৰৰ বেমাৰ থকা লোক আৰু বহুমূত্ৰ থকা লোকৰ মৃত্যুৰ হাৰ বেছি হয় ৷ জ্বৰ,মূৰৰ বিষ,কাহ,ডিঙিৰ চেৰচেৰণি,দেহৰ দুৰ্বলতা আদি লক্ষণেৰে পৰিস্ফুট এই বেমাৰৰ ভাইৰাছক তেজৰ নমুনা বা দেহৰপৰা নিসৃত জুলীয়া পদাৰ্থ কিছুমানত পৰীক্ষাগাৰত ধৰা পেলাব পাৰি ৷ বাৰ্ড ফ্লু ভাইৰাছ অতি উচ্চ উষ্ণতাত জীয়াই থাকিব নোৱাৰে ৷ সেয়েহে ১২০ ডিগ্ৰীৰ পৰা ২০০ ডিগ্ৰী ছেলছিয়াছলৈকে সেকা মাংস আদিত এই ভাইৰাছ জীৱিত অৱস্থাত নাথাকে ৷<ref name="গ্ৰন্থ ১" />
 
==তথ্য সংগ্ৰহ==
== তথ্যসূত্ৰ ==
{{Reflist}}
*পক্ষীজ্বৰ বা বাৰ্ড ফ্লু ,লেখক –ডা০ লিপিকা (বৰা) বৰুৱা ৷
*প্ৰান্তিক -২৮শ বছৰ ৫ম সংখ্যা ,১-১৫ ফেব্ৰুৱাৰি ২০০৯
 
[[শ্ৰেণী:চিকিৎসা বিজ্ঞান]]
"https://as.wikipedia.org/wiki/পক্ষীজ্বৰ"ৰ পৰা অনা হৈছে