মাইকেল ফেৰাডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

link
No edit summary
34 নং শাৰী:
যদিও ফেৰাডেৰ আনুষ্ঠানিক শিক্ষা একেবাৰে কম আছিল, তেওঁ আটাইটকৈ প্ৰভাৱশালী বিজ্ঞানীবোৰৰ ভিতৰত এজন আছিল। একমুখী বিদ্যুত প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহী এডালৰ কাষত থকা চুম্বক ক্ষেত্ৰ এখনৰ বিষয়ে ফেৰাডেৰ গৱেষণাই [[পদাৰ্থ বিজ্ঞান]]ৰ বিদ্যুত চুম্বকত্ব আৱিষ্কাৰ কৰিছিল। ফেৰাডেই চুম্বকক্ষেত্ৰ আৰু পোহৰৰ ৰশ্মিৰ মাজত থকা সম্বন্ধও প্ৰতিষ্ঠা কৰিছিল।<ref name="EncBrit">[http://www.1911encyclopedia.org/Michael_Faraday Michael Faraday] entry at the 1911 Encyclopaedia Britannica hosted by LovetoKnow Retrieved January 2007.</ref><ref name="IEEUK">[http://www.theiet.org/resources/library/archives/biographies/faraday.cfm "Archives Biographies: Michael Faraday", The Institution of Engineering and Technology.]</ref> তেওঁৰ বিদ্যুত চুম্বকত্বৰ তত্বৰ আধাৰতে আধুনিক যুগৰ বৈদ্যুতিক মটৰ বিলাক চলি আছে।
 
ৰসায়নবিদ হিচাপে তেও বেঞ্জিন আৱিষ্কাৰ কৰিছিল, ক্ল'ৰিণৰ ক্লেথ্ৰেট হাইড্ৰেট(clathrate hydrate) বিষয়ে অধ্যয়ণ কৰিছিল,প্ৰাৰম্ভিক অৱস্থাৰ বুনচেন বাৰ্ণাৰ আৰু অক্সিডেচন নম্বৰ ব্যৱস্থাটো উদ্ভাৱন কৰিছিল। শেষত ফেৰাডেই ৰয়েল ইনষ্টিটিউচন অৱ গ্ৰেট ব্ৰিটেইনৰ 'ফুলেৰিয়ান প্ৰফেচাৰ অৱ [[ৰসায়ন বিজ্ঞান|কেমিষ্ট্ৰী]]' আসনখন দখল কৰিবলৈ সক্ষম হৈছিল।
 
[[জেমচ্ ক্লাৰ্ক মেক্সৱেল|জেমচ্ ক্লাৰ্ক মেক্সৱেলেৰমেক্সৱেলৰ]] বিদ্যুত চুম্বকত্বৰ বিখ্যাত সমীকৰণ চাৰিটাৰ আঁৰত ফেৰাডেৰ গৱেষণাৰ প্ৰত্যক্ষ প্ৰভাৱ আছে। ফেৰাডে এজন অন্যতম সফল গৱেষণাবিদ আছিল যদিও তেওঁৰ গাণিতিক সামৰ্থ্য সাধাৰণ বীজগণিত আৰু ত্ৰিকোণমিতিতকৈ বেছি নাছিল। তথাপিও তেওঁ সহজ ভাষাত স্পষ্টকৈ তেওঁৰ ধাৰণাবোৰ বুজাব পাৰিছিল।
 
ধাৰকত্ব(Capacitance) ৰ এছ আই একক ফেৰাড, মাইকেল ফেৰাডেৰ প্ৰতি সন্মান জনাই ৰখা হৈছে।