শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
37 নং শাৰী:
 
==ইতিহাস==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল সেই কথা নিশ্চিত ভাৱে ঠাৱৰ কৰা সম্ভৱ নহয়। ছাৰ এডৱাৰ্ড গেইটৰ ‘History of Assam’ নামৰ বুৰঞ্জীত উল্লেখ কৰিছে যে ত্ৰয়োদশ শতিকাৰ কছাৰী ৰাজ্য [[কলং নদীৰনদী]]ৰ পৰা [[দিখোদিখৌ নদী]]লৈ বৃস্তিতবিস্তৃত আছিল।<ref> History Of Assam by E A Gait পৃষ্ঠা: ২৪৮-২৪৯ </ref> ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল।<ref name="ইতিহাস" /> সেই সূত্ৰে কোনোবা এজন কছাৰী ৰজাই বৰ্তমানৰ নামঘৰৰ স্থানত এটি শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি উপাস্য দেৱতাক পূজা সেৱা কৰিছিল। অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। [[গদাপানি]]ৰো [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। সেয়ে, গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সময়ৰ সোঁতত কোনো প্ৰাকৃতিক কাৰণ যেনে – ভূমিকম্প, বানপানী বা অন্য বিশেষ কাৰণৰ হেতু এই মন্দিৰ ধ্বংস হ’ল। কাকডোঙা, মক্ৰং দুয়োখন নদীৰ প্লাৱনে মন্দিৰৰ ধ্বংসস্তুপ পুতি পেলালে। কালক্ৰমত হাবিয়ে ঢাকি পেলালে আৰু অজান পৰিৱেশৰ অটব্য অৰণ্যৰ সৃষ্টি হ’ল। কোনো সন্ত সিদ্ধ পুৰুষৰ ভক্তিৰ বলত এই স্থানত প্ৰকট হৈ পুনশ্চ দিব্য শক্তিৰ প্ৰকাশ ঘটিল।<ref name=" পৰ্যালোচনা "/> জনসাধাৰণৰ মাজত প্ৰচাৰ হোৱাৰ লগে লগে পুনৰ সেৱা পূজা উপাসনা আৰম্ভ হৈছিল। এই স্থানৰ পৰা ৫/৭ কিঃমিঃ নিলগৰ বৰহোলা চাহ বাগানৰ এটা নলা খান্দোতে এটা শিৱ মূৰ্তি উদ্ধাৰ হৈছিল। সেই মূৰ্তিটো পণ্ডিতসকলে নৱম শতিকাৰ অৰ্থাৎ প্ৰাক আহোম যুগৰ বুলি অনুমান কৰিছে।<ref> স্মৃতিগ্ৰন্থ; বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী </ref>
 
পূৰ্ব-পুৰুষৰ মৌখিক কথাৰ পৰাই জানিবলৈ পোৱা মতে সম্প্ৰীতি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ থকা পৱিত্ৰ ভূমিখণ্ডত এজন অজ্ঞাত কুলশীল সাধু সন্তলোকৰ আশ্ৰম আছিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৩০ৰপৰা ৪১ পৃ্ষ্ঠা }}</ref> সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত।
81 নং শাৰী:
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ অৱস্থান হৈছে {{Coord|26.47|N|94.09|E|}}। আঠখেলীয়া এই ধৰ্মীয় অনুষ্ঠানভাগি বৰ্তমানৰ [[গোলাঘাট জিলা]]ৰ অন্তৰ্গত ঘিলাধাৰী মৌজাত ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা – এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত ([[গোলাঘাট]] নগৰৰ পৰা প্ৰায় ১৮ কিঃমিঃ পূবত) অৱস্থিত। এই তিনিওখন নদীৰেই উৎপত্তিৰ স্থল নগা পাহাৰৰ পৰা ওলাই প্ৰায় সমান্তৰাল ভাৱে ভৈয়ামৰ মাজেদি বৈ গৈছে। নামঘৰৰ (সমীপত) পূৰ্বদিশে ক্ৰমে উত্তৰলৈ বৈ যোৱা কাকঙোঙা নদীয়ে গোলাঘাট আৰু [[যোৰহাট জিলা]]ক দুখনক বিভক্ত কৰিছে। আনহাতে নামঘৰৰ (সমীপতে) পশ্চিম দিশে বৈ যোৱা মক্ৰং নদীয়েও ক্ৰমাৎ উত্তৰ দিশলৈ গতি কৰি ঘিলাধাৰী নদীৰ লগত এক হৈ ওচৰা-ওচৰিকৈ পুনৰ কাকডোঙা নদীতেই মিলিত হৈ [[ব্ৰহ্মপুত্ৰ]]ৰ বুকুত পৰিছেগৈ। সেয়েহে নামঘৰৰ উত্তৰ দিশত এই তিনিওখন নদী ক্ৰমে ওচৰা-ওচৰিকৈ মিলিত হোৱাৰ বাবেই ত্ৰিবেণীৰ সঙ্গম স্থলস্বৰূপ এই পৱিত্ৰ ভূমিখণ্ডত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অৱস্থিত।<ref name=" অতিৰিক্ত ">{{cite journal | title= অতিৰিক্ত | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ২৯ পৃ্ষ্ঠা }}</ref> আঠখেলীয়াৰ সীমা উত্তৰ অক্ষাংশ ২৬ডিগ্ৰী ২০মিনিটৰ পৰা ২৬ ডিগ্ৰী ৩৫ মিনিটলৈ আৰু পূব দ্ৰাঘিমাংশ ৯৩ ডিগ্ৰী ৩৫ মিনিটৰ পৰা ৯৩ ডিগ্ৰী ৪৫ মিনিটৰ ভিতৰত।<ref name="উপসংহাৰ">{{cite journal | title= উপসংহাৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৮৪ পৃ্ষ্ঠা }}</ref> সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত।
 
===পৰিবহনপৰিবহণ===
;বিমানসেৱা
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে: [[ৰৰৈয়া বিমানবন্দৰ]] (যোৰহাট বিমানবন্দৰ)। ৬০ কিঃমিঃ দূৰত্বত এই বিমান বন্দৰ অৱস্থিত।<ref name="অৱস্থান" />