হাৰমাইনি গ্ৰেইঞ্জাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 60 interwiki links, now provided by Wikidata on d:q174009 (translate me)
fixing dead links
63 নং শাৰী:
 
===ব্যক্তিত্ব===
হাৰমাইনিৰ চৰিত্ৰৰ দুই প্ৰধান দিশ হ'ল তাইৰ বিশাল জ্ঞান আৰু তীক্ষ্ন বুদ্ধিমত্তা। তাই শান্ত,কিতাপ- প্ৰেমী আৰু যুক্তিতৰ্কত খুব ভাল।তাই প্ৰায়েই নিজৰ আধিপত্য দেখুৱাই যদিও তাই বৰ কৰ্মোদ্যমী আৰু বন্ধুৰ প্ৰতি দ্বায়িত্বশীল-এজনী বিশ্বাসযোগ্য বান্ধৱী।ৰাউলিঙে কৈছে যে হাৰমাইনি এনে এজনী ছোৱালী যিয়ে "কেতিয়াও কৰ্তব্যৰ পথৰ পৰা আঁতৰি নাযায় আৰু যিটো কৰিবলগীয়া তাত লক্ষ্যস্থিৰ কৰি ৰাখে<ref>{{cite web|author=Posted by: sue |url=http://www.the-leaky-cauldron.org/2007/11/19/new-interview-with-j-k-rowling-for-release-of-dutch-edition-of-deathly-hallows |title=New Interview with J.K. Rowling for Release of Dutch Edition of "Deathly Hallows" |publisher=The Leaky Cauldron |date= |accessdate=2013-02-24}}</ref>।" প্ৰচূৰ জ্ঞান আৰু আধিপত্য বিস্তাৰ কৰা স্বভাৱ থকাৰ সত্বেও ৰাউলিঙে কয় যে তাইৰ চৰিত্ৰৰ বহুতো দূৰ্বল দিশ আছে,<ref>[http://web.archive.org/web/20001109051300/http://www.time.com/time/pacific/magazine/20001030/potter.html ]{{dead link|date=February 2013}}</ref>আছে এক নিৰাপত্তাহীনতা ভাৱ। তাই "অপ্ৰয়োজনীয়ভাৱে বিদ্যালয়ৰ সকলো দিশতে সৰ্বশ্ৰেষ্ঠ হ'ব খোজে যিটোৱে তাইৰ নিজৰ মনত মিছা আত্মবিশ্বাস জগোৱাৰ উপৰিও আনকো বিৰক্ত কৰে"<ref>{{cite web|url=http://www.accio-quote.org/articles/2001/1201-bbc-hpandme.htm |title=2001: Accio Quote!, the largest archive of J.K. Rowling interviews on the web |publisher=Accio-quote.org |date= |accessdate=2013-02-24}}</ref>। [[হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান]]ৰ শেষৰ ফালৰ পৰীক্ষাত এবাৰ যেতিয়া এটা [[ব'গাৰ্ট]]এ([[:en:Boggart|Boggart]]) প্ৰফেছৰ মেকগোনাগলৰ ৰূপ লৈ তাইক কয় যে তাই সকলো বিষয়তে ফেইল কৰিছে,তাই প্ৰকাশ কৰে যে তাইৰ আটাইতকৈ ডাঙৰ ভয় হ'ল ব্যৰ্থতা।
 
হাৰমাইনিৰ ব্যক্তিত্বৰ আন এক উল্লেখযোগ্য দিশ হ'ল আনক সহায় কৰাটো,বিশেষকৈ প্ৰতিৰক্ষাবিহীনসকলক যেনে [[নেভেইল লংবটম]],প্ৰথম বৰ্ষীয়ানসকল,ঘৰুৱা-ভূতবোৰ,অন্যান্য মাগলৰ ঘৰত জন্ম লভাসকল,হেগৰিডৰ দৰে অৰ্ধদৈত্য বা লুপিনৰ দৰে কুকুৰনেচীয়া-মানুহক।শেষ কিতাপখন প্ৰকাশৰ পিছত ৰাউলিঙে প্ৰকাশ কৰে যে যাদু মন্ত্ৰালয়ত হাৰমাইনিৰ কাম আছিল নিৰ্বলী(ঘৰুৱা-ভূত বা মাগলৰ ঘৰত জন্মাবোৰ)ৰ অধিকাৰৰ হকে যুঁজ দিয়াটো।হাৰমাইনিয়ে তাইৰ বন্ধুসকলৰ সুৰক্ষাৰ কথা ইমান চিন্তা কৰিছিল আৰু তেওঁলোকক ইমান গুৰুত্ব দিছিল যে ৰাউলিঙৰ মতে যদি তাই [[হেপাঁহ জিলিকা আইনা]]ত ([[:en:Mirror of Erised|Mirror of Erised]]) নিজকে চালেহেতেন,হেৰী,ৰণ আৰু নিজকে অক্ষত অৱস্থাত আৰু ভ'লডেম'টক ধ্বংসপ্ৰাপ্ত অৱস্থাত দেখিলেহেতেন<ref name="accio-quote2006">{{cite web|url=http://www.accio-quote.org/articles/2006/0801-radiocityreading1.html |title=2006: Accio Quote!, the largest archive of J.K. Rowling interviews on the web |publisher=Accio-quote.org |date=2006-08-01 |accessdate=2013-02-24}}</ref>। তাই প্ৰায়ে মেলফয়ৰ দৰে দুষ্ট ল'ৰাবোৰে কি কয় তাত মন নিদিছিল আৰু হেৰী আৰু ৰণকো মেলফয়ক হেয় প্ৰতিপন্ন কৰিবলৈ কৰা চিন্তা ভাৱনাবোৰক বাদ দিবলৈ কৈছিল।তাই এই কথাটি স্বীকাৰ কৰিছিল যে তাইৰ জন্ম মাগলৰ ঘৰত হৈছিল আৰু ডেডলী হেলোজত কয় যে তাই ''এজনী লেতেৰা তেজৰ ছোৱালী আৰু ইয়াক লৈ তাই গৌৰৱান্বিত''<ref name="accio-quote2006"/>।