ৰাজেন্দ্ৰ প্ৰসাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

The file Image:Rajendra_Prasad_portrait.jpg has been removed, as it has been deleted by commons:User:Hekerui: ''Derivative of non-free content''. ''Translate me!''
fix typo
51 নং শাৰী:
১৯১৭ চনত গান্ধীজীয়ে বিহাৰৰ ''নীল'' খেতিয়কসকলক চাহাবৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিবলৈ চলোৱা বিহাৰৰ [[চম্পাৰণ সত্যাগ্ৰহ]]ৰ সময়ৰ পৰা গান্ধীৰ লগত তেওঁৰ সমন্ধ গঢ়ি উঠে আৰু সত্যাগ্ৰহ আন্দোলনেই তেওঁৰ জীৱনলৈ বৈপ্লৱিক পৰিবৰ্তনো আনি দিয়ে। তেতিয়াই তেওঁ স্বদেশী ব্যৱহাৰ ধ্বনিলৈ সঁহাৰি দিছিল। ছাত্ৰ অৱস্থাতে তেওঁ ৰাজনৈতিক দল এটাৰ দ্বাৰা স্থাপিত ''ডন'' নাম সংঘ এটাৰ লগত জড়িত হৈছিল। ১৯০৫ চনত তেওঁ বংগ বিভাজন ৰদ কৰিবলৈ চলা আন্দোলনত অংশ লোৱাৰ উপৰিও তেওঁ বিহাৰৰ এখন ছাত্ৰ-সন্মিলন সংগঠন কৰিছিল। ১৯১১ চনত তেওঁ [[কলিকতা]]ত বহা কংগ্ৰেছ অধিবেশনত আনুষ্ঠানিকভাবে যোগদান কৰে আৰু নিখিল ''ভাৰতীয় কংগ্ৰেছ কমিটী''লৈ তেওঁ নিৰ্বাচিত হয়। ১৯১১ চনতে তেওঁ আইনজীৱী ''খান বাহাদুৰ হুদা''ৰ তলত "আষ্ঠীকল ক্লাৰ্ক" হিচাপে আইন ব্যৱসায় আৰম্ভ কৰে আৰু আদালতত প্ৰথমবাৰ উপস্থিত হৈয়ে ন্যায়ধীশ চাৰ [[আশুতোষ মুখাৰ্জী]]ক অভিভূত কৰি আইন কলেজত প্ৰবক্তাৰ পদত নিযুক্তি পায়। ১৯১১ চনৰ পা ১৯১৬ চনলৈ কলিকতা উচ্ছ ন্যায়লয়ত আৰু ১৯১৬ চনৰ পৰা ১৯২০ চনলৈ [[পাটনা]] উচ্চ ন্যায়লয়ত তেওঁ ওকালতি কৰিছিল। কলিকতাত ওকালতি কৰি থকা কালছোৱাতে তেওঁ [[গোপালকৃষ্ণ গোখলে]]ৰ সম্পৰ্কলৈ অহাৰ সুযোগ পাইছিল।
 
১৯২০ চনত শেষলৈ তেওঁ তিনিহাজাৰ টকা উপাৰ্জন কৰা ওকালতি ব্যৱসায় বাদ দি তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ ওলাই আহিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ [[অসহযোগ আন্দোলন]], ১৯৩২ চনৰ [[[আইন অমান্য আন্দোলন]] আৰু ১৯৪২ চনৰ [[ভাৰত ত্যাগ আন্দোলন]]ত সক্ৰিয় অংশ গ্ৰহন কৰাৰ কাৰণে কেইবাবাৰো কাৰাবৰণো খাটিছিল। তেওঁ ভাৰতীয় কংগ্ৰছৰ সাধাৰণ সম্পাদক পদত নিযুক্ত হোৱাৰ উপৰিও কাৰ্যকৰী কমিটীৰ সদস্য মনোনীত হৈছিল, তাৰোপৰি কিছুদিন বিহাৰ প্ৰাদেশিক কংগ্ৰছ কমিটীৰো সভাপতি আছিল। ১৯৩২,১৯৩৫, ১৯৩৮, আৰু ১৯৪৭ চনত অনুষ্ঠিত হোৱা বাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ তেওঁ সভাপতি নিৰ্বাচিত হৈছিল।
 
১৯১৪ চনত বিহাৰৰ বান-পীড়িত ৰাইজ আৰু ১৯৩৪ চনত প্ৰলয়ংকাৰী ভূমিকম্পই বিহাৰৰ ৰাইজৰ ক্ষতিসাধন কৰা সময়ত তেওঁ ৰুগীয়া শৰীৰেৰে ৰাইজৰ মাজত উপস্থিত হৈ ধান, চাউল, আটা আদিৰ উপৰিও টকা-পইচা সংগ্ৰহ কৰি মানুহৰ ঘৰে ঘৰে গৈ নিজে সেইবোৰ বিতৰণ কৰি ঘুৰি ফুৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদৰ জীৱনৰ শান্তিৰ আলয় আছিল '''সত্যৰ ভূমি সদাকত আশ্ৰম''' । ইয়াতেই তেওঁ কেন্দ্ৰীয় চৰকাৰৰ "খাদ্য মন্ত্ৰী" আৰু গণ-পৰিষদৰ সভাপতি হোৱাৰ আগৰ সময়ছোৱালৈ অতিবাহিত কৰিছিল। ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লৈ জীৱনৰ বাকীছোৱা কালো তেওঁ এই আশ্ৰমতে পৰম শান্তিৰে যোগীৰ জীৱন অতিবাহিত কৰিছিল। ১৯২৯ চনত তেওঁ [[ইংলেণ্ড]]লৈ যাত্ৰা কৰে আৰু [[ইউৰোপ]] মহাদেশৰ নানা ঠাই ভ্ৰমণ কৰিছিল। তেওঁ [[বাৰ্লিন]]লৈ গৈ তাৰ এখন তসভাত নাত্সী দৰ্শন ৰ বিষয়ে এটি পাণ্ডিত্যপূৰ্ণ ভাষম দিছিল, যিটো ভাষনৰ প্ৰতিক্ৰিয়াত তাৰ ডেকা নাত্সী দলে সভাকক্ষত এক বিৰাট হুলস্থুলৰ সৃষ্টি কৰিছিল।<ref name="ৰাজেন্দ্ৰ প্ৰসাদ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৩৮, ৩৯,৪০,৪১,৪২}}</ref>