তিৰুপতি মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
1 নং শাৰী:
Line 48 ⟶ 4:
'''তিৰুপতি মন্দিৰ''' ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত, পালক’ণ্ডা (ইংৰাজী: Palkonda)পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়। তেলুগু ভাষাত ‘তিৰু’ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু ‘পতি’ৰ অৰ্থ স্বামী; অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ’লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। মন্দিৰৰ ভিতৰত আছে প্ৰস্ফুটিত পদুমৰ ওপৰত দণ্ডায়মান দুই মিটাৰ ওখ বিষ্ণুৰ ক’লা শিলৰ বিগ্ৰহ বা মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ দুই হাতত শংখ আৰু চক্ৰ, সন্মুখৰ এহাত অভয় মুদ্ৰাৰ ভংগিত আৰু আনখন হাত কঁকালত অৱস্থান কৰা। নানান মণি-মুকুতা আৰু স্বৰ্ণালংকাৰে ভূষিত এটা মুকুট আছে মূৰ্তিটোৰ শিৰত। ১৯ দেশ-বিদেশৰ অসংখ্য তীৰ্থযাত্ৰী প্ৰতি বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। ভৌগোলিকভাৱে তিৰুপতি অন্ধ্ৰপ্ৰদেশত (দক্ষিণ প্ৰান্তত) যদিও সমীপবৰ্তী তামিলনাডুৰ চেন্নাইৰ পৰাহে ঘাইকৈ ইয়ালৈ যাতায়তৰ অধিক সুবিধা আছে।
তিৰুপতিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰ-পশ্চিমত, প্ৰায় ৭৫০ মিটাৰ উচ্চতাত হিন্দুসকলৰ পবিত্ৰ পাহাৰ তিৰুমালা অৱস্থিত। এই পাহাৰক ইমান পবিত্ৰ বুলি গণ্য কৰা হৈছিল যে
|