কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

87 নং শাৰী:
 
==বন্ধুত্ব আৰু বিপ্লৱ==
১৮৪৪ চনৰ আগষ্ট মানত কিছু কাম সংক্রান্তত এংগেলছ পেৰিছ চহৰলৈ আহিছিল। এই সময়ছোৱাতে তেওঁ মার্ক্সৰ সৈতে দীঘলীয়াকৈ কথা পতাৰ সুযোগ পালে। মার্ক্স-এংগেলছৰ এই সাক্ষাতেই জীৱন যোৰা বন্ধুত্বৰ ৰূপ ললে। সেই সময়ত এংগেলছৰ বয়স তেইছ বছৰ; মার্ক্সতকৈ তিনি বছৰ কম। পিছে এই বয়সতেই এংগেলছে নিজকে এজন আমূল-পৰিবর্তনকামী সাংবাদিক তথা বিপ্লৱী তৰুণ-হেগেলবাদী হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। ৰাইনিচে চাইতুং কাকতখনত এংগেলছেও দুই এটা প্রবন্ধ লিখিছিল। অৱশ্যে সেই সময়ত মার্ক্সে তেওঁক বিশ্বাসত লোৱা নাছিল। বার্লিনৰ আন আন বক্তৃতাসর্বস্ব তৰুণ হেগেলবাদীৰ দৰেই এংগেলছকো তেওঁ ‘ফ্রী’সকলৰ এজন বুলি ভাবিছিল।.এংগেলছৰ পৰিয়ালটোৰ পেছা আছিল ব্যৱসায়; ১৮৪২ চনৰ নৱেম্বৰ মাহত পৰিয়ালৰ বিজনেছ ফার্ম ‘আর্মেন এণ্ড এংগেলছ’ৰ কামত মানচেষ্টাৰ চহৰলৈ আহোঁতে এংগেলছে চহৰৰ ঔদ্যোগিক বিপ্লৱৰ আৱহাৱা নিজ চকুৰে প্রত্যক্ষ কৰিছিল। লগতে তেওঁ প্রত্যক্ষ কৰিছিল শ্রমিক জনগণৰ দুর্বিষহ জীৱন ধাৰা আৰু তেওঁলোকৰ প্রতিনিয়ত প্রতিবাদ আৰু সংগ্রামী কার্যসূচী। এংগেলছ মানচেষ্টাৰলৈ অহাৰ মাত্র কিছুদিনৰ আগতে ঐতিহাসিক চার্টিষ্ট আন্দোলনে সমগ্র অঞ্চলটো চুই গৈছিল। এই সমস্ত অভিজ্ঞতাৰ ভিত্তিত এংগেলছে ৰছনা কৰিছিল ‘The Condition of the Working Class in England’ গ্রন্থখনি। মার্ক্সৰ দৰেই এংগেলছেও শ্রমিক শ্রেণীৰ বিপুল বৈপ্লৱিক সম্ভাৱনীয়তাসমূহ সঠিককৈ চিহ্নিত কৰিছিল। আন কথাত- দুয়োজনৰে চিন্তাৰ সাদৃশ্য আছিল অভূতপূর্ব।
 
অৱধাৰিভাৱেই দুয়ো বন্ধুৱে একেলগে মিলি কাম কৰাৰ সিদ্ধান্ত ললে। মার্ক্স-এংগেলছে যুতীয়াকৈ লিখা প্রথম ৰছনাখনি আছিল ‘The Holy Family’ শীর্ষক গ্রন্থখন। এই সময়ছোৱালৈকে মার্ক্স-এংগেলছৰ পুৰণি তৰুণ-হেগেলবাদী বন্ধুসকল ভীষণভাৱে এলিটবাদী তথা গণতন্ত্রবিৰোধী হৈ পৰিছিল। ব্রুণ’ বয়াৰেতোবয়াৰে ৰাছিয়াৰ জাৰতন্ত্রকে সমর্থন কৰি পেলাইছিল আৰু এইবুলি ঘোষণা কৰিছিল ‘জনগণ, কেৱল মাথো জনগণৰ মাজতেই মানৱ-মননৰ প্রকৃত শত্রুবোৰ লুকাই আছে!’ প্রাক্তন বন্ধুসকলৰ এইজাতীয় উৎকট তথা অদ্ভুত যুক্তিসমূহৰ প্রত্যুত্তৰ দিয়াটো প্রয়োজনীয় বুলি দুয়োজনেই অনুভৱ কৰিলে। এংগেলছৰ অভিমত আছিল – এই বিষয়ে পুস্তিকাৰ আকাৰত এখনি সৰু গ্রন্থ লিখা যাওঁক। পিছে মার্ক্সৰ অত্যুৎসাহীঅত্যুৎসাহৰ বদ-অভ্যাসটোৰ ফলত পুস্তিকাখনৰ কলেৱৰ ক্রমান্বয়ে বাঢ়ি গৈ অবশেষত ২০০ পৃষ্ঠাৰ এখনি পূর্ণাংগ গ্রন্থৰ ৰূপ ললে! ‘The Holy Family’ শীর্ষক এই গ্রন্থখনিত মার্ক্সে দর্শন তথা সাহিত্য-সমালোচনাৰ পৰা আৰম্ভ কৰি শ্রমিক মুক্তিৰ তত্ত্বলৈকে অজস্র বিষয় সম্পর্কে বিতংকৈ আলোচনা কৰিলে।
 
চল্লিছৰ দশকটোৰ মাজভাগলৈ পেৰিছৰ দেশান্তৰিত বিপ্লৱীসকলৰ মাজত মার্ক্স এজন চর্চিত তথা উল্লেখযোগ্য ব্যক্তি হৈ পৰিল। অৰাজকতাবাদ(Anarchism)ৰ দুয়োগৰাকী পুৰোধা ব্যক্তি –পীয়েৰ জোচেফ প্রুধ’ তথা মিখাইল বাকুনিনৰ সৈতে মার্ক্সৰ বন্ধুসুলভ সম্পর্ক আছিল; দুয়োজনৰে সৈতে তেওঁ মাজে-সময়ে হেগেলৰ দর্শন সম্পর্কে আলোচনা কৰিছিল। কবি হেইনৰিখ হেইনী (Heinrich Heine)ৰ সৈতেও মার্ক্স—এংগেলছৰ ভাল সম্পর্ক আছিল। মার্ক্স-এংগেলছৰ প্রভাৱত পৰিয়েই হেইনীয়ে সমাজবাদী কবিতা লিখিবলৈ চেষ্টা কৰিছিল। পাছলৈ মার্ক্স–এংগেলছৰ কথা সুঁৱৰি হেইনীয়ে এনেদৰে লিখিছে, ‘জার্মান কমিউনিষ্টসকলৰ দুয়োজনা গুপ্তনেতাই হৈছে তর্কবাগীশ; দুয়ো হেগেলবাদী পৰম্পৰাৰ শিষ্য। তেওঁলোকক বিনাদ্বিধাই জার্মানীৰ সবাতোকৈ সক্ষম তথা বলিষ্ঠ চিন্তাবিদ বুলি কব পৰা যায়।’