অমলেন্দু গুহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
34 নং শাৰী:
 
==জন্ম আৰু শিক্ষা==
অমলেন্দুড° গুহৰ দেউতাক যামিনীসুন্দৰ গুহ বৰ্তমান বাংলাদেশৰ ময়মনসিংহৰ পৰা মণিপুৰলৈ শিক্ষকতা কৰবিলৈ আহিছিল। ১৯২৪ চনৰ ৩০ জানুৱাৰীত তেখেতে ইম্ফলত জন্মগ্রহণ কৰে।<ref name="pratidin">{{cite web | url=http://www.asomiyapratidin.in/article.php?date=08-05-2015&page=1&article=19.jpg&cid=137051#.VVMP0o6qqko | title=ইতিহাসৰ দিকপাল ড. অমলেন্দু গুহৰ দেহাৱসান | publisher=অসমীয়া প্ৰতিদিন | date=৮ মে' ২০১৫ | accessdate=13 মে' 2015}}</ref> দেউতাকৰ অৱৰৰ পাছত গুহ পৰিয়াল গুৱাহাটীলৈ গুছি আহে। তাত তেখেতে পল্টনবজাৰ বেঙ্গলী হাই স্কুলৰ পৰা ১৯৪১চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। আই.এ.পৰীক্ষাত তেখেতে ৪ৰ্থ স্থান পায় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত পঢ়া-শুনা কৰে। কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণ হৈ তেখেতে বাংলাদেশৰ টাংগাইলত কৰ্মজীৱন আৰম্ভ কৰে। পিছলৈ গুৱাহাটীত কিছুদিন শিক্ষকতা কৰি দৰং মহাবিদ্যালয়ৰ অধ্যাপক হয়। তেখেতে দিল্লীৰ স্কুল অৱ ইন্টাৰনেচনেল ষ্টাডিজত বিংশ শতিকাৰ আফগানিস্তানৰ অৰ্থনৈতিক ইতিহাস বিষয়ত গৱেষণা কৰে।<ref name="anandabazar" /> তেখেতে পুণেৰ গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্স, দিল্লী স্কুল অব্ ইক’নমিক্স, কলকাতাৰ ইণ্ডিয়ান স্কুল অব্ ছ’ছিয়েল ছায়েন্সজতো অধ্যাপনা কৰিছিল। তেখেতে গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বুৰঞ্জী সন্মিলন আৰু শিৱসাগৰত অনুষ্ঠিত হোৱা কবি সন্মিলনত সভাপতিত্ব কৰিছিল।<ref name="assamkart" />
 
==পাৰিবাৰিক জীৱন==
১৯৬০ চনত ড° গুহই ধুবুৰীৰ জীয়ৰী অণিমা গুহক বিয়া কৰায়। তেখেতৰ পত্নী অণিমা গুহও অসমৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেখেতসকলৰ একমাত্ৰ সন্তান সুপ্ৰতীক গুহ আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে।<ref name="pratidin" />
 
==সাহিত্যিক কৰ্মৰাজি==
ড° গুহৰ ইতিহাস গৱেষণাৰ বিশাল ক্ষেত্ৰখন আছিল অসম। মাৰ্কীয় বিশ্ববীক্ষাৰ পোহৰত মধ্যযুগৰ পৰা বৃটিছ যুগলৈ ইতিহাস চৰ্চাৰে তেখেতে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিছিল। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বাংলা ভাষাত একোখনকৈ কবিতাপুথিও ৰচনা কৰি থৈ গৈছে। তেখেতৰ বাংলা কবিতা পুথি 'লুইত পাৰেৰ গাথা'ৰ বেটুপাত আঁকিছিল বিষ্ণুপ্ৰসাদ ৰাভাই।<ref name="pratidin" /><ref name="anandabazar" /><ref name="assamkart" />
অমলেন্দু গুহৰ কেইখনমান গ্ৰন্থ হ'ল-<ref name="anandabazar" /><ref name="assamkart" />
*প্লেণ্টাৰ্চ্Planters ৰাজRaj টুTo Swaraj: Freedom Struggle And Electoral Politics In Assam 1826-1927 স্বৰাজ- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
*Medieval and Colonial Assam: Society, Polity And Economy- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
*বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ
*তোমালৈ- অসমীয়া কবিতা পুথি
*গোৱালপাৰা জিলাৰ আৰ্থ-সামাজিক ব্যৱস্থা- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
*অসমৰ ইতিহাস: অধ্যয়ণ আৰু ৰচনা- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
*তোমালৈ- অসমীয়া কবিতা পুথি- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
*লুইত পাৰেৰ গাথা- বাংলা কবিতা পুথি