শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
44 নং শাৰী:
===বিগ্ৰহৰ অৱস্থিতি===
পৰিহৰেশ্বৰ দেৱালয়ৰ মূল বিগ্ৰহটো হৈছে শিৱ গোসাঁইৰ। প্ৰায় ২১০ বৰ্গফুট আয়তনৰ গহ্বৰৰ ভিতৰত এচটা শিলৰ ওপৰত সংলগ্ন হৈ বিগ্ৰহটো আছে। ভূপৃষ্ঠৰ পৰা প্ৰায় ১২ ফুটমান তলত এই বিগ্ৰহ অৱস্থিত। লিংগপীঠটো উত্তৰফালে আৰু যোনিপীঠ বা গৌৰীপীঠটো তাৰে তলত অৱস্থিত। শিৱ লিংগত দিয়া পদ্য অৰ্ঘ্য যোনিপীঠেৰে গৈ মন্দিৰ সংলগ্ন কুণ্ডত পৰাৰ ব্যৱস্থা আছে। পূজাৰ সময়ত দিয়া সকলো জলপুষ্প শিলেৰে নিৰ্মিত নলাৰে গৈ উত্তৰ ফালে থকা পুখুৰীত পৰাৰ ব্যৱস্থা আছে।
<!--
 
===মঠ আৰু বৰচ'ৰা===
পৰিহৰেশ্বৰ দেৱালয়ৰ বিগ্ৰহৰ ওপৰত এটি ওখ মঠ বা দ'ল আছে। সেই মঠটো শিৱসাগৰৰ শিৱদ'লৰ আৰ্হিত সজোৱা। ১৯৬২ চনত এই মঠটো আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ হৈছিল ১৯৮০ চনত। এই মঠৰ উচ্চতা ৫৫ ফুট আৰু ব্যাস ২৪ ফুট। ১২ ফুট ব্যাসাৰ্দ্ধৰ প্ৰায় ৭৫।৫ ফুট বৃত্তীয় পৰিসীমাযুক্ত মঠটোৱে ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১৪ ফুট তলত থকা বিগ্ৰহটো আৱৰি আছে।
 
মঠৰ লগতে এটি আহল-বহল বৰচ'ৰা সংলগ্ন হৈ আছে। বৰচ'ৰাটো ডাঙৰ ডাঙৰ শালৰ খুটাৰ ওপৰত টিনৰ চালিৰে সজোৱা। বৰচ'ৰাটোৰ দীঘল ৯০ ফুট আৰু বহল ৪০ ফুট। মন্দিৰৰ পূৱপিনে ভোগ-মণ্ডপ আছে। ইয়াত গোসাঁইৰ ভোগ ৰন্ধা হয়। ভোগ-মণ্ডপৰ উত্তৰপিনে ভোগ-ঘৰ। ইয়াত যাত্ৰীসকলে ভোগ গ্ৰহণ কৰিব পাৰে। ভোগ-মণ্ডপৰ দক্ষিণফালে যাত্ৰীৰ জিৰণী ঘৰ, ভঁড়াল ঘৰ আৰু দেৱালয়ৰ কাৰ্যালয়।
 
===কেতেকীবাৰী===
পৰিহৰেশ্বৰ দেৱালয়ৰ পিছপিনে প্ৰায় দুবিঘা মাটি জুৰি এখন কেতেকীবাৰী আছে। এই কেতেকীবাৰীৰ লগত এক জনশ্ৰুতি জড়িত হৈ আছে। কোনোবা দেৱদাসীয়ে শিৱৰ আগত নৃত্য প্ৰদৰ্শন কৰোঁতে বাৰে বাৰে তাল ভংগ হৈছিল আৰু খোপা সুলকি পৰিছিল। সেই দেৱদাসীক শিৱই অভিশাপ দিছিল যে তেওঁ মৰ্ত্যত আহি কেতেকী ফুল হৈ ফুলি থাকি দহি দহি আনক সুগন্ধি বিলাই থাকিব। পৰিহৰেশ্বৰ দেৱালয়ৰ এই কেতেকীবাৰীখন অঞ্চলবাসীৰ বাবেও এক গৌৰৱৰ সম্পদ। অতি প্ৰাচীন পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্যৰ নাচনীসমূহে খোপাৰ কেতেকী ফুল গুজি নৃত্য প্ৰদৰ্শন কৰিছিল।
===পুৰণি তালগছ===
 
-->
 
===পুষ্পভদ্ৰা নদী===
খ্ৰীষ্টীয় সপ্তদশ শতিকাত কালদিয়া নদীৰ এটি সুঁতি গোবিন্দপুৰ, বামুনকুছি, ডুবি আদি গাঁওৰ মাজেৰে গৈ পুনৰ উপৰনৈত কালদিয়া নদীৰ লগত মিলিছিলগৈ। বৰ্তমান এই সুঁতি নাই, মৰা সুঁতিৰ ৰূপতহে অ'ত-ত'ত অলপ আছে। ১৮৮৪ চনৰ আগৰ পিয়লৰ নক্সাত এই নদীৰ অৱস্থিতিৰ কথা লিপিৱদ্ধ কৰা আছে। এই সুঁতিটোক পুষ্পভদ্ৰা নামে জনা গৈছিল।
 
 
===পুৰণি তালগছ===
পৰিহৰেশ্বৰ দেৱালয়ৰ চৌহদৰ একেবাৰে পশ্চিম ফালে এডাল অতি পুৰণি তালগছ আছে। বজালীৰ জনসাধাৰণৰ মাজত এই তালডালক কেন্দ্ৰ কৰি এটি প্ৰবাদ আছে
"হাজোৰ শাল ডুবিৰ তাল
যেতিয়া দেখাদেখি হব
পুষ্পভদ্ৰা নদী তেতিয়া মুক্তি পাব।"
হাজোৰ হয়গ্ৰীব-মাধৱ মন্দিৰত থকা শালগছ আৰু ডুবিৰ এই তালগছ বহুত ওখ বাবে, আৰু ওখ হৈ দেখা দেখি হ'লেই বৰ্তমান মৰি যোৱা পুষ্পভদ্ৰা নদীখন পুনৰ ববলৈ ধৰিব বুলি বজালীবাসীয়ে এই প্ৰবাদমতে বিশ্বাস কৰে।
 
==ঐতিহাসিক পটভূমি==