শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
67 নং শাৰী:
ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠ সমূহৰ ভিতৰত প্ৰাচীন, ঐতিহ্যপূৰ্ণ আৰু জাগ্ৰতৰূপে খ্যাত অন্যতম দেৱালয়। ইয়াৰ ঐতিহাসিক পটভূমি অনেক পুৰণি। ইয়াত থকা [[ভাস্কৰ বৰ্মা]]ৰ [[তাম্ৰলিপি]]ৰ পৰা এই দেৱালয়ৰ বৈশিষ্ট্য আৰু প্ৰাচীনতাৰ উমান পোৱা যায়। দেৱালয়ৰ মূল মন্দিৰৰ নিৰ্মাণ সামগ্ৰী আৰু আন্তঃগাঁথনিলৈ চাই ইয়াৰ নিৰ্মাণকাল ষষ্ঠ-সপ্তম শতিকাতে নিৰ্মাণ হোৱা বুলি ধাৰণা কৰিব পাৰি। এই মন্দিৰত পূজা-অৰ্চনা কৰা পুৰোহিত সকললৈ কুমাৰ ভাস্কৰ বৰ্মাই ভূমিদান দিয়াৰ কথা তাম্ৰলিপিত পোৱা যায়।<ref>{{cite journal | title=শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান | author= আদ্য শৰ্মা | year=| month=| pages= অভিমত}}</ref> অৱশ্যে কিবা কাৰণত মাজতে এই মন্দিৰৰ অস্তিত্ব বিলুপ্ত হৈছিল আৰু ওঠৰশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে ধৰ্মবৰ নামৰ ব্ৰাহ্মণ এজনে কপিলী গাই এজনীয়ে বিৰিণা এজোপাৰ ওপৰত গাখীৰ দান কৰাৰ পম খেদি দেৱালয়ৰ বিগ্ৰহটো আৱিষকাৰ কৰে। [[আহোম]] ৰজা [[শিৱসিংহ]]ৰ ৰাজত্ব কালত ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ বিগ্ৰহটো পুনৰুদ্ধাৰ হয় আৰু ৰজা [[লক্ষমী সিংহ]]ৰ দিনত ১৭৭০ খ্ৰীষ্টাব্দত মন্দিৰটি নতুনকৈ সজোৱা হয়। <ref name="dubi"/>
 
<!--
=== ডুবি নামৰ উৎপত্তি===
ডুবি নামৰ উৎপত্তি সম্পৰ্কে দুটা জনশ্ৰুতি আছে।
১/ পৰিহৰেশ্বৰ দেৱালয়ৰ বিগ্ৰহ খোদিত অঞ্চল দুৰ্বলা নামৰ এখন সৰু পাহাৰেৰে আবৃত আছিল। কালক্ৰমত সেই পাহাৰ কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহি যায়। গোটেই অঞ্চলটো ডুবি যোৱা বাবে এই অঞ্চলৰ নাম ডুবি নামেৰে জনাজাত হয়।
২/ ডুবি শব্দৰ আভিধানিক অৰ্থ হ'ল নৈ বা বিলৰ মাজৰ দ-ঠাই। ডুবি গাঁওৰ ওচৰেদি পুষ্পভদ্ৰা নামেৰে এখন নদী বৈ যোৱাৰ চিন পোৱা যায়। জনশ্ৰুতিমতে, ডুবি অঞ্চলটো সেই পুষ্পভদ্ৰা নদীৰে কোনোবা এটুকুৰা দ-ঠাই।
 
=== ডুবিৰ তাম্ৰপত্ৰ===
১৯৫১ চনত ডুবিৰ ওচৰৰ গাড়ীসত্ৰ গাঁৱৰ লোকনাথ শৰ্মাৰ ঘৰৰ ভেঁটি খন্দাৰ সময়ত ছয়খন ফলি উদ্ধাৰ হয়। ছয় নম্বৰ ফলিখন মামৰ ধৰা হেতুকে টুকুৰা টুকুৰ হৈছিল আৰু পিছলৈ হেৰাইছিল। বাকী পাঁচখন ফলি এতিয়াও অসম ৰাজ্যিক সংগ্ৰহালয়ত সংগৃহীত হৈ আছে। এই ফলিসমূহ কামৰূপ ৰজাসকলৰ উদ্ধাৰ হোৱা তাম্ৰপত্ৰসমূহৰ ভিতৰত প্ৰাচীনতম।
বৰ্তমানে সংৰক্ষিত এই ফলিসমূহত মুঠতে ৭৬ টা শ্লোক আছে। লিপিখন গদ্য আৰু পদ্য উভয়তে লিখা। কামৰূপ ৰজা ভাস্কৰ বৰ্মাৰ দিনৰ উদ্ধাৰ হোৱা এই ফলিসমূহ ৰজাৰ মোহৰযুক্ত ঘূৰণীয়া হেতা আকৃতিৰ এখন ব্ৰঞ্জৰ পাতৰ লগত এডাল তামৰ তাঁৰেৰে বন্ধা আছিল। মোহৰটোত এটা হাতীৰ মূৰ্তি আৰু এঘাৰ শাৰী আখৰ আছে। ভাস্কৰ বৰ্মাৰ পূৰ্বপুৰুষ নৰকাসুৰ, ভগদত্তৰ পৰা বৰ্মন ৰজাসকলৰ আৰু কেইবাগৰাকী ৰাণীৰো নাম তাত উল্লেখ আছে। লিখিত ভাষা সংস্কৃত আৰু হৰফ উত্তৰ ভাৰতীয় ব্ৰাহ্মী। আটাইকেইখন (৫ খন) ফলিত মুঠ ১১৭ শাৰী আখৰ আছে। আকৃতি দীঘে ৯.৩ ইঞ্চি আৰু পথালীয়ে ৪.৬ ইঞ্চি। অৱশ্যে মামৰ ধৰা অৱস্থাত উদ্ধাৰ হোৱা বাবে ফলিসমূহ অলপ সংকুচিত আছিল। এই পত্ৰসমূহ প্ৰকৃততে এজন ব্ৰাহ্মণক ভূমি দান দিয়াৰ পত্ৰহে। ষষ্ঠ ফলিখন নথকা হেতুকে কাক এই ভূমি দান দিয়া হৈছিল, সেয়া জনা নাযায়। আখৰৰ গঠনমতে এই ফলিসমূহ খ্ৰীষ্টীয় সপ্তম শতিকাৰ বুলি ধাৰণা কৰা হয়। এই তাম্ৰপত্ৰত আৰম্ভণিতে শিৱক প্ৰণাম কৰা হৈছে। এই তাম্ৰপত্ৰত ভাস্কৰ বৰ্মণৰ পূৰ্বপুৰুষ সকলৰ নাম তথা ৰাণী কেইগৰাকীমানৰ নামো উল্লেখ আছে। ইয়াত ৰজাসকলৰ গুণ-গৰিমা আৰু ৰাণীসকলৰ ৰূপ-লাবণ্যৰ বৰ্ণনা কৰা আছে। তাম্ৰপত্ৰত ভাস্কৰ বৰ্মণক সু-প্ৰতিষ্ঠিত বৰ্মণৰ ভ্ৰাতৃ হয় বুলিও উল্লেখ আছে।
 
পৰিহৰেশ্বৰ দেৱালয়ৰ সম্পৰ্কত অন্য এখন তাম্ৰপত্ৰ আছে। এই তাম্ৰপত্ৰখন আহোম ৰজা শিৱসিংহই দান দিছিল। ১৬৬০ শক বা ১৭৩৮ খীঃত এই তাম্ৰপত্ৰখন শিৱসিংহ ৰজাৰ হকে মন্ত্ৰী তৰুণ দুৱৰা বৰফুকনে কোনোবা এজন দলৈক দিছিল। এই দানপত্ৰত বৰদেউৰী, দলৈ, পাঠক, সুপকাৰ, আঠপৰীয়া, মালীয়া(মালাকৰ), ভড়ালী, ভোগঘৰীয়া, ঢুলীয়া-ডগৰীয়া, কালীয়া, গায়ন-বায়ন, কুমাৰসাৰা (পিয়ন), ঠাকুৰীয়া, মজুমদাৰ আদি ২৮ বিধ পাইকৰ কথা উল্লেখ আছে। এই তাম্ৰপত্ৰৰ আকৃতি দীঘে ৩৩ ছেঃমিঃ আৰু বহলে ১৬ ছেঃমিঃ। ফলিখনৰ প্ৰথম ছৰশাৰীৰ ভাষা সংস্কৃত আৰু বাকী তিনিটা স্তম্ভত থকা মুঠ ৭২ শাৰীৰ ভাষা অসমীয়া। আটাইবোৰ কথাই অসমীয়া ভাষাত লিখা। ফলিখনৰ প্ৰথম স্তম্ভত ২৩ শাৰী, দ্বিতীয় স্তম্ভত ২৩ শাৰী আৰু তৃতীয় বা শেষ স্তম্ভত ২৬ শাৰী আখৰ আছে। এই তাম্ৰপত্ৰমতে ৰজাই মুঠতে ৩৫৯ পূৰা মাটি দেৱালয়ৰ নামত দান দিয়ে। এই মাটি ডুবিত ১১৯ পূৰা, হিৰমল সোণকহাত ৮ পূৰা, বাসুদেৱ গুণৰিত ১২ পূৰা, বামুনকুছি আৰু কটহকুছিত ১১০ পূৰা, তিতকা চতুৰ্ভূজত ৩৪ পূৰা, দেৱৰ গোবিন্দপুৰত ৩৭ পূৰা আৰু ঔকুছিত ২১ পূৰা আছে। এই সকলোখিনিৰ ভিতৰত ১৩০ পূৰা খাজনামুক্ত আৰু বাকীখিনিত পূৰাত বছৰি চাৰি অনাকৈ খাজনাযুক্ত।
<!--
 
=== পৰিহৰেশ্বৰত দেৱদাসী===
 
Line 79 ⟶ 87:
===বিগ্ৰহৰ আৱিষ্কাৰ===
বৰ্তমানে মন্দিৰ থকা ঠাইৰ ওচৰৰে কোনো এখন গাঁওৰ (ডুবি অথবা কটহকুছি) ধৰ্মবৰ নামেৰে এজন ব্ৰাহ্মণে বাস কৰিছিল। সেই ব্ৰাহ্মণৰ এজনী কজলা কপিলী গাই আছিল। ঘৰত খীৰাবলৈ নিদিয়া গাইজনীয়ে সদায় গৈ পুষ্পভদ্ৰা নদীৰ পাৰত নল-খাগৰী বিৰিণাৰে ভৰি থকা নিৰ্দিষ্ট জাৰণি এডৰাত গাখীৰ দিয়েগৈ। এই কথা ধৰ্মবৰে গম পাই জাৰণিডৰাত কি আছে জানিবলৈ যেতিয়া খান্দিলে, তাত এডোখৰ শিল দেখা পালে। ইতিমধ্যে শিলডোখৰ কোৰ ঘাপ লাগি এডোখৰ কটা গৈছিলেই। শিলডোখৰ দেখি ধৰ্মবৰ ভয় খাই গুছি আহিল আৰু গাঁওৰ ৰাইজক কথাটো ক'লেগৈ। গাঁওৰ ৰাইজেও বহু চেষ্টা কৰিও শিলচটা উলিয়াব নোৱাৰিলে। বৰং, যিমানেই চেষ্টা কৰিলে, শিলচটা তললৈহে গ'ল। অৱশেষত বিফল হৈ সকলো ঘূৰি আহিল যদিও ধৰ্মবৰে সপোন দেখিলে যে ভগৱান শিৱই তেওঁক শিলচটা থকা ঠাইত এটি মন্দিৰ সজাবলৈ আদেশ দিছে। লগতে এই মন্দিৰ সজালে সকলোৰে মঙ্গল হব বুলিও আশ্বাস দিলে। এয়ে মন্দিৰৰ বিগ্ৰহৰ আৱিষ্কাৰৰ কাহিনী।
 
===পৰিহৰেশ্বৰ দেৱালয়ৰ সৃষ্টি===
ভাৰতবৰ্ষৰ সকলো ঠাইতে থকা শক্তিপীঠ আৰু শিৱধাম সমূহৰ প্ৰতিষ্ঠাৰ একো-একোটা পৌৰাণিক কাহিনী বা জনশ্ৰুতি আছে। সতীৰ দেহত্যাগৰ পিছত শিৱই সতীৰ শৰীৰ কান্ধত তুলি যেতিয়া ঘূৰি ফুৰিছিল, তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহটো কাটি কাটি মাটিত পেলাইছিল। সতীৰ দেহৰ অংগ পৰা সেই ঠাইসমূহত শক্তিপীঠ আৰু শিৱই জিৰোৱা ঠাইসমূহত শৱধাম গঢ়ি উঠিছিল। ডুবিৰ দুৰ্বলা গিৰিত শৱই জিৰাইছিল বাবে পৰিহৰেশ্বৰ দেৱালয় গঢ়ি উঠিছিল বুলি জনশ্ৰুতি আছে।
 
===পাইক প্ৰথা===
পৰিহৰেশ্বৰ দেৱালয়লৈ স্বৰ্গদেউ শিৱসিংহৰ ৰজত্বকালত মন্ত্ৰী তৰুণ দুৱৰা বৰফুকনে দান কৰা তাম্ৰপত্ৰত ২৮ বিধ পাইকৰ কথা উল্লেখ আছে যদিও বাস্তৱত এই পাইকসমূহৰ কৰ্ম প্ৰযোজ্য হোৱা নাছিল। ডুবি দেৱালয়ত প্ৰচলিত পাইক বা পদবীসমূহ হ'ল-
:'''ব্ৰাহ্মণ'''ৰ ফৈদ দুটা। বৰদেউৰী আৰু সু-পকাৰ।
:'''বৰদেউৰী'''আছিল চাৰিজন। এওঁলোক আছিল মন্দিৰৰ সৰ্বেসৰ্বা। বংশানুক্ৰমে এওঁলোকে মন্দিৰৰ মূল পূজাৰী হিচাপে সেৱা আগবঢ়াই আহিছিল।
:'''বৰদেউৰী'''
:'''সু-পকাৰ'''হৈছে মন্দিৰৰ বিগ্ৰহৰ নামত অৰ্পিত ভোগ ৰান্ধনিসকল।
:'''সু-পকাৰ'''
:'''দলৈ'''য়ে মন্দিৰৰ মাটিবাৰীৰ তত্বৱধান কৰিছিল। মাটিৰ খাজনা দিয়া, ভোগ আদি আদায় কৰি পূজা-পাৰ্বন পৰিচালনা কৰাৰ দায়িত্বও আছিল দলৈৰ ওপৰতে। দেৱালয়ৰ মুখ্য পৰিচালক হ'ল দলৈ। দলৈক নিৰ্বাচিত কৰা হয় দৰদেউৰী ফৈদৰ পৰা।
:'''দলৈ'''
:'''আঠপৰীয়া'''হৈছে দেৱালয়ত পূজা সেৱা বা অন্যান্য কামত দিন-ৰাতিৰ আঠ প্ৰহৰৰ এক প্ৰহৰ খটা মানুহ। তিনি ঘণ্টাক এক প্ৰহৰ বুলি ধৰা হয়।
:'''আঠপৰীয়া'''
:'''ভঁৰালী'''মন্দিৰৰ উৎসৱ পাৰ্বনৰ বাবে ভোগৰ সামগ্ৰী ভগধনী মাটি দখলকাৰী প্ৰজাৰ পৰা আদায় কৰি আনি জমা ৰখা বা দেৱালয়লৈ দান দিয়া বয়-বস্তুবোৰ জমা ৰখা পাইক।
:'''ভঁৰালী'''
:'''মলীয়া বা মালাকৰ'''মন্দিৰৰ পূজা দেৱাৰ বাবে নিতৌ প্ৰয়োজনীয় ফুল আৰু মালাৰ যোগান ধৰা পাইক।
:'''গায়ন-বায়ন'''মন্দিৰত প্ৰচলিত দেৱদাসী নৃত্যৰ গীতৰ লগতে বাদ্য সংগত কৰা লোকসকল হৈছে গায়ন-বায়ন। এওঁলোকক নট বুলিও জনা যায়। আহোম ৰজাসকলে এওঁলোকক উচ্চ জাতৰ শূদ্ৰ (নট-কলিতা) হিচাপে গণ্য কৰিছিল। এওঁলোকৰ মাজৰ কিছুমান কুমাৰী ছোৱালীক দেৱদাসী হিচাপে নিয়োগ কৰিছিল।
:'''গায়ন-বায়ন'''
:'''সাৰা'''ভঁৰালীয়ে যিসকল লোকক চৌকিদাৰৰ লেখীয়াকৈ দেৱালয়ৰ কামৰ বাবে খটুৱাইছিল, তেওঁলোকেই সাৰা।
:'''সাৰা'''
:'''ঠাকুৰীয়া''' মন্দিৰত দৈনন্দিন পূজা-সেৱাত অৰ্পিত বা পৰ্ব বিশেষে অৰ্পিত ভোগ-প্ৰসাদ আদি বিতৰণ কৰা ব্যক্তিসকল হৈছে ঠাকুৰীয়া। এওঁলোকে দেৱালয়লৈ দিবলগীয়া কৰ বা খাজনা আদি আদায় কৰা কামতো দলৈক সহায় কৰিছিল।
:'''ঠাকুৰীয়া'''
:'''চিকদাৰ'''এওঁলোক দলৈৰ সহায়কাৰী বিষয়া।
 
<!--