গ্ৰহাণু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1,978 বাইট যোগ দিয়া হ’ল ,  6 বছৰৰ পূৰ্বে
নতুন অনুচ্ছেদ
(নতুন অনুচ্ছেদ)
 
'''গ্ৰহাণু''' হৈছে [[সূৰ্য]]ৰ চাৰিওফালে প্ৰদক্ষিণ কৰা অসংখ্য শিল বা বৰফেৰে গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ সমষ্টি ৷ সাধাৰণতে গ্ৰহাণুবোৰৰ অৱস্হান মঙল আৰু বৃহস্পতিৰ মাজত ৷ এতিয়ালৈকে দুহেজাৰৰো অধিক গ্ৰহাণুৰ সন্ধান পোৱা গৈছে ৷ ইয়াৰ আটাইতকৈ ডাঙৰটোৰ নাম ছিৰিছ, ইয়াৰ ব্যাস 780 কিলোমিটাৰ ৷ আন কেইটামান গ্ৰহানু হ'ল: আটেনছ, এপ'লোছ,এম'ৰ্ছ, ফ্ল'ৰা, থেমিছ আদি ৷
 
==পৃথিৱীৰ সৈতে সংঘৰ্ষ==
 
বিজ্ঞানীসকলে ধাৰণা কৰা মতে প্ৰায় পয়ষষ্ঠি নিযুত বছৰ আগতে [[মেক্সিকো]]ৰ উপকূলীয় অঞ্চলত আনুমানিক ১৪.৫ কিঃমিঃ ব্যাসাৰ্ধৰ এটি গ্ৰহাণুৱে প্ৰচণ্ড বেগেৰে খুন্দা মাৰিছিল৷ফলত বিশাল পৰিমাণৰ ধোঁৱা-ছাইয়ে আকাশ ছানি ধৰাৰ ফলত তাপমাত্ৰা বহু তললৈ নামি গৈছিল আৰু তাতে থকা ডাইন'ছৰবোৰৰ মৃত্যু ঘটিছিল৷১৯০৮ গ্ৰহাণুৰ সৈতে হোৱা সংঘৰ্ষত [[ৰাছিয়া]]ৰ [[ছাইবেৰিয়া]] অঞ্চলৰ প্ৰায় ২১৫০ বৰ্গকিঃমিঃ অঞ্চলৰ গছ-বন জ্বলি ছাৰখাৰ হৈ গৈছিল৷২০১৩চনৰ ১৫ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৰাছিয়া চেলীয়া বিনস্ক চহৰত ২০ মিটাৰ পতিত হোৱাৰ ফলস্বৰূপে ১৬০০ মানুহ আহত হোৱাৰ লগতে ৭৩০০টা অট্টালিকাৰ বিস্তৰ ক্ষতি হৈছিল৷গ্ৰহাণুটোৰ শক্তিৰ পৰিমাণ [[হিৰোশ্বিমা]]ত পেলোৱা পাৰমাণৱিক বোমাতকৈ ৩৩ গুণ অধিক আছিল বুলি ঠাৱৰ কৰা হৈছে৷<ref>ড° বিপিন বৰা,সাদিন,২ অক্টোবৰ,২০১৫</ref>
 
==তথ্য সংগ্ৰহ==�{{Reflist}}
 
[[শ্ৰেণী:জ্যোতিৰ্বিজ্ঞান]]
312

টা সম্পাদনা