ভৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 110 interwiki links, now provided by Wikidata on d:q11423 (translate me)
No edit summary
1 নং শাৰী:
{{Classical mechanics|cTopic=মৌলিক ধাৰণাসমূহ}}
[[পদাৰ্থ বিজ্ঞান]]ত, '''ভৰ''' ([[ইংৰাজী]]: mass) ([[পৌৰাণিক গ্ৰীক|গ্ৰীক]] {{lang|grc|[[:wikt:μᾶζα|μᾶζα]]}} "বাৰ্লি কেক, আটাৰ লাডু"), হৈছে বস্তু এটাৰ [[ত্বৰণ|দ্ৰুতিৰ পৰিবৰ্তনৰ]] বিপৰীতে বস্তুটোৱে দিয়া অন্তৰ্নিহিত পদাৰ্থৰ পৰিমানসূচক বাধা ।
আনহাতে, '''মাধ্যাকৰ্ষণিক ভৰ''' হৈছে, যেতিয়া এটা বস্তুৱে আন এটা বস্তুৰ সৈতে ক্ৰিয়া কৰে তেতিয়া
# বস্তুটোৱে প্ৰয়োগ কৰা (সক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ), নাইবা
# বস্তুটোৱে অনুভৱ কৰা (নিষ্ক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ)
[[মাধ্যাকৰ্ষণিক বলৰ]] জুখি লোৱা মান ।
ভৰৰ [[আন্তঃৰাষ্ট্ৰীয় একক প্ৰণালী|SI]] একক হৈছে [[কিল’গ্ৰাম]] বা কেজি(kg)।
দৈনন্দিন ব্যৱহাৰত, ভৰক প্ৰায়েই ''[[ওজন]]'' বুলি কোৱা হয়, যিটোৰ একক প্ৰায়েই কিল’গ্ৰাম বুলি ধৰি লোৱা হয় (যেনে, এজন মানুহে ক’ব পাৰে যে তেওঁৰ ওজন হৈছে ৭৫ কেজি) । কিন্তু বৈজ্ঞানিক ব্যবহাৰত, ''ওজনে'' পদাৰ্থৰ আন এটা বেলেগ ধৰ্মহে বুজায় । ওজন হৈছে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষনিক বল, আনহাতে ভৰ হৈছে কোনো এটা বস্তুৰ আভ্যন্ততৰীণ ধৰ্ম ।
পৃথিৱী পৃষ্ঠৰ ওপৰত, কোনো বস্তু এটাৰ ওজন ''W'' বস্তুটোৰ ভৰ ''m''ৰ ওপৰত ''W = mg'' ধৰণে নিৰ্ভৰশীল, য’ত ''g'' হৈছে [[পৃথিৱীৰ মহাকৰ্ষণ|পৃথিৱীৰ মাধ্যাকৰ্ষণিক ক্ষেত্ৰ প্ৰাবল্য]],আৰু ইয়াৰ মান হৈছে ৯.৮১ মি.ছে<sup>-২</sup>। কোনো বস্তু এটাৰ ওজন ইয়াৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল, আনহাতে বস্তুটোৰ ভৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত অনিৰ্ভৰশীল: পৃথিৱীৰ পৃষ্ঠৰ ওপৰত কোনো এটা বস্তুৰ ভৰ যদি ৫০ [[কিল’গ্ৰাম]] আৰু ওজন ৪৯১ [[নিউটন(একক)|নিউটন]]; তেন্তে [[চন্দ্ৰ]] পৃষ্ঠত, সেই একেটা বস্তুৰ ভৰ ৫০ কিল’গ্ৰামেই থাকিব; কিন্তু ওজন হ’ব মাত্ৰ ৮১.৫ নিউটন ।
"https://as.wikipedia.org/wiki/ভৰ"ৰ পৰা অনা হৈছে