প্ৰসংগ প্ৰণালী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
[[শ্ৰেণী:আপেক্ষিকতাবাদ‎]]
 
অন্য কোনো বস্তু, কোনো নিৰীক্ষক বা কোনো স্থান‌‌-কাল স্থানাংক প্ৰণালী (Space-Time Coordinate system)ৰ সাপেক্ষেহে কোনো এটা বস্তুৰ গতি বিধি ব্যাখ্যা কৰিব পাৰি। কোনো গতিশীল বস্তুৰ স্থান, কাল, দিশ ইত্যদি ৰাশি জোখমাখ কৰিবলৈ ব্যৱহাৰ কৰা স্থানাংক প্ৰণালী বা স্থানাংক ব্যৱস্থাকে ‘’’প্ৰসংগ'''প্ৰসংগ প্ৰণালী’’’প্ৰণালী''' ([[ইংৰাজী]]: ''Frame of reference'') বোলা হয়। কোনো প্ৰসংগ প্ৰণালীত যদি কোনো এটা বস্তুৰ সময় সাপেক্ষে অৱস্থান (বা স্থানাংকৰ) পৰিৱৰ্তন হয় তেন্তে বস্তুটোক গতিশীল বুলি কোৱা হয়।
 
সংঘটিত কোনো ঘটনা বৰ্ণনা কৰিবলৈ প্ৰতিজন নিৰীক্ষকে একোটা প্ৰসংগ প্ৰণালী ব্যবহাৰ কৰে আৰু নিজকে তাৰ কোনো বিন্দুত থকা বুলি ধৰে। ফলত একেটা ঘটনাৰে ব্যাখ্যা বিভিন্ন নিৰীক্ষকৰ বেলেগ বেলেগ হ’ব পাৰে। কোনো এজন নিৰীক্ষকৰ সাপেক্ষে এটা প্ৰসংগ প্ৰণালী গতিশীল বা স্থিতিশীল হ’ব পাৰে। যদি নিৰীক্ষকজনৰ অৱস্থান সদায় প্ৰসংগ প্ৰাণালীটোৰ মূলবিন্দু আৰু অক্ষকে‌ইডালৰ সাপেক্ষে স্থিৰ হয় (যাতে নিৰীক্ষকজনে গতি কৰিলে প্ৰণালীটোৱেও গতি কৰে), তেন্তে প্ৰসংগ প্ৰণালীটো নিৰীক্ষকজনৰ সাপেক্ষে স্থিতিশীল হ’ব। আনহতে যদি প্ৰসংগ প্ৰণালীটোৰ মূলবিন্দু বা প্ৰণালীটোৰ অক্ষকে‌ইডাল নিৰীক্ষক এজনৰ সাপেক্ষে গতিশীল হয়, তেন্তে ই নিৰীক্ষকজনৰ সাপেক্ষে গতিশীল হ’ব।