মাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

32 নং শাৰী:
 
1.জলজ, অলুণীয়া বা সাগৰীয় পানীত বাস কৰা শীতলৰক্তী কশেৰুকী প্রাণী।
 
2.শৰীৰটো প্রৱাহৰৈশিক, দীঘলীয়া।
3.দেহটোক তিনিটা খণ্ডত ভগাব পাৰি, যেনে- মূৰ, কাণ্ড আৰু নেজ।
 
4.মুখত হনু আৰু দাঁত নেথাকে।
 
5.মূৰত এযোৰ চকু, এখন মুখ আৰু এযোৰ বাহ্যিক নাসাৰন্ধ্র থাকে।
 
6.ইহঁতৰ গাত সাধাৰণতে যুগ্ম আৰু অযুগ্ম পক্ষ বা ফান থাকে। ফানৰ সহায়ত মাছে পানীত সাঁতুৰি ফুৰে আৰু দেহৰ ভাৰসাম্য বজাই ৰাখে। যুগ্ম ফানবোৰ হ’ল বক্ষ ফান (Pectoral fin), আৰু শ্রোণী ফান (Pelvic fin)। অযুগ্ম ফানবোৰ হ’ল পৃষ্ঠীয় ফান (Dorsal fin), পায়ু ফান (Anal fin) আৰু পুচ্ছ ফান (Caudal fin)।
 
7.নেজডাল মঙহাল আৰু প্রাণীটোক চলনৰ সময়ত সন্মূখৰ পিনে ঠেলি দিয়াত সহায় কৰে।
 
8.মাছৰ শৰীৰটো বাকলিৰে আবৃত। অৱশ্যে বাকলিবিহীন মাছো আছে।
 
9.হাওঁফাঁওৰে উশাহ লোৱা ডিপ্‌নই উপশ্রেণীৰ মাছবোৰৰ বাহিৰে আনবোৰ মাছৰ নাসাৰন্ধ্র গ্রসনীৰ লগত সংযুক্ত নহয়।
 
10.মাছে জলক্লোমৰ দ্বাৰা উশাহ নিশাহ লয়। কিছুমান মাছৰ অতিৰিক্ত শ্বসনাংগও থাকে।
 
11.ক্লোমৰন্ধ্রৰ সংখ্যা 10 যোৰতকৈ অধিক নহয়। সাৰাৰণতে 5 যোৰকৈ থাকে।
 
12.সংবেদী পার্শ্বৰেখাবোৰ সুবিকশিত।
 
13.হৃদযন্ত্ৰটো দুটা কোঠালীযুক্ত – এটা অলিন্দ আৰু এটা নিলয়।
 
14.বহিঃকর্ণ আৰু মধ্যকর্ণ নেথাকে কিন্তু অন্তঃকর্ণ থাকে আৰু ইয়াত তিনিটা অর্ধবৃত্তাকাৰ নলিকাযুক্ত।
 
15.10 যোৰ কপালীয় স্নায়ু থাকে।
 
16.বৃক্ক মেছ’নেফ্রিক প্রকাৰৰ। কিছুমানত প্রনেফ্রিক নলিকাও থাকে।
 
17.জননাংত প্রকৃত জনন নলী থাকে।
 
18.লিংগভেদ আছে।
 
19.ভ্রূণাত্মক স্তৰত এমনিঅ’ন আৰু কৰিয়ন নামৰ বীজাৱৰণ নেথাকে।
 
20.নিষেচন বাহ্যিক।
 
"https://as.wikipedia.org/wiki/মাছ"ৰ পৰা অনা হৈছে