অৰুণ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

43 নং শাৰী:
 
==কৰ্মজীৱন==
১৯৫৪ চনত ''[[দা আসাম ট্ৰিবিউন]]'' কাকতৰ আৰ্হি কাকত চাওঁতা হিচাপে অৰুণ শৰ্মাই নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পিছলৈ এই কাকতৰ সহকাৰী সম্পাদক হৈছিল। ১৯৫৫ চনত তেওঁ জন্ম হোৱা গাওঁগাঁও হালেমলৈ উভতি যায় আৰু তাত এম চি ডি হাইস্কুলত সহকাৰী অধ্যক্ষ পদত যোগদান কৰে। ১৯৬০ চনত তেওঁ পুনৰ গুৱাহাটীলৈ উভতি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে। তেতিয়াৰ পৰাই তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সৈতে জড়িত হৈ থাকে। প্ৰথমতে ইয়াত প্ৰযোজক হিচাবে কাম কৰিছিল আৰু পিছত জ্যেষ্ঠ প্ৰযোজক হৈছিল। তেওঁ শিক্ষাবিষয়ক প্ৰচাৰ বিভাগৰ মুৰব্বী আছিল আৰু এই বিভাগটোৱে শ্ৰেণীকোঠাৰ বাহিৰত অতিৰিক্ত জ্ঞান যোগাৱাৰ এক মাধ্যম আছিল। ১৯৬৯ চনত তেওঁ [[লণ্ডন]]ৰ [[:en:BBC|বি বি চি]]ত ৰেডিঅ’ প্ৰ’গাম প্ৰডাকচনৰ ওপৰত ছমহীয়া প্ৰশিক্ষণ লৈছিল। ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰত নাটক বিভাগৰ সহায়ক আছিল। এই সময়তে তেওঁ ৪৭ খন নাটক আৰু গুৱাহাটী আকাশবাণী কেন্দ্ৰ আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ নেচনেল প্ৰ’গামৰ বাবে আৰু যথেষ্ট সংখ্যক অনাতাঁৰ তথ্যচিত্ৰ (Radio Documentary) ৰচনা আৰু নিৰ্দেশনা কৰে। তেওঁ এই তথ্যচিত্ৰসমূহৰ বাবে তিনিটাকৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ সঞ্চালক হিচাবে কাৰ্য্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ ১৯৯০ চনত শ্বিলঙৰ অল ইণ্ডিয়া ৰেডিঅ’, নৰ্থ ইষ্ট চাৰ্ভিচৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।
 
অৱসৰ গ্ৰহণ কৰা পাছত অৰুণ শৰ্মা সাপ্তাহিক অসমীয়া বাতৰি কাকত [[পূৰ্বাচল]]ৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৯০-১৯৯২) হিচাপে আৰু ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈকে অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰে। সেই সময়তে অসমত বিভিন্ন বিবাদ হৈছিল আৰু তেওঁক স্থানীয় চাহ উদ্যোগ আৰু অসমীয়া লোকসকল মাজত মিলা-প্ৰীতি আনিবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল। ২০০৫ চনত তেওঁ অসম বুৰঞ্জীক কেন্দ্ৰ কৰি ''son-et-lumiere'' (sound-and-light show) ৰচনা কৰি প্ৰদৰ্শন কৰে আৰু ইয়াক দৈনিক [[গুৱাহাটী]]ত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰত ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ ২০০২ চনত অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি আছিল।