লেৰিংজাইটিছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
 
 
মানুহৰ দেহৰ ডিঙিৰ ভিতৰত যিডাল নলীৰ মাজেৰে বতাহ চলাচকৰে তাৰ একেবাৰে আগভাগৰ অংশকে স্বৰযন্ত্ৰ বা লেৰিংছ বোলে। আমাৰ ডিঙিৰ ভিতৰত একেবাৰে ওচৰা ওচৰীকৈ  দুডাল নলী আছে-এডালৰ মাজেৰে খাদ্য বস্তু আৰু আনডালৰ মাজেৰে বতাহ চলাচল কৰে।বাহিৰৰপৰা চালে অথবা হাতেৰে চুইচালে ত্ৰিভুজ আকাৰৰ যিটো উচ্চ অংশ পোৱা যায় ইয়াকে লাৰিংছ বোলা হয়। কিবা কাৰণত বা বিজানু সক্ৰমণ ঘটিলে লেৰিংছৰ ভিতৰৰ শ্লৈষ্মিক ঝিল্লিৰ প্ৰদাহ হ’ব পাৰে। লাৰিংছৰ ওপৰৰ অংশটোৰ নাম গ্লটিচ(শ্বাসনলীৰ দৰ্জা)। তাৰ ওপৰৰ অংশৰ নাম ইপিগ্লটিছ বা উপজিহ্বা। ইপিগ্লটিছ জিহ্বাৰ গুৰিতে থাকে। লেৰিংছ জিহ্বাৰ গুৰি আৰু ট্ৰেকিয়াৰ ঠিক মধ্যস্হলতে অৱস্হিত। লেৰিংছৰ তলৰ বিস্তৃত অংশৰ নাম ট্ৰেকিয়া।
ডিঙিৰ ভিতৰৰ স্বৰনলীৰ শ্লৈষ্মিক ঝিল্লীৰ প্ৰদাহকে স্বৰযন্ত্ৰৰ প্ৰদাহ বা লেৰিংজাইটিছ বোলা হয়। স্বৰযন্ত্ৰৰ শ্লৈষ্মিক ঝিল্লি স্ফিত হৈ প্ৰদাহিত হয় আৰু এক ধৰণৰ আথাজাতীয় শ্লেষ্মা নি:সৰিত হয়।
Line 26 ⟶ 28:
=== ইডিমেটাছ লেৰিংজাইটিছ (Edematous Laryngitis) ===
এই ৰোগৰ প্ৰধান লক্ষণ হ’ল গ্লটিছৰ স্ফীতি।এই স্ফীতি ভাব লাহে লাহে বাঢ়িগৈ ভয়ংকৰ ৰুপ ধাৰণ কৰে আৰু প্ৰদাহ সৃষ্টি হয়। ৰোগীৰ মনত ভাব হয় যেন ডিঙিত কিবা এটা লাগি আছে। শ্বাস-প্ৰশ্বাসত কষ্ট হয় আৰু শ্বাস-প্ৰশ্বাসৰ সময়ত একধৰণৰ অদ্ভুত শব্দ হয়। আনহাতে সম্পুৰ্ণ স্বৰ লোপ হ’বও পাৰে আৰু দেহত যথেষ্ট তাপ বৃদ্ধি হ’বও পাৰে। ৰেগীয়ে অনবৰতে জ্বৰ জ্বৰ  অনুবৱ কৰি থাকে অৰি দূৰ্বলতা ও অৱসন্নতা অনুভৱ কৰে।
 
===
=== চিফিলিটিক লেৰিংজাইটিছ (Syphilitic Laryngitis) ===
এই ৰোগত যিকোনো বয়সৰ লোকেই অক্ৰান্ত হ’ব পাৰে। বিশেষকৈ দুটা কাৰণত এই ৰোগত আক্ৰান্ত হ’ব পাৰে-প্ৰথমটো বংশগত আৰু দ্বিতীয়টো স্ব-আৰ্জিত। এই দুটা কাৰণত আক্ৰান্ত ৰোগে বহুতো লক্ষণ প্ৰকাশকৰে। যেনে-স্বৰ ভংগ, শ্বাসকষ্ট, কাহ,কাহিলে অতি সামান্য কফ ওলোৱা, কোনো কোনো সময়ত উশাহ বন্ধহোৱাৰো উপক্ৰম হয়। এই ৰোগত ফেৰিংছ, লেৰিংছ, ইপিগ্লটিছ, গ্লচিছ এই সকলো বিলাক আক্ৰান্ত হ’ব পাৰে। সেইকাৰণে যিকোনো খাদ্য, পানী খালে ৰোগীয়ে ভীষণ কষ্ট পায়। এই ৰোগৰ প্ৰথম প্ৰৰ্যায়ত সামান্য ডিঙিৰ সুৰ সুৰণি, গলাধৰা, স্বৰ লোপ, কাহ, চৰ্দি আদিয়ে দেখাদিয়ে। কিন্তু যেতিয়া ৰোগে যতিল ৰুপধাৰণ কৰে তেতিয়া ফেৰিংছ, লেৰিংছ, ইপিগ্লটিছ আৰু গ্লচিছত ঘাঁৰ সৃষ্টি কৰে। দিন বাঢ়ি যোৱাৰ লগে লগে এই ক্ষত সমুহ গভিৰ আৰু মাৰাত্মক হৈ খদ্যখালে ৰোগীয়ে অত্যন্ত কষ্ট পায়। পূজঁ মিশ্ৰিত শ্লেষ্মা কফৰ লগত দেখা যায়। এই ঘাঁ সমুহ নকমিলে পূঁজৰ লগতে কেতিয়াবা প্ৰচুৰ ৰক্ত স্ৰুতও দেখাযায়। ইয়াৰ ফলত ৰোগীৰ শ্বাস বন্ধহৈ মৃত্যু মুখতো পৰিব পাৰে। অৱশ্যে এনেধৰণৰ লক্ষণকে লেৰিংছৰ কেন্সাৰ বুলি অভিহিত কৰা হয়।