ষ্টিফেনি মেয়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
31 নং শাৰী:
 
==প্ৰাৰম্ভিক জীৱন==
হাৰ্টফ'ৰ্ড,কানেক্টিকাটত জন্মগ্ৰহণ কৰা ষ্টিফেনি মেয়াৰৰ পিতৃ-মাতৃ আছিল যথাক্ৰমে ষ্টিফেন আৰু কেণ্ডী মৰ্গান। পাঁচগৰাকী ভাই-ভনী ছেথ,এমিলি,জেকব,প'ল আৰু হেইডিৰ সৈতে তেওঁ ফিনিক্স,আৰিজোনাত বাস কৰিছিল। তেওঁ স্কট্ছডেল,আৰিজোনাৰ চাপাৰল হাই স্কুলত শিক্ষাগ্ৰহণ কৰে। তাৰ পিছত তেওঁ প্ৰভ,উটাহৰ ব্ৰিগহাম য়ং য়ুনিভাৰ্চিটিত শিক্ষা গ্ৰহণ কৰে আৰু ১৯৯৭ চনত তাৰ পৰা ইংৰাজীত বি.এ. ডিগ্ৰী লাভ কৰে।<ref>{{cite web|url=http://magazine.byu.edu/?act=view&a=2155 |title=YA Novels and Mormon Memoirs |publisher=Brigham Young University Magazine |last=Cracroft |first=Richard H. |authorlink=Richard H. Cracroft |date=Winter 2008 |accessdate=2008-08-01}}</ref> চাৰি বছৰ বয়সতে তেওঁ আৰিজোনাত ক্ৰিষ্টিয়ানক লগ পায় আৰু ১৯৯৪ চনত দুয়োৰে ২১২০ বছৰ বয়সত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ তিনিটা সন্তানৰ নাম হ'ল গেব,ছেথ আৰু এলি। আগতে হিচাব পৰীক্ষক হিচাপে কাম কৰা ক্ৰিষ্টিয়ান মেয়াৰে বৰ্তমান সন্তানৰ চোৱা চিতা কৰিবলৈ অৱসৰ গ্ৰহণ কৰিছে।<ref name="Whitworth">{{cite news |author=Damian Whitworth |title=Harry who? Meet the new J.K. Rowling |url=http://entertainment.timesonline.co.uk/tol/arts_and_entertainment/books/article3917660.ece |publisher=The Times |date=2008-05-13 |accessdate=2009-08-15|location=London}}</ref>
 
[[টোৱাইলাইট (উপন্যাস)|টোৱাইলাইট]] লিখাৰ আগতে মেয়াৰৰ কোনো লিখাৰ অভিজ্ঞতা নাছিল,আনকি [[টোৱাইলাইট (উপন্যাস)|টোৱাইলাইট]]ৰ আগতে তেওঁ এটা চুটিগল্পও লিখা নাছিল। লিখক হোৱাৰ কোনো সম্ভাৱনা নথকা বুলি অনুভৱ কৰি তেওঁ আইন বিদ্যালয়লৈ যাব বিচাৰিছিল, পিছত তেওঁ কয় যে বৰপুত্ৰ গেবৰ জন্মই তেওঁৰ মন সলনি কৰি দিয়ে আৰু কয় যে "যেতিয়া মই গেবক পালোঁ,মই মাত্ৰ তাৰ মাক হব বিচাৰিছিলোঁ।" এজন লেখক হোৱাৰ আগতে মেয়াৰে এটা প্ৰতিস্থানত অভ্যৰ্থনাকাৰীৰ কাম কৰিছিল।<ref name="Whitworth"/>
 
==টোৱাইলাইট শৃংখলা==