লীনাক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.5.2) (robot Adding: bug:Linux; cosmetic changes
1 নং শাৰী:
লীনাক্স বা লাইনাক্স এবিধ অপাৰেটিং চিষ্টেম। ইয়াত লীনাক্স নামৰ কাৰ্ণেল আৰু তদুপযোগী অন্যান্য প্ৰগৰেম ব্যৱহাৰ কৰা বাবে ইয়াৰ নাম লীনাক্স ৰখা হৈছে।
 
== পৰিচয় আৰু ইতিহাস ==
 
প'জিক্স(POSIX) নামেৰে এলানী সৰ্বজনমান্য নিৰ্দেশনা অনুসিৰ SYSV আৰু BSDনামৰ দুইধৰণৰ ধাৰাত লীনাক্স অপাৰেটিং চিষ্টেম তৈয়াৰ কৰা হৈছে। সাধাৰণভাবে ইয়াক ইউনিক্স (UNIX) নামৰ এবিধ বহুপ্ৰচলিত অপাৰেটিং চিষ্টেমৰ নিচিনা বুলি কব পৰা যায়।
9 নং শাৰী:
লীনাক্স কাৰ্ণেল লাইনাচ টৰ্ভেল্ডচ-এ ১৯৯১ চনত লিখা আৰম্ভ কৰে। ইয়াৰ কাৰণে ১৯৮৩-ত ৰিচাৰ্ড ষ্টলমেনৰ উদ্যমত প্ৰতিস্থিত ফ্ৰী চফটৱেৰ ফাউণ্ডেশ্যন (FSF) নামে অব্যৱসায়ীক সংস্থাৰ সৌজন্যত প্ৰাপ্ত জি এন ইউ (GNU) লাইচেন্সযুক্ত চফ্টৱেৰ লাইব্ৰেৰী আৰু পৰৃগৰেমিঙৰ সাধনসমূহ ব্যৱহাৰ কৰা হয়। সেয়ে লীনাক্সক কেতিয়াবা-কেতিয়াবা জি-এন-ইউ/লীনাক্স বুলিও উল্লেখ কৰা দেখা যায়।
 
== লীনাক্সৰ ডিষ্ট্ৰীবিউশ্যন বা সংকলনসমূহ ==
 
লীনাক্স কাৰ্ণেল আৰু বিভিন্ন প্ৰগ্ৰেম সহকাৰে বিভিন্ন সংকলনৰূপে বিভিন্ন ব্যৱসায়ীক বা দাতব্য গোটে উপভোক্তাৰ ব্যৱহাৰৰ কাৰণে লীনাক্স প্ৰস্তুত কেৰ। বিভিন্ন মাধ্যম যেনে ইন্টাৰনেট, চি ডি/ডিভিডি, ইউ এচ বি ড্রাইভ ইত্যাদি ব্যৱহাৰ কৰি এই সংকলনবোৰ যোগান ধৰা হয়। এই বিভিন্ন সংকলনবোৰ সাধাৰণ দৈনন্দিন কামত যেনে ৱৰ্ড প্ৰচেচিং, স্প্ৰেডচিট, খেলা আদিত ব্যৱহাৰৰ উপৰিও িবিভন্ন বিশেষ ব্যৱহাৰ যেনে ৰাউটিং, শিক্ষামূলক ব্যৱহাৰ, ইমেইল, ৱেব আদি বিভিন্ন ইন্টাৰনেট চাৰ্ভাৰ প্ৰগ্ৰেমৰ উপযোগী হোৱাকৈও প্ৰস্তুত কৰা হয়। আৰ্থিক লাভৰ বাবে উপভোক্তাৰ প্ৰয়োজন অনুসৰী কোনো কোনো সংগঠনে ব্যাৱসায়ীক সেৱা আৰু দিহা-পৰামৰ্শও আগবঢ়ায়।
 
নিম্নলিখিত তালিকাত এনে কিছুমান ভা্ষ্য আৰু সেইবোৰৰ বিষয়ে কিছু তথ্য দিয়া হ'ল।
 
* '''আৰ্কলীনাক্স(Archlinux)''': এই সংকলনত লীনাক্সক যথাসম্ভৱ সৰল কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে।
* চেন্টঅ'এচ(CentOS): ৰেডহেট সংকলনৰ অনুকৰণ কৰি এই সংকলন তৈয়াৰ কৰা হৈছে। এক স্বেচ্ছাসেৱক গোটে জনপ্রিয় ৰেডহেটৰ দৰে অথচ বিনামূলীয়া এই লীনাক্স-অৰ চোৱাচিতা কৰে।
* ডেবীয়ান(Debian): ই “বিনামূলীয়া চফ্টৱেৰ নীতি”-ৰ সমৰ্থক স্বেচ্ছাসেৱক গোটৰ দ্বাৰা সৃষ্টি আৰু চোৱাচিতা কৰা লীনাক্সৰ এক জনপ্ৰীয় সংকলন।
* ফেড'ৰা(Fedora): ৰেডহেট সংকলনৰ ৰাজহুৱা ৰূপ (বিনামূল্য উপলব্ধ)
* জেণ্টু/গেণ্টু(Gentoo): পাকৈত উপভোক্তাৰ কাৰণে। ইয়াৰ চফ্টৱেৰ উন্নীতকৰণৰ কাৰণে স্বয়ংক্ৰিয় ভাবে চ'ৰ্ছ ক'ড ডাউনল'ড আৰু কম্পাইল কৰি কম্পিউটাৰ চিষ্টেমটোত শেহতীয়া পৰিবৰ্তনবোৰ যোগ দিয়াৰ ব্যৱস্থা আছে।
29 নং শাৰী:
সাধাৰণেত এই সংকলনবোৰ নিজৰ নিজৰ ৱেব চাইটৰ পৰা ডাউনল'ড কৰিব পৰাকৈ বিতৰণ কৰা হয়। ব্যৱসায়ীক সংকলনবিলাকত উপভোক্তাৰ সুবিধাৰ কাৰণে সাধাৰণতে কোনো কোনো অতিৰিক্ত চফ্টৱেৰ যোগ কৰা হয়। এনে লীনাক্স সংকলনৰ লগত সাধাৰণতে ব্যৱসায়িক সেৱা আৰু দিহা-পৰামৰ্ষও পোৱা যায়।
 
== লীনাক্স-অৰ বাবে উপলব্ধ বিভিন্ন চফ্টৱেৰ ==
 
এটা লীনাক্স সংকলনত সন্নিহিত চফ্টৱেৰ সমুহক নিম্নলিখিত ভাগত শ্ৰেণীবদ্ধ কৰিব পৰা যায়:
38 নং শাৰী:
 
 
=== কাৰ্নেল আৰু ডিভাইচ ড্ৰাইভাৰ ===
 
লীনাক্স [[কাৰ্নেল]] দুটা ধাৰাত পোৱা যায় – SYSV আৰু BSD । দুইধৰণৰ কাৰ্নেলেই মন'লিথিক। কম্পিউটাৰ বুট কৰাৰ সময়ত প্ৰথমেত হাৰ্ড-ডিস্ক-অৰ পৰা কাৰ্নেল চফ্টৱেৰটো প্ৰাথমিক মেমৰীত তুলি তাৰ ইনষ্ট্ৰাকচন বোৰ ৰান কৰা হয়।
44 নং শাৰী:
কোনো কোনো সাধন – বিশেষকৈ প্ৰিন্টাৰ, নেটৱৰ্ক কাৰ্ড, ডিচপ্লে আদি পাৰিপাৰ্শ্বিক যতনবোৰ ব্যৱহাৰ কৰিবলৈ কাৰ্নেলক ডিভাইচ ড্ৰাইভাৰ চফ্টৱেৰৰ প্ৰয়োজন হয়। এইবোৰ সাধাৰণতে ডিভাইচবোৰ তৈয়াৰ কৰা কোম্পানীবোৰেই যোগান ধৰে। বুটিঙৰ সময়তে কাৰ্ণেলে কম্পিউটাৰৰ হাৰ্ডৱেৰ ডিভাইচবোৰ বা অন্যান্য সংসাধনবোৰৰ অনুসন্ধান কৰি উপযুক্ত ড্ৰাইভাৰবোৰ ল'ড কৰে। ল'ড কৰাৰ দুইধৰণৰ উপায় আছে - ড্ৰাইভাৰ বোৰ কাৰ্ণেলৰ লগতে কম্পাইল কৰি কাৰ্ণেলৰ লগতে যোগ কৰি,অথবা মডিউল হিচাবে কাৰ্ণেলৰ লগত প্ৰয়োজন অনুসৰী বাহিৰৰ পৰা ল'ড কৰা। প্ৰথম উপায়টো সাধাৰণতে য'ত সৰু বা তড়িৎ প্ৰতিক্ৰিয়াযুক্ত কাৰ্ণেল-অৰ প্ৰয়োজন, তেনে ক্ষেত্ৰত যেনে ঔদ্যোগিক যন্ত্ৰৰ পৰিচালনা আদিৰ বাবে ব্যৱহাৰ কৰা হয়। অন্যথা বেছিভাগ ক্ষেত্ৰতে দ্বিতীয় উপায় ব্যৱহাৰ কৰা হয়। এনে কৰিলে ভোক্তাই বুটিঙৰ সময়ত ড্ৰাইভাৰবোৰ ল'ড নকৰি প্ৰয়োজন অনুসৰী ল'ড বা আনল'ড কৰে।
 
=== লাইব্ৰেৰী আৰু চিষ্টেম চফ্টৱেৰ ===
এইশ্ৰেণীৰ চফ্টৱেৰ ভোক্তাই প্ৰত্যক্ষভাবে ব্যৱ্হাৰ নকৰিলেও সাধাৰণতে যিকোনো প্ৰগ্ৰেম ৰাণ কৰিবলৈ প্ৰয়োজন হয়। লীনাক্স-অত মূখ্যত: জি এন ইউ-ৰ দ্বাৰা প্ৰযোজিত চফ্টৱেৰ লাইব্ৰেৰী জিলীবচী ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও অন্যান্য এপ্লীকেশ্যন চফ্টৱেৰৰ লগতো প্ৰয়োজনীয় লাইব্ৰেৰী যোগান ধৰা হয়। অনেক সংকলনৰ লগত প্ৰায়ে বিভিন্ন কম্পাইলাৰ পেকেজ (চী, ফৰট্ৰান ইত্যাদি), পাৰ্ল, পাইথন আদি প্ৰগ্ৰেমিঙৰ সঁজুলি চফ্টৱেৰ-ও (সাধাৰণতে জি এন ইউ লাইচেন্স যুক্ত) বিতৰণ কৰা হয়।
50 নং শাৰী:
সাধাৰণতে লীনাক্স-অত শ্বেয়াৰ্ড অবজেক্ট লাইব্ৰেৰী ব্যৱহাৰ (উইন্ড'জ-অৰ ডি এল এল লাইব্ৰেৰীৰ সমকক্ষ) কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত ষ্টেটিক লাইব্ৰেৰীও ব্যৱহাৰ কৰা হয়।
 
=== এপ্লীকেশ্যন চফ্টৱেৰ ===
 
এইশ্ৰেণী চফ্টৱেৰৰ সহায়ত লীনাক্স-অৰ ভোক্তাই নিজৰ প্ৰয়োজনীয় কাম কৰে। লীনাক্স-অত ব্যৱহাৰোপযোগী অনেক বিনামূলীয়া, শ্বেয়াৰৱেৰ বা জি-এন-ইউ বা তৎসম লাইচেন্সযুক্ত অনেক চফ্টৱেৰ ইন্টাৰনেটট উপলব্ধ। তলত এনে কিছুমান চফ্টৱেৰৰ নাম আৰু থুলমুল বৰ্ণনা দিয়া হ'ল।
80 নং শাৰী:
[[br:Linux]]
[[bs:Linux]]
[[bug:Linux]]
[[ca:GNU/Linux]]
[[ceb:Linux]]
"https://as.wikipedia.org/wiki/লীনাক্স"ৰ পৰা অনা হৈছে