আৰ্নেষ্ট হেমিংৱে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: আৰ্ণেষ্ট হেমিংৱে – বিংশ শতিকাত যিসকল সাহিত্যিকে বিশ্বজুৰি ন...
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
আৰ্ণেষ্ট হেমিংৱেহেমিঙৱে
 
বিংশ শতিকাত যিসকল সাহিত্যিকে বিশ্বজুৰি নিজৰ প্ৰতিভাৰে জগতবাসীক আপ্লুত কৰিব পাৰিছিল সেইসকলৰ ভিতৰত আৰ্ণেষ্ট হেমিংৱেহেমিঙৱে অন্যতম। আমেৰিকাৰ ইলিনই প্ৰদেশৰ ৱাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিংৱেৰহেমিঙৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল। শৈশৱ কালছোৱাত হেমিংৱেহেমিঙৱে অধিক সময় কান্ধত বন্দুকটো লৈ হাবিয়ে বননিয়ে আৰু কেতিয়াবা ডাঙৰ মাছ বিছাৰি হ্ৰদ এটাত নাওঁ বায় কটাইছিল। মাথোন ১৬ বছৰ বয়সতে তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ডিপ্লমা লোৱাৰ আগতেই তেওঁ সেনাবাহিনীত যোগ দিব বিচাৰিছিল। কিন্তু বাওঁ চকুটো বেয়া হোৱা বাবে তেওঁক সেনাবাহিনীত ভৰ্তি হবলৈ দিয়া নহল। কিন্তু পৰৱৰ্তী সময়ত এজন সাংবাদিক বন্ধুৰ সহায়ত তেওঁ সেনাবাহিনীত সোমায়।
 
১৯২৩ চনত হেমিংৱেৰহেমিঙৱেৰ প্ৰথম গ্ৰন্থ ‘The stories and terms poem’ প্ৰকাশিত হয়। প্ৰথম অৱস্থাত হেমিংৱেহেমিঙৱে গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইবোৰ প্ৰকাশ হোৱা নাছিল। পৰৱৰ্তী সময়ত এইজন লিখকেই ১৯৫২ চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস ‘The Old man and the Sea’ ৰচনা কৰি উলিয়াই। এইখনে উপন্যাসে লাভ কৰা বিশ্বজুৰা জনপ্ৰিয়তাৰ কথা নকৈ কোৱাৰ প্ৰয়োজন নাই। ১৯৫৪ চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ নোঁবেল বটা।
 
সমালোচকসকলৰ মতে ‘The Old man and the Sea’ উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিংৱেৰহেমিঙৱেৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু জীৱন দৰ্শন এই উপন্যাসখনত পৰিস্ফুট হৈছে। হেমিংৱেহেমিঙৱে তেখেতৰ বৰ্ণাধ্য সাহিত্যিক জীৱনত অন্যান্য সাহিত্য কৰ্মৰ লগতে মুঠতে ১০ খন উপন্যাস, ১৯ খন চুটিগল্পৰ সংকলন ৰচনা কৰি থৈ গৈছে। নোঁৱেল বটা পোৱাৰ পিছৰ সাত বছৰ হেমিংৱেহেমিঙৱে নানা ধৰণৰ শাৰীৰিক অসুখ-অশান্তিয়ে আৱৰি ধৰে। এনেদৰেই থাকিয়েই ১৯৬১ চনৰ ২ জুলাইৰ ৰাতিপুৱা তেখেতে নিজকে গুলী কৰি দিয়ে। লগে লগে বিশ্ব সাহিত্যৰ মহান সাহিত্যক গৰাকীৰ জীৱন নাটৰ অৱসান ঘটে।