আশাপূৰ্ণা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা আশাপূৰ্ণা দেবীৰ পৰা আশাপূৰ্ণা দেৱীলৈ Priyankush Dekaয়ে স্থানান্তৰ কৰিলে
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{BLP sources|date=October 2015}}
{{EngvarB|date=August 2014}}
{{Use dmy dates|date=August 2014}}
{{Infobox writer <!-- For more information see [[:Template:Infobox Writer/doc]]. -->
| name = আশাপূৰ্ণা দেৱী
| image = AshapoornaDeviPic.jpg
| imagesize = 250px
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = ৮ জানুৱাৰী, ১৯০৯
| birth_place = পটলডাঙ্গা, [[কলকাতা]], ভাৰত
| death_date = ১৩ জুলাই, ১৯৯৫
| death_place =
| resting_place =
| occupation = ঔপন্যাসিক, কবি
| language = [[বঙালী]]
| nationality = ভাৰতীয়
| citizenship =
| education =
| alma_mater =
| period = ১৯৩৯-১৯৯৫
| genre = গল্প-উপন্যাস
| subject =
| movement =
| notableworks = ''প্ৰথম প্ৰতিশ্ৰুতি''<br />''সুৱৰ্ণলতা''<br />''বকুল কথা''
| spouse =
| partner =
| children =
| relatives =
| awards = [[জ্ঞানপীঠ বঁটা]]<br />[[পদ্মশ্ৰী]]<br />[[:en:List of Sahitya Akademi fellows|সাহিত্য একাডেমী ফেল'শ্বিপ]]
| signature =
| signature_alt =
| website =
| portaldisp =
}}
'''আশাপূৰ্ণা দেৱী''' (৮ জানুৱাৰী ১৯০৯ - ১৩ জুলাই ১৯৯৫) এগৰাকী প্ৰসিদ্ধ বঙালী ঔপন্যাসিক আৰু কবি । তেওঁ নিজৰ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হৈছিল । ১৯৭৬ চনত তেওঁ [[জ্ঞানপীঠ বঁটা]] আৰু ভাৰত চৰকাৰৰ পৰা [[পদ্মশ্ৰী]] সন্মান লাভ কৰিছিল । উল্লেখ্য যে আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক । জবলপুৰ, ৰবীন্দ্ৰ ভাৰতী, বুৰদ্বান আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁক ডি. লিট. উপাধি প্ৰদান কৰা হৈছিল । ১৯৮৯ চনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ে দেৱীক "দেশীকোত্তমা" সন্মান প্ৰদান কৰিছিল । উপন্যাস আৰু চুটি গল্পৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ১৯৯৪ চনত সাহিত্য অকাডেমীয়ে দেৱীক ইয়াৰ সৰ্বোচ্চ সন্মান সাহিত্য একাডেমী ফেল'শ্বিপ প্ৰদান কৰিছিল ।
 
==জীৱনী==
আশাপূৰ্ণা দেৱীৰ ১৯০৯ চনৰ ৮ জানুৱাৰীত এটা বৈদ্য পৰিয়ালত জন্ম হৈছিল । উত্তৰ কলিকতাৰ পটলদাঙ্গাস্থিত মামাকৰ ঘৰত তেওঁ জন্ম পাইছিল । তেওঁৰ জন্মৰ সময়ত দিয়া নামটো আছিল আশা পূৰ্ণা দেৱী (গুপ্তা) । দেৱীয়ে শৈশৱৰ প্ৰথম কালছোৱা বৃন্দাবন বসু লেনত অৱস্থিত এটা অত্যন্ত ৰক্ষণশীল পৰিয়ালত পাৰ কৰিছিল । সেই ঘৰখন বহু সম্পৰ্কীয় লোকেৰেও ভৰি থাকিছিল । পুৰণি প্ৰথা আৰু সাতামপুৰুষীয়া আদৰ্শত বিশ্বাসী আইতাকৰ নিৰ্দেশমতেই গোটেই ঘৰখন চলিছিল । আইতাকৰ আধিপত্য থকা সেই ঘৰখনত কন্যা সন্তানক স্কুললৈ যাব দিয়া নহৈছিল আৰু ব্যক্তিগত শিক্ষকো কেৱল ল'ৰাৰ বাবেহে ৰাখিছিল । ভায়েকক শিকাবলৈ আহোতে আশাপূৰ্ণাই বিপৰীতফালে বহি থাকি কথাসমূহ শুনি থাকিছিল । এনেকৈয়ে আশাপূৰ্ণাই বৰ্ণমালাখন শিকি লৈছিল ।