কৃত্ৰিম বুদ্ধিমত্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
12 নং শাৰী:
কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা আৰম্ভ হৈছিল ১৯৫৬ চনৰ আমেৰিক যুক্তৰাষ্ট্ৰৰ ডাৰ্থমাউথ কলেজত ৷গৱেষণাটোৰ প্ৰতিষ্ঠাপক আছিল কাৰ্নেগি মিলন বিশ্ববিদ্যালয়ৰ এলেন নেৱেল আৰু হাৰবাৰ্ট ছিমন,মেচাছুটেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জন মেককাৰ্থি, মাৰ্ভিন মিনস্কি আৰু আইবিএম কোম্পানীৰ আৰ্থাৰ ছেমুৱেল ৷ উল্লেখযোগ্য যে,একেকেইজন মানুহে গৱেষণাটোক নেতৃত্বও দিছিল ৷ <ref>Russell, Stuart J.; Norvig, Peter (2003), Artificial Intelligence: A Modern Approach (2nd ed.), Upper Saddle River, New Jersey: Prentice Hall, ISBN 0-13-790395-2.</ref>
 
১৯৭৪ৰ ফালে এইসম্পৰ্কীয় গৱেষণা সামান্যভাৱে স্ববিৰ হৈ পৰিল ৷ ছাৰ জেমছ লাইটহিলৰ সমালোচনাই এই স্থবিৰতাত বিশেষ ভূমিকা ল'লে ৷<ref>Lighthill, James (1973). "Artificial Intelligence: A General Survey". Artificial Intelligence: a paper symposium. Science Research Council.</ref> তদুপৰি আমেৰিকান কংগ্ৰেছেও কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাৰ পৰিৱৰ্তে অইন উৎপাদনশীল প্ৰকল্পতহে ধন খৰচ কৰিবলৈ আগ্ৰহ দেখুৱালে ৷ সেইকাৰণে পৰৱৰ্তী বছৰকেইটাক ''কৃত্ৰিম বুদ্ধিমত্তাৰ শীতল সময়'' বুলি আখ্যা দিয়া হয় ৷ <ref>Crevier, Daniel (1993), AI: The Tumultuous Search for Artificial Intelligence, New York, NY: BasicBooks, ISBN 0-465-02997-3.</ref>
 
১৯৮০ৰ আৰম্ভণিৰ সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱষণাই এক নতুন মোৰ পালে ৷ বিশেষ ভূমিকা ল'লে কৃত্ৰিম বুদ্ধিমত্তাৰে এক বিশেষধৰণৰ প্ৰগ্ৰাম ''Expert Systems''-ৰ ব্যৱসায়িক সফলতাই ৷ এই প্ৰগ্ৰামটোৱে কৌশলী মানুহৰ জ্ঞান আৰু বিশ্লেষণাত্মক দক্ষতাসমূহৰ অনুকৃতি সৃষ্টি কৰিছিল ৷ <ref>http://web.archive.org/web/20071012025921/http://www.acm.org/class/1998/I.2.html</ref>
 
 
==তথ্য-সূত্ৰ==