অতি পৰিবাহিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
8 নং শাৰী:
 
==শেহতীয়া গৱেষণা==
বিগত সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে সাধাৰণ উষ্ণতাত অতি পৰিবাহিতাৰ ধৰ্ম দেখুউৱা পদাৰ্থৰ সন্ধান চলাই আহিছে ৷ পিছে এতিয়ালৈকে সফলতা লাভ কৰা নাই ৷ কিন্তু প্ৰায় এবছৰৰ আগতে ভাৰতবৰ্ষৰ বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Science)ৰ দুগৰাকী বিজ্ঞানীয়ে এটা আলোড়নকাৰী ঘোষণা কৰে ৷ এই দুজন বিজ্ঞানী হৈছে অংশু পাণ্ডে আৰু তেওঁৰ ছাত্ৰ দেৱ কুমাৰ থাপা ৷ তেওঁলোকে সোণ আৰু ৰূপেৰে তৈয়াৰী এক সংযুক্ত পদাৰ্থই সাধাৰণ উষ্ণতাত অতি পৰিবাহিতা দেখুয়াই বুলি প্ৰকাশ কৰিছিল ৷ বাতৰিটোৱে কিছু বিতৰ্কৰো সৃষ্টি কৰিছিল ৷ কিয়নো এতিয়ালৈকে অতি পৰিবাহিতা কেৱল অতি নিম্ন উষ্ণতাতহে (শূন্য ডিগ্ৰী ছেলছিয়াতকৈও ১০০ ডিগ্ৰী তলত) পৰ্যবেক্ষণ কৰা হৈছে ৷ বিজ্ঞানী দুজনৰ পৰ্যবেক্ষণক লৈ চলি থকা নানান পৰীক্ষা-নিৰীক্ষাৰ ফলাফল এই বছৰৰ মে' মাহত প্ৰকাশিত কৰা হয় ৷ সেই ফলাফলে বিজ্ঞানী দুগৰাকীৰ সিদ্ধান্তক শুদ্ধ বুলি স্বীকৃতি দিছে আৰু গৱেষণাৰ ফলাফলক এক আন্তৰ্জাতিক জাৰ্ণেললৈ প্ৰেৰণ কৰিছে ৷<ref name="বিপুল" />
 
 
==তথ্যসূত্ৰ==