ওপজা সোণৰ মাটি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা
 
No edit summary
2 নং শাৰী:
 
ছবিখনে ১৯৭২ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।
 
==প্ৰেক্ষাপট==
ঊনৈশ শতিকাৰ শেহৰ পিনে যি অৰ্থনৈতিক সংকট আৰু অশান্ত অৱস্থাই বিৰাজ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত ভাৰতত সমবায় আন্দোলনে গা কৰি উঠিছিল। শিল্পবিপ্লৱে ভাৰতৰ গৰিষ্ঠসংখ্যক মানুহৰ জীৱিকাৰ উপায় কুটীৰশিল্প আৰু কষিখণ্ডত মোক্ষম আঘাত হানিছিল।
জমিদাৰীতন্ত্ৰয়ো খেতিয়কক এনেকৈ শোষণ কৰিছিল যে তেওঁলোকে মাটিৰ খাজানাখিনিও গোটাবলৈ সক্ষম নহৈছিল। ১৯০৪ চনত বৃটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে কো-অপাৰেটিভ ক্ৰেডিট চোচাইটিজ এক্ট গৃহীত কৰে। ইয়াৰ দুৰ্বলতাবোৰ আঁতৰাবলৈ ১৯১২ চনত আকৌ এখন নতুন সমবায় আইন গৃহীত কৰা হয়।
 
সমবায় আন্দোলনটোৱে চুতুৰ্থ দশকমানৰ পৰা সপ্তম দশকমানলৈ সমগ্ৰ ভাৰত জুৰি এক উৎসাহৰ ঢল আনিছিল। স্বাভাৱিকভাৱেই অসম তাৰ ব্যতিক্ৰম নাছিল। অসমৰ সাহিত্য-সংস্কৃতিতো তাৰ প্ৰভাব পৰিছিল।
১৯৫২ চনত প্ৰকাশিত হিতেশ ডেকাৰ প্ৰথম উপন্যাস “আজিৰ মানুহ”ত সমবায় আন্দোলনটোৱে মানুহৰ মনলৈ যি উৎসাহ আনিছিল, যি নতুন সপোন দেখুৱাইছিল, তাৰ প্ৰতিফলন ঘটিছে।
ওপজা সোণৰ মাটিৰ বিষয়-বস্তুও মূলতঃ সমবায় কেন্দ্ৰিক। ছবিখনৰ যোগেদি সমবায় আন্দোলনে কৃষিক্ষেত্ৰত আনিব পৰা সুফলৰ প্ৰতিফলন ঘটিছে।
 
==কাহিনী==
Line 24 ⟶ 32:
==বঁটা আৰু সন্মান==
ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ২০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬২) লাভ কৰিছিল। এই বঁটাত প্ৰযোজকলৈ নগদ ৫০০০ টকা আৰু পৰিচালকলৈ এটা ৰূপৰ মেডেল আগবঢ়োৱা হৈছিল।
 
==তথ্য উৎস==
{{Reflist}}