ওপজা সোণৰ মাটি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reference edited with ProveIt
40 নং শাৰী:
চহৰৰ পৰা দূৰৈৰ এখন গাঁও কদমণি। সেই গাঁওৰে এজন শিক্ষিত নিবনুৱা যুৱক হেমন্ত শইকীয়া। শিৱৰাম কাকতি আৰু তেওঁৰ জীয়েক পূৰ্ণিমাই হেমন্তক নিজৰ মাটিত খেটি-বাতি কৰিবলৈ পৰামৰ্শ দিলে। পৰামৰ্শটো তেওঁ ভাল পালে আৰু বৈজ্ঞানিক পদ্ধতিৰে সমবায় ভিত্তিত খেতি কৰিবলৈ মন মেলিলে। তেওঁ গাঁৱেৰে আৰু কেইজনমান যুৱকক লগত লৈ এটা [[:en:Banking in India|ৰাষ্ট্ৰীয়কৃত বেংকলৈ]] গৈ ঋণৰ বাবে আবেদন কৰিলে।
 
হেমন্তৰ পৰিকল্পনাত গাঁৱৰে সুদখোৰ মহাজন উমাৰাম সচকিত হৈ উঠিল। কাৰণ উমাৰামে উচ্চহাৰৰ সুদত মাটি বন্ধকী লৈ গাঁওবাসীক টকা ধাৰে দিছিল আৰু বেংকৰ পৰা ৰাইজে ঋণ লবলৈ ধৰিলে তেওঁৰ সান্দহ খোৱা বালি তল যাব। তাৰোপৰি পূৰ্ণিমাৰ সৈতে থকা হেমন্তৰ হলিগলিক তেওঁ সহজভাবে লব পৰা নাছিল। হেমন্তৰ বাপেকে তেওঁৰ ওচৰত বন্ধকী থোৱা দুই পুৰা মাটিত চহৰৰ এজন চহকী মানুহ নিৰ্মল হাজৰিকাক এটা কাৰখানা খুলিবলৈ প্ৰৰোচিত কৰিবলৈ ধৰিলে। কিন্তু হাজৰিকাৰ এই আঁচনিত বাধা হৈ থিয় দিলে পুতেক পঙ্কজ আৰু জীয়েক অৰ্পনা। পঙ্কজ হেমন্তৰ পুৰণি বন্ধু; আনহাতে অৰ্পনায়ো হেমন্তৰ প্ৰতি অন্তৰত এক কোমল অনুভূতি পুহি ৰাখিছিল। বাপেকে পঙ্কজক ঘৰৰ পৰা উলিয়াই দিয়াত এখন ট্ৰেক্টৰ লৈ হেমন্তক সহায়ৰ হাত আগবঢ়াবলৈ পঙ্কজতেওঁ কদমণি পালেহি।
অৰ্পনাই বাপেকৰ অসৎ কাৰ্য-কলাপৰ তেতিয়ালৈ বিৰোধিতা কৰি গ’ল। এদিন বাপেকে নিজৰ ভুল উপলব্ধি কৰি কদমণিলৈ গ’ল। কিন্তু তাত গৈ তেওঁ পুত্ৰ পঙ্কজৰ ট্ৰেজিক মৃত্যু নিজ চকুৰে দেখিবলগীয়া হ’ল।