কলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
7 নং শাৰী:
শিল্পৰ বিশ্বজনীন আৱেগ আছে। শিল্পীয়ে মানুহৰ মনত আৱেগৰ জোৱাৰ তোলে। শিল্প সদায় নতুন সেয়ে চিত্ৰকলা, কবিতা, সংগীত, ভাস্কৰ্য, আৰু স্থাপত্যক সুকুমাৰ কলা বুলিও কোৱা হয়। শিল্পৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ই দৰ্শকক মাত্রা প্ৰদান কৰে। কলা কিহৰে গঠিত হয় এই বিষয় এতিয়াও বিবাদীত।<ref>{{cite book |title=Definitions of Art |author=Stephen Davies |publisher=Cornell University Press |year=1991 |isbn=978-0-8014-9794-0}}</ref><ref>{{cite book |title=Artworks: Definition, Meaning, Value |author=Robert Stecker |publisher=Pennsylvania State University Press |year=1997 |isbn=978-0-271-01596-5}}</ref><ref>{{cite book |title=Theories of Art Today |editor=Noël Carroll |publisher=University of Wisconsin Press |year=2000 |isbn=978-0-299-16354-9}}</ref> সময়ে সময়ে কলা সম্পৰ্কীয় ধাৰণা সলনি হৈ আহিছে।<ref>{{cite web |url=https://www.ubc.ca/okanagan/creative/links/arthistory/What_is_Art_.html |archive-date=27 April 2012 |archive-url=https://web.archive.org/web/20120427192624/http://www.ubc.ca/okanagan/creative/links/arthistory/What_is_Art_.html |title=What Is Art? |author=Dr. Robert J. Belton}}</ref><ref name="britannica.com">{{cite web |url=http://www.britannica.com/EBchecked/topic/630806/art |title=art |website=Encyclopædia Britannica}}</ref> কলাৰ প্ৰকৃতি আৰু ইয়াৰ লগত সম্পৰ্কিত অন্যান্য বিষয় যেনে সৃজনশীলতা আৰু প্ৰকাশভংগীৰ বিষয়ে অধ্যয়ন কৰা [[দৰ্শন]]ৰ শাখাক ''নন্দনতত্ব'' বোলা হয়।<ref>Kennick, William ed,{{clarify|date=May 2012}} and W. E. Kennick, ''Art and philosophy: readings in aesthetics'' New York: St. Martin's Press, 1979, pp. xi–xiii. {{ISBN|0-312-05391-6}}.</ref>
 
== ইতিহাস ==
কলা শব্দৰ প্ৰথম উল্লেখ ভৰতমুনিৰ "নাট্যশাস্ত্ৰ"ত পোৱা যায়। ইয়াৰ লগতে বাৎসায়ন আৰু উশনসৰ গ্ৰন্থ ক্ৰমে "কামসূত্ৰ" আৰু "শুক্ৰনীতি"তো কলাৰ বৰ্ণনা পোৱা গৈছে। সেইদৰে [[জৈন ধৰ্ম|জৈন গ্ৰন্থ]] "প্ৰবন্ধকোষ", "কলাবিলাস", "ললিতবিস্তৰ" ইত্যাদি ভাৰতীয় গ্ৰন্থ সমূহত কলাৰ উল্লেখ পোৱা যায়। বেছিভাগ গ্ৰন্থত কলাৰ সংখ্যা ৬৪ বুলি উল্লেখ আছে। "প্ৰবন্ধকোষ"ত ৭২টা কলাৰ বিষয়ে আৰু "ললিতবিস্তৰ"ত ৮৬ টা কলাৰ বিষয়ে উল্লেখ আছে। প্ৰসিদ্ধ কাশ্মিৰী পণ্ডিত ধৰ্মেন্দ্ৰৰ দ্বাৰা বিৰচিত "কলাবিলাস"ত আটাইতকৈ বেছি সংখ্যক কলাৰ বিষয়ে উল্লেখ আছে। ইয়াত ৬৪ টা জনউপযোগী, ৩২ টা ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ সম্বন্ধীয়, ৩২ টা মাৎসর্জ-শীল-প্ৰভাৱমান সম্বন্ধীয়, ৬৪টা স্বচ্ছকাৰিতা সম্বন্ধীয়, ৬৪ টা বেশ্যা সম্বন্ধীয়, ১০ টা ভেষজ, ১৬ টা কায়স্থ আৰু ১০০ টা সাৰ কলাৰ চৰ্চা আছে। সকলোতকৈ বেছি প্ৰমাণিক সূচী "কামসূত্ৰ"ৰ আছে।
 
[[ইউৰোপ|ইউৰোপীয়]] সাহিত্যত কলা শব্দৰ প্ৰয়োগ শাৰীৰিক বা মানসিক কৌশলৰ বৰ্ণনাৰ বাবে ব্যৱহৃত হৈছিল। পাশ্চাত্যত কলা আৰু প্ৰকৃতিক ভিন্ন বুলি গণ্য কৰা হয়। কলাৰ সৃষ্টিক কৃত্ৰিম বোলা হয়। প্ৰকৃতিসৃষ্ট আৰু কলা দুয়ো বেলেগ বেলেগ আৰু কলা কেৱল মানুহেই সৃষ্টি কৰে। কলা আৰু বিজ্ঞানৰ মাজতো পাৰ্থক্য আছে। বিজ্ঞানত জ্ঞানত আৰু কলাত কৌশলক প্ৰাধান্য দিয়া হয়।
==তথ্য উৎস==
{{reflist}}
"https://as.wikipedia.org/wiki/কলা"ৰ পৰা অনা হৈছে