কলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
11 নং শাৰী:
 
[[ইউৰোপ|ইউৰোপীয়]] সাহিত্যত কলা শব্দৰ প্ৰয়োগ শাৰীৰিক বা মানসিক কৌশলৰ বৰ্ণনাৰ বাবে ব্যৱহৃত হৈছিল। পাশ্চাত্যত কলা আৰু প্ৰকৃতিক ভিন্ন বুলি গণ্য কৰা হয়। কলাৰ সৃষ্টিক কৃত্ৰিম বোলা হয়। প্ৰকৃতিসৃষ্ট আৰু কলা দুয়ো বেলেগ বেলেগ আৰু কলা কেৱল মানুহেই সৃষ্টি কৰে। কলা আৰু বিজ্ঞানৰ মাজতো পাৰ্থক্য আছে। বিজ্ঞানত জ্ঞানত আৰু কলাত কৌশলক প্ৰাধান্য দিয়া হয়।
==শ্ৰেণীবিভাজন==
[[Image:Angkor Wat 01.jpg|right|thumb|300px|অংকৰ ৱাট মন্দিৰৰ স্থাপত্য]]
বৰ্তমান সময়ত কলাক [[মানৱিকী]]ৰ অন্তৰ্ভূক্ত কৰা হয়। পাশ্চাত্য জগতত কলাক দুই ভাগত ভাগ কৰা হৈছে: অনুশীলন কলা আৰু ললিত কলা। পৰম্পৰাগত ৰূপত তলত উল্লেখিত সাত বিধক কলা বোলে;
*[[স্থাপত্য]]
*[[ভাস্কৰ্য]]
*[[চিত্ৰকলা]]
*[[সংগীত]]
*[[কবিতা]]
*[[নৃত্য]]
*[[থিয়েটাৰ]]
 
আধুনিক কালত ইয়াৰ লগত ফটোগ্ৰাফী, চলচ্চিত্ৰণ, বিজ্ঞাপন<ref name="advertising">[http://www.independent.co.uk/arts-entertainment/is-advertising-art-1593252.html Is advertising art?]</ref> আৰু কমিক্স যোগ দিয়া হৈছে।
 
ইয়াৰ লগতে কলাক নিম্নলিখিত প্ৰকাৰটো শ্ৰেণীবিভাজন কৰা হয়;
* '''[[সাহিত্য]]''' - কবিতা, উপন্যাস, লঘুকথা, মহাকাব্য ইত্যাদি
* '''[[পৰিৱেশ্য কলা]]''' – [[সংগীত]], [[নৃত্য]], [[থিয়েটাৰ]] ইত্যাদি
* '''পাক কলা''' - বেকিং, চকলেটিং, মদ প্ৰস্তুতকৰণ ইত্যাদি
* '''মিডিয়া কলা''' - ফটোগ্ৰাফী, চিত্র্যনাট্য, বিজ্ঞাপন ইত্যাদি
* '''দৃশ্যমান কলা''' - চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য ইত্যাদি
 
কিছুমান কলাত দৃশ্যমান আৰু পৰিৱেশ্য কলা দুয়োবিধৰ মিশ্ৰণ দেখা যায়, যেনে চলচ্চিত্ৰণ, নাটক ইত্যাদি।
==তথ্য উৎস==
{{reflist}}
"https://as.wikipedia.org/wiki/কলা"ৰ পৰা অনা হৈছে