ৰবীন্দ্ৰনাথ ঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
→‎জীৱনী: বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
17 নং শাৰী:
ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত ৰবীন্দ্ৰনাথে তেওঁৰ জীৱনৰ প্ৰথম কবিতা লিখিছিল মাত্ৰ আঠ বছৰ বয়সত। ১৮৭৭ চনত মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ প্ৰথম চুটি গল্প আৰু নাটক লিখে। ইয়াৰ আগেয়েই তেওঁ [[ভানুসিংহ]] ছদ্মনামেৰে কিছু কাব্য সৃষ্টি কৰিছিল। পাৰিবাৰিক শিক্ষা, শিলাইদহৰ জীৱন আৰু প্ৰচুৰ ভ্ৰমণ অভিজ্ঞতাই তেওঁক প্ৰথাবিৰুদ্ধ আৰু প্ৰয়োগবাদী হিচাপে গঢ়ি উঠাত সহায় কৰিছিল। তেওঁ ব্ৰিটিছ শাসনৰ প্ৰবল বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বৰে পৰিচালিত ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল। তেওঁৰ সমগ্ৰ পৰিয়ালৰ বিলুপ্তি আৰু বঙ্গ-ভঙ্গৰ নিদৰ্শন তেওঁৰ সন্মুখতেই ঘটিছিল। এইফালৰ পৰা তেওঁৰ জীৱনটো দুখৰ বুলি ক’ব পাৰি। কিন্তু তেওঁৰ কবিতা, অন্যান্য সাহিত্য আৰু বিশ্বভাৰতীৰ প্ৰতিষ্ঠাই তেওঁৰ জীৱনক যি মহিমা প্ৰদান কৰিছে সেয়া আজীৱন স্মৰণীয় হৈ থাকিব।
 
== জীবনীজীৱনী ==
{{মূল|ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন}}
=== প্ৰাথমিক জীৱন (১৮৬১–১৯০১) ===
24 নং শাৰী:
[[চিত্ৰ:Rabindranath-Tagore-Mrinalini-Devi-1883.jpg|thumb|left|135px|১৮৮৩ চনত পত্নী মৃণালিনী দেবীৰ সৈতে ৰবীন্দ্ৰনাথ]]
 
১৮৭৮ চনত বেৰিষ্টাৰ হোৱাৰ উদ্দেশ্যে ৰবীন্দ্ৰনাথে ইংলেণ্ডলৈ যাত্ৰা কৰে। তাত [[ব্ৰাইটন|ব্ৰাইটনৰ]] এখন পাব্লিক স্কুলত তেওঁ নামভৰ্তি কৰে। তাৰপিছত তেওঁ [[ইউনিভাৰ্চিটি কলেজ লণ্ডন|ইউনিভাৰ্চিটি কলেজ লণ্ডনত]] পঢ়াশুনা কৰে। [[১৮৮০]] চনত তেওঁ কোনো ডিগ্ৰিডিগ্ৰী লাভ নকৰাকৈ ভাৰতলৈ ঘূৰি আহে। ১৮৮৩ চনত তেওঁ মৃণালিনী দেবীক বিয়া কৰায়। জন্মৰ সময়ত মৃণালিনীৰ ঘৰত মতা নাম আছিল ভৱতাৰিণী (১৮৭৩ - ১৯০২)। তেওঁলোকৰ পাঁচটি সন্তানৰ জন্ম হৈছিল যদিও তাৰ মাজতে দুটি শিশুকালতেই মৃত্যুৰ মুখত পৰে।<ref name="Dutta_1995_373">{{harvcol|Dutta|Robinson|1995|p=373}}.</ref> । ১৮৯০ চনৰপৰা ৰবীন্দ্ৰনাথে শিলাইদহত থকা তেওঁৰ পৈতৃক সম্পত্তি চোৱাচিতা কৰাৰ দায়িত্ব গ্ৰহণ কৰে। এইখিনি সময়ত তেওঁ "জমিদাৰ বাবু" নামেৰে পৰিচিত আছিল। এইছোৱা সময়তে ৰবীন্দ্ৰনাথে অনেক গল্প ৰচনা কৰে। তেওঁৰ তিনিটা খণ্ডত ৰচিত বিখ্যাত গল্প সংকলন ''গল্পগুচ্ছ''ৰ (য'ত মুঠ ৮৪টা চুটি গল্প আছে) প্ৰায় আধাসংখ্যক গল্প এইখিনি সময়তেই তেওঁ ৰচনা কৰে। <ref name="Chakravarty_1961_45">{{harvcol|Chakravarty|1961|p=45}}.</ref> । এই গল্পসমূহত ব্যঙ্গ তথা আবেগৰ সমন্বয়ত গ্ৰামীণ বাংলাৰ সঠিক চিত্ৰ নিপুণভাবে ফুটি উঠিছে।<ref name="Dutta_1995_109">{{harvcol|Dutta|Robinson|1995|p=109}}.</ref>
 
=== শান্তিনিকেতন (১৯০১-১৯৩২) ===
১৯০১ চনত ৰবীন্দ্ৰনাথে শিলাইদহ ত্যাগ কৰি শান্তিনিকেতনৰ উদ্দেশ্যে যাত্ৰা কৰে। তেওঁৰ শান্তিনিকেতনলৈ যোৱাৰ মূল উদ্দেশ্য আছিল এখন আশ্ৰম স্থাপন কৰা। এই আশ্ৰমত তেওঁ গঢ়ি তোলে এটি মাৰ্বল পাথৰেৰে সুশোভিত মন্দিৰ, এখন বিদ্যালয়, বাগিচা আৰু গ্ৰন্থাগাৰ<ref name="Dutta_1995_133">{{harvcol|Dutta|Robinson|1995|p=133}}.</ref>। এইছোৱা সময়তেই তেওঁৰ পত্নী আৰু দুটা সন্তানৰ পৰলোকপ্ৰাপ্তি হয়। ১৯০৫ চনৰ জানুৱাৰী মাহৰ ১৯ তাৰিখে তেওঁৰ পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু ঘটে। ইতিমধ্যে তেওঁৰ সাহিত্যকৰ্মই দেশে-বিদেশে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।১৯০১ চনত তেওঁৰ ''নৈবেদ্য'' কাব্যপুথি আৰু ১৯০৬ চনত ''খেয়া'' নামৰ কাব্যপুথি প্ৰকাশিত হয়। ১৯১৩ চনৰ নৱেম্বৰ মাহত তেওঁ "গীতাঞ্জলীগীতাঞ্জলি" কাব্যপুথিৰ বাবে সাহিত্যৰ নোবেল বটাবঁটা লাভ কৰে।
 
১৯২১ চনত ৰবীন্দ্ৰনাথে কৃষি অৰ্থনীতিবিদ লিওনাৰ্ড কে এল্‌মহাৰ্স্টৰ লগত মিলি শান্তিনিকেতনৰ সমীপত অৱস্থিত ''সুৰুল'' নামৰ গাঁৱত ''পল্লী পুনৰ্নিমাণ সংস্থা'' নামৰ এটা প্ৰতিষ্ঠান গঢ়ি তোলে। পিছত তেওঁ এই প্ৰতিষ্ঠানটোৰ নাম সলনি কৰি "শ্ৰীনিকেতন" ৰাখে। এই "শ্ৰীনিকেতন"ৰ মাধ্যমেৰে ৰবীন্দ্ৰনাথে [[মহাত্মা গান্ধী]] পৰিচালিত স্বাধীনতা আন্দোলনৰ এটি বিকল্প ব্যৱস্থা প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল। <ref name="Dutta_1995_239-240">{{harvcol|Dutta|Robinson|1995|pp=239–240}}.</ref>। এই প্ৰতিষ্ঠানত তেওঁ দেশ-বিদেশৰ বিভিন্ন পণ্ডিত আৰু বিদ্বান লোকৰ সহযোগত গাঁৱৰ লোকসকলক বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰয়াস কৰিছিল।<ref name="Dutta_1995_242">{{harvcol|Dutta|Robinson|1995|p=242}}.</ref><ref name="Dutta_1995_308-309">{{harvcol|Dutta|Robinson|1995|pp=308–309}}.</ref>। ১৯৩০ৰ দশকত তেওঁ ভাৰতবৰ্ষৰ অস্বাভাৱিক বৰ্ণবিভেদৰ বিষয়ে মতামত প্ৰকাশ কৰা আৰম্ভ কৰে। তেওঁ এই বৰ্ণবিভেদৰ বিৰূদ্ধে বক্তৃতা, কবিতা, নাটক আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। মূলতঃ দলিতসকলক সমাজত অবাধ প্ৰৱেশাধিকাৰ দিয়াটোৱেই আছিল তেওঁৰ উদ্দেশ্য।
35 নং শাৰী:
জীৱনৰ অন্তিম দশকতো ৰবীন্দ্ৰনাথৰ সৃজনশীলতা অটুট আছিল। তেখেতৰ জনপ্ৰিয়তাও আছিল তুঙ্গত। [[১৯৩৪]] চনৰ ১৫ জানুৱাৰীত ভাৰতৰ [[বিহাৰ]] ৰাজ্যত হোৱা প্ৰলয়ংকাৰী ভূমিকম্প সম্বন্ধে [[মহাত্মা গান্ধী]]-য়ে কৈছিল যে 'এয়া দলিতসকলক বশীভূত কৰিবলৈ ঈশ্বৰৰ এক প্ৰতিশোধ'।<ref name="Dutta_1995_312-313">{{harvcol|Dutta|Robinson|1995|pp=312–313}}.</ref> । ৰবীন্দ্ৰনাথে এই মন্তব্যৰ বাবে মহাত্মা গান্ধীক ৰাজহুৱা ভাৱে তিৰস্কাৰ কৰে। ঈয়াৰোপৰি বঙ্গৰ আৰ্থসামাজিক অৱস্থাৰ অৱনতি আৰু কলিকতাত দৰিদ্ৰতাৰ প্ৰাদুৰ্ভাৱৰ কাৰণে বিশেষ ভাৱে দুখ প্ৰকাশ কৰে। ১০০ শাৰীৰ এটা মিত্ৰাক্ষৰ বৰ্জিত কবিতাৰে তেখেতে নিজৰ বেদনাৰ বহিৰ্প্ৰকাশ কৰে। দ্বিমুখী চিন্তাধাৰাক উদ্বিত কৰাৰ এই কৌশল পৰৱৰ্তী কালৰ [[সত্যজিত ৰায়]] পৰিচালিত [[অপুৰ সংসাৰ]] নামৰ চলচ্চিত্ৰত অনুসৰণ কৰা হয়।<ref name="Dutta_1995_335-338">{{harvcol|Dutta|Robinson|1995|pp=335–338}}.</ref><ref name="Dutta_1995_342">{{harvcol|Dutta|Robinson|1995|p=342}}.</ref>। এই সময়ত ৰবীন্দ্ৰনাথৰ লেখাৰ এটা ১৫ খণ্ডৰ সংকলন প্ৰকাশ কৰা হয়। এই সংকলনৰ অন্তৰ্ভূক্ত আছিল "পুনশ্চ" (১৯৩২), "শেষ সপ্তক" (১৯৩৫) আৰু "পাত্ৰপুট" (১৯৩৬)। তেখেতে গদ্য-গান আৰু নৃত্যনাট্য ৰচনাৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখে, আৰু ইয়াৰ মাজত আছেঃ "'চিত্ৰাঙ্গদা"" (১৯১৪)<ref name=gutenbergchitra>[http://www.gutenberg.org/dirs/etext01/chitr10.txt "Chitra at Project Gutenberg"]</ref>, "শ্যামা" (১৯৩৯) আৰু "চণ্ডালিকা" (১৯৩৮)। এই কালছোৱাত ৰছিত উপন্যাসসমূহ হৈছে "দুই বোন" (১৯৩৩), "মালঞ্চ" (১৯৩৪) আৰু "চাৰ অধ্যায়" (১৯৩৪)। জীৱনৰ শেষ সময়ত তেখেতে বিজ্ঞান সংক্ৰান্তীয় বিষয়ৰ প্ৰতি আগ্ৰহান্বিত হয় আৰু তাৰ প্ৰমাণ পোৱা যায় "বিশ্ব পৰিচয়" (১৯৩৭) নামৰ এটি প্ৰবন্ধ সংকলনত। তেখেতে জীৱবিজ্ঞান, পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান অধ্যয়ণ কৰে আৰু তেখেতৰ সেই সময়ৰ কবিতা আৰু সাহিত্য-কৰ্মত বিজ্ঞানৰ প্ৰাকৃতিক নিয়মৰ প্ৰতি তেখেতৰ বোধগম্যতা ফুটি উঠে। এই সাহিত্যৰাজীত উচ্চমানৰ প্ৰকৃতিবাদ প্ৰস্ফুটিত হোৱা দেখা যায়। তেখেতৰ তিনিটা ভিন্ন গল্পত বৈজ্ঞানিক প্ৰক্ৰিয়াৰ বাখ্যা দিয়া আছে, এই গল্পকেইটা হ'লঃ "সে" (১৯৩৭), "তিন সঙ্গী" (১৯৪০) আৰু "গল্পসল্প"। (১৯৪১)<ref name="ASB_2006">{{harvcol|Asiatic Society of Bangladesh|2006}}.</ref>
 
জীৱনৰ শেষ চাৰি বছৰ ৰবীন্দ্ৰনাথৰ শৰীৰৰ বিভিন্ন স্থানত বিষ হৈছিল। ১৯৩৭ চনৰ শেষৰ পিনে তেখেতে চেতনা হেৰুৱায় আৰু ইয়াৰ পিছত এক দীঘলীয়া সময়ৰ বাবে তেখেত ক'মাত থাকে। তিনি বছৰ পাছত ১৯৪০ চনত তেখেতে আকৌ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে আৰু ইয়াৰ পাছত তেখেত পুনৰাই সুস্থ নহ'ল। এইসময়ত ৰচিত কবিতাবোৰ তেখেতৰ জীৱনৰ অন্যতম প্ৰধান ৰচনা হিচাপে খ্যতখ্যাত হৈছে। কাৰণ এই কবিতাবোৰৰ মাজত তেখেতে মৃত্যুৰ দুৱাৰ-দলিত ভৰি দিয়াৰ আভাষ প্ৰস্ফুটিত হৈছিল। <ref name="Dutta_1995_338">{{harvcol|Dutta|Robinson|1995|p=338}}.</ref><ref name="IANS_2005">{{harvcol|Indo-Asian News Service|2005}}.</ref> দীঘলীয়া অসুস্থতাৰ অন্তত ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে (২২ শাওন, ১৩৪৮ বঙ্গাব্দ) জোৰাসাঁকোৰ ওপৰ মহলাৰ এটা কোঠাত তেখেতে প্ৰাণত্যাগ কৰে। এই ঘৰটোতে তেখেতে ডাঙৰ-দীঘল হৈছিল।<ref name="Dutta_1995_367">{{harvcol|Dutta|Robinson|1995|p=367}}.</ref><ref name="Dutta_1995_363">{{harvcol|Dutta|Robinson|1995|p=363}}.</ref> তেখেতৰ মৃত্যু বাৰ্ষিকী আজিও বিশ্বৰ সকলো প্ৰান্তৰ লোকে গাম্ভীৰ্য সহকাৰে পালন কৰে।
 
== ভ্ৰমণসমূহ ==