কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Kuldhar Rabha (আলোচনা | বৰঙণি) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
Kuldhar Rabha (আলোচনা | বৰঙণি) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
54 নং শাৰী:
==সাংবাদিকতা==
ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত মাৰ্ক্স ত্ৰায়াৰ চহৰলৈ উভটি আহিল। এইবাৰ তেওঁ ৰাজনৈতিক-সাংবাদিকতালৈ হাত মেলিলে। সেই সময়ত ৰাইনলেণ্ডৰ পুঁজিপতিসকলে ৰাইনিচে চাইতুং (Rheinische Zeitung)নামেৰে কাকত এখন ছপাবলৈ উদ্যোগ লৈছিল। পুঁজিপতিসকলৰ শ্ৰেণী স্বাৰ্থসমূহ প্ৰতিনিধিত্ব কৰিবলৈকে কাকতখনৰ জন্ম দিয়া হৈছিল যদিও হেগেলবাদী সম্পাদক মজেজ হেছৰ হাতত পৰি কাকতখন তৰুণ হেগেলবাদীসকলৰ মুখপত্ৰলৈ পৰিণত হৈছিল। ১৮৪২ চনৰ মাৰ্চ মাহৰ পৰা মাৰ্ক্সে কাকতখনত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিলে আৰু সেই বছৰৰে অক্টোবৰ মাহলৈ তেওঁ কাকতখনৰ সম্পাদক পদত নিযুক্ত
অৱশ্যে ৰাইনিচে চাইতুঙৰ অভিজ্ঞতাই মাৰ্ক্সৰ চিন্তাধাৰা ইতিমধ্যেই বহুখিনি সলনি কৰি পেলালে। মাৰ্ক্সৰ ভাষাত, ৰাইনিচে চাইতুঙৰ পাততেই ‘পোন প্ৰথমবাৰৰ বাবে মই বাস্তৱ স্বাৰ্থ সম্পৰ্কীয় আলোচনাত ভাগ লবলৈ বাধ্য হলো।’ এই সময়ছোৱালৈকে আন আন হেগেলবাদীৰ দৰেই মাৰ্ক্সেও বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰই সমাজৰ শ্ৰেণী স্বাৰ্থসমূহতকৈ ঊৰ্ধত অৱস্থান কৰে; অৰ্থাৎ শ্ৰেণী সংঘাতৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক নিৰপেক্ষ ভূমিকা পালন কৰে। বিভিন্ন শ্ৰেণীৰ আন্তঃসংঘাতসমূহ নিৰাময় কৰি সকলো নাগৰিকৰে সাৰ্বজনীন স্বাৰ্থ সাধন কৰাটোৱেই হৈছে ৰাষ্ট্ৰৰ মূল উদ্দেশ্য। পিছে সেই সময়ৰ খৰি চুৰি সম্পৰ্কীয় কেতবোৰ সংসদীয় বিতৰ্ক অনুসন্ধান কৰি মাৰ্ক্সৰ অনুভৱ
ৰাইনিচে চাইতুং কাকতখনত মাৰ্ক্সে অৱশ্যে কেৱল অৰ্থনীতিৰ চিন্তাই কৰা নাছিল। স্মৰ্তব্য এই সময়ছোৱাতে ব্ৰুন’ বয়াৰ আদি তৰুণ হেগেলবাদীসকলৰ বিপ্লৱী বহুবল্কিতাই চৰম পৰ্যায় পাইছিল। প্ৰুচিয়ান ৰাষ্ট্ৰৰ দমনৰ বলি হৈ তৰুণ হেগেলবাদীহঁতে নিজকে ‘ফ্ৰী’ বা ‘স্বাধীন’ নামেৰে নামাকৰণ কৰিছিল আৰু ঘোষণা কৰিছিল যে ভুল দেখুৱাই দিয়াটোৱেই হৈছে দাৰ্শনিকসকলৰ একমাত্ৰ উদ্দেশ্য! এই সময়ছোৱাত তেওঁবিলাকৰ আক্ৰমণৰ মূল লক্ষ্য আছিল- ধৰ্ম। ইফালে কাকতখনক কোনোমতে চেঞ্চৰ বৰ্ডৰ পৰা ৰক্ষা কৰাৰ তাড়নাত মাৰ্ক্সে কৰা প্ৰতিটো সৰু বৰ বুজাপৰাকে মহাশয়সকলে সত্যৰ সৈতে চৰম বিশ্বাস ঘাটকতা বুলি ঘোষণা কৰিছিল। সিবিলাকৰ পৰা মাৰ্ক্সে এটা জীৱনজোৰা শিক্ষা লাভ কৰিলে –‘যি তত্ত্বই বাস্তৱ পৰিস্থিতিৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলায়, সি আপাত দৃষ্টিত অগ্নিবৰ্ষা
ব্ৰুন’ বয়াৰকে আদি কৰি বাৰ্লিনস্থিত এই পুৰণি বন্ধুসকলক আক্ৰমণ কৰি মাৰ্ক্সে কিছু দিনৰ পাছত লিখিলে,
"আমি কোনো শাস্ত্ৰ আওঁৰাই পৃথিবীৰ বাবে নতুন নিয়ম বান্ধিবলৈ নাযাওঁ। আমি এইবুলি নকওঁ যে চোৱা! আমি এটা নতুন নিয়ম বান্ধিছোঁ, এয়াই সত্য নিয়ম। সকলোৱে ইয়াৰ আগত আঁঠু লোৱা! বৰঞ্চ আমি পৃথিবীৰ বাস্তৱিক নিয়মসমূহৰ পৰাই নতুন নিয়ম গঢ়িব বিচাৰোঁ। আমি জগতখনক এইবুলি
শ্ৰমিক শ্ৰেণীৰ সংগ্ৰাম সম্পৰ্কীয় মাৰ্ক্সৰ প্ৰাৰম্ভিক চিন্তা-ভাৱনাৰ এইখিনিতেই উমান পোৱা যায়। লগতেই উমান পোৱা যায় তত্ত্ববিদকসকলৰ সামাজিক ভূমিকা সম্পৰ্কীয় তেওঁৰ চিন্তাৰাজিৰো। মাৰ্ক্সৰ মতে শ্ৰমিকক নীতি-নিয়ম শিকোৱাটো তাত্ত্বিকৰ কাম নহয়, বৰঞ্চ শ্ৰমিকসকলৰ সংগ্ৰামৰ প্ৰকৃত উদ্দেশ্যনো কি তথা কেনেকৈনো তেওঁলোকে এই উদ্দেশ্যত উপনীত
অৱশ্যে শ্ৰমিক-শক্তিৰ প্ৰচুৰ বৈপ্লৱিক সম্ভাৱনীয়তা সম্পৰ্কে এইখিনি সময়তো মাৰ্ক্সৰ ধাৰণা পৰিষ্কাৰ হোৱা নাছিল। এই কথাৰ উমান পোৱা যায় ১৮৪৩ চনৰ মাজভাগত তেওঁ লিখা এটি পাণ্ডুলিপিৰ পৰা। (এই পাণ্ডুলিপিটো লিখাৰ কিছুদিন পূৰ্বেই মাৰ্ক্সে ৰাইনিচে চাইতুঙৰ পৰা পদত্যাগ কৰে।) পিছলৈ Contribution to the Critique of Hegel’s Philosophy of Right নামেৰে জনাজাত হোৱা এই পাণ্ডুলিপিটো গ্ৰন্থৰূপত অৱশ্যে ১৯২৭ চনতহে ছপা হয়গৈ। এই ৰছনাখনিত মাৰ্ক্সে হেগেলৰ ‘শ্ৰেণী নিৰপেক্ষ ৰাষ্ট্ৰ’ সম্পৰ্কীয় ধাৰণাসমূহ খণ্ডন কৰিবলৈ চেষ্টা কৰিছিল। ৰছনাখনিত সেই সময়ৰ আন এজন দাৰ্শনিক লুদউইগ ফয়াৰবাখৰ প্ৰভাৱ বাৰুকৈয়ে দেখিবলৈ পোৱা যায়। মাৰ্ক্সৰ দৰেই ফায়াৰবাখো এটা সময়ত হেগেলৰ অনুগামী আছিল; পিছে পাছলৈ তেওঁ হেগেলৰ তীব্ৰ সমালোচক হৈ পৰে। ১৮৪১ চনত প্ৰকাশিত তেওঁৰ Essence of Christianity শীৰ্ষক গ্ৰন্থখনি ইতিমধ্যেই ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছিল। ব্ৰন’ বয়াৰ আদি তৰুণ হেগেলবাদী সকলতকৈ বহুখিনি আগুৱাই গৈ ফায়াৰবাখে ঘোষণা কৰিছিল-‘হেগেলৰ সমস্ত দৰ্শন নাকচ কৰাৰ সময় আহি পৰিছে; হেগেলে কোৱাৰ দৰে কোনো ভগবান বা আইডিয়াৰ পৰা দৰ্শনৰ আৰম্ভণি কৰাটো ভ্ৰান্তিকৰ; বৰঞ্চ মানৱ জীৱন আৰু এই জীৱনৰ বস্তুনিষ্ঠ পৰিস্থিতিৰ অধ্যয়ন হে দৰ্শনৰ আৰম্ভণি বিন্দু হোৱা উচিত’। ফয়াৰবাখৰ এই ধাৰণাসমূহ ততালিকেই মাৰ্ক্স, এংগেলছ , হেছ আদিৰ মাজত জনপ্ৰিয় হৈ পৰিল; ইতিমধ্যেই মাৰ্ক্সে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল যে কেৱল ৰাজনৈতিক বিপ্লৱে জাৰ্মান সমাজখনৰ আমূল পৰিবৰ্তন সাধন কৰিব নোৱাৰে; এইক্ষেত্ৰত এক সামাজিক বিপ্লৱো প্ৰয়োজনীয়
Critique লিখাৰ এবছৰমানৰ ভিতৰতেই অৱশ্যে মাৰ্ক্স এজন পূৰ্ণ কমিউনিষ্টলৈ পৰিণত
বাৰ্লিন বা কলনতকৈ পেৰিছৰ পৰিস্থিতি একেবাৰে বেলেগ আছিল। ঊনবিংশ শতিকাৰ ইউৰোপৰ সাংস্কৃতিক ৰাজধানী হিচাপে স্বীকৃতি লাভ কৰা পেৰিছ চহৰখন সেই সময়ত বিভিন্ন দেশৰ পৰা দেশান্তৰিত হৈ অহা সাম্যবাদী বিপ্লৱী তথা বুদ্ধিজীৱিৰে গিজগিজাই আছিল। এইক্ষেত্ৰত কেৱল জাৰ্মান দেশান্তৰিত লোকৰ সংখ্যাই আছিল ৪০,০০০কৈও অধিক। তেওঁলোকৰ বেছিভাগেই পেছাত কাৰিকৰ আছিল আৰু তেওঁলোক ‘লীগ অৱ জাষ্ট’ নামৰ বিপ্লৱী গুপ্ত সংগঠন এটাৰ প্ৰভাৱাধীন আছিল। তদুপৰি অগণন কমিউনিষ্ট তথা সমাজবাদী সংগঠন আৰু সিবিলাকৰ আভ্যন্তৰীণ তৰ্ক-বিতৰ্ক তথা কোৰ্হালে পেৰিছৰ বতাহ গৰম কৰি ৰাখিছিল। এই সময়ছোৱাতেই তথাকথিত ‘বুৰ্জোৱা সম্ৰাট’ লুই ফিলিপৰ অধীনত এক অতিশয় দুৰ্নীতিবান আমোলাতন্ত্ৰ তথা বেংকাৰ গোষ্টীৰ নেতৃত্বত ফ্ৰাঞ্চৰ বছা বছা অঞ্চলত দ্ৰুত হাৰৰ ঔদ্যোগীকৰণৰ প্ৰক্ৰিয়াও ত্বৰাম্বিত হৈছিল, যাৰ ফলস্বৰুপে দ্ৰুত গতিৰে সৃষ্টি হৈছিল এক সৰ্বহাৰা শ্ৰেণীৰ। সিবিলাকৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সকলো বাওঁপন্থী সংগঠনেই উথপথপ লগাইছিল।
76 নং শাৰী:
"এই ফৰাচী শ্ৰমিকসকলৰ এনে বিপুল কৰ্মোদ্যম, এনে অপূৰ্ব শক্তি, সেয়া নেদেখিলে বিশ্বাস কৰিব নোৱাৰি! আচলতে তথাকথিত সভ্য সমাজৰ পৰা দূৰৈত, এই [তথাকথিত] বৰ্বৰসকলৰ মাজতেই অনাগত মানব মুক্তিৰ ঐতিহাসিক সোপান লুকাই আছে" (Collected Works, Vol. iii, পৃষ্ঠা ৩৫৫)।
শ্ৰমিকৰ ঐতিহাসিক ভূমিকা সম্পৰ্কীয় মাৰ্ক্সৰ এই নতুন দৃষ্টিভংগীৰ প্ৰমাণ পোৱা যায় Deutsch-Französische Jahrbücher কাকতখনৰ ১৮৪৪ৰ মাৰ্চ মাহত প্ৰকাশিত একমাত্ৰ সংখ্যাটোৰ দুটা লেখনীৰ মাজত। (এফালে প্ৰুচিয়ান চৰকাৰৰ নিষেধাজ্ঞা, আনফালে ফৰাচী জনগণৰ কুহুমীয়া
দ্বিতীয়টো লেখনীটোত মাৰ্ক্সে লিখিলেঃ "কেৱল এনে এক সামাজিক বিপ্লৱহে জাৰ্মান সমাজখনত সম্ভৱপৰ
এই উদ্ধৃতিটোৰ পৰাই গম পোৱা যায়- এই সময়ছোৱালৈকে এজন বিশুদ্ধ দাৰ্শনিকৰ দৃষ্টিৰেই মাৰ্ক্সে ৰাজনৈতিক প্ৰশ্নসমূহৰ পৰ্যালোচনা কৰিছিল। তেওঁ দৰ্শনবিদ তথা শ্ৰমিকসকলৰ এক মিত্ৰতাৰ কথা কল্পনা কৰিছিল য’ত দাৰ্শনিকসকলে নেতৃত্বকাৰী ভূমিকা পালন কৰিব। অৰ্থাৎ বিপ্লৱী প্ৰক্ৰিয়াত শ্ৰমিকসকলৰ ভূমিকা হব দ্বিতীয় পৰ্যায়ৰ, এইক্ষেত্ৰত দাৰ্শনিকসকলহে আগৰণুৱা
অৱশ্যে অতি সোনকালেই মাৰ্ক্সে এই দুৰ্বলতা শুদ্ধ কৰি ললে। এই ক্ষেত্ৰত দুটা কাৰকে ক্ৰিয়া কৰা দেখা যায়। প্ৰথমতে, পেৰিছতেই মাৰ্ক্সে পোন প্ৰথমবাৰৰ বাবে [[এডাম স্মিথ]], ডেভিদ ৰিকাৰ্ডো আদি ধ্ৰুপদী ৰাজনৈতিক-অৰ্থনীতিবিদসকলৰ লেখনীবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে। এই অধ্যয়ণসমূহৰ ফচল আছিল আন এখনি পাণ্ডুলিপিঃ The Economic and Philosophic Manuscripts, 1844। মাৰ্ক্সৰ আন আন লেখনীৰ দৰেই এই পাণ্ডুলিপিখনৰো প্ৰথম প্ৰকাশন ১৯৩২ চনতহে সম্ভৱপৰ হয়গৈ। এই পাণ্ডুলিপিখনতেই ‘ইতিহাসৰ বস্তুবাদী তত্ত্ব’ (materialist conception of history) সম্পৰ্কীয় মাৰ্ক্সৰ প্ৰাৰম্ভিক চিন্তাধাৰাৰ পৰিচয় পোৱা যায়। কিন্তু অধিক
শ্ৰমিক সম্পৰ্কে মাৰ্ক্সৰ দৃষ্টিভংগী সলনি হোৱাৰ আনটো কাৰণ হৈছে- সেই সময়ৰ জাৰ্মান শ্ৰমিকসকলৰ চমকদাৰ তথা জংগী শক্তি প্ৰদৰ্শন। ইয়েই শ্ৰমিকসকল যে কোনো নিষ্ক্ৰিয় সত্তা (passive element )নহয়, সেই কথা মাৰ্ক্সক বুজাই দিলে। ১৮৪৪ চনৰ জুন মাহত চিলেচিয়াৰ বস্ত্ৰ শ্ৰমিকসকলে মালিকৰ শোষণৰ বিৰুদ্ধে এক তুমুল প্ৰতিবাদী কাৰ্যসূচী হাতত ললে। বিদ্ৰোহী শ্ৰমিকসকলক নিয়ন্ত্ৰিত কৰিবলৈ আনকি সেনা বাহিনীও মোতায়েন কৰিব লগা হল। আৰ্নল্ড ৰুজে ছদ্মনামত পেৰিছৰ জাৰ্মান কাকত এখনত বিদ্ৰোহটো নস্যাৎ কৰি শ্ৰমিকসকলৰ প্ৰতি ইতিকিংসূচক এটা প্ৰবন্ধ লিখিলে। বহুতে প্ৰবন্ধটো মাৰ্ক্সেই লিখা বুলি ধৰি ললে। এই বিষয়ে গম পাই মাৰ্ক্স তিঙিৰি তুলা হৈ পৰিল। ৰুজৰ প্ৰবন্ধটো কঠোৰ ভাষাৰে সমালোচনা কৰি মাৰ্ক্সে বিদ্ৰোহী শ্ৰমিকসকলৰ সাহস, চেতনা আৰু সাংগঠনিক শক্তিৰ ভূয়সী প্ৰশংসা কৰিলে। মাৰ্ক্সে ঘোষণা কৰিলে – শ্ৰমিকসকল ভাবী জাৰ্মান বিপ্লৱৰ নিষ্ক্ৰিয় অংশ হোৱাৰ পৰিবৰ্তে, তেওঁলোকেই সমগ্ৰ প্ৰক্ৰিয়াটোত আটাইতকৈ ‘গতিশীল উপাদান’ৰ ভূমিকা পালন কৰিব (Collected Works, Vol.iii, পৃষ্ঠা ২০২)। ইয়াৰ লগে লগেই অৱশেষত এজনা বিপ্লৱী কমিউনিষ্টৰ ৰূপত মাৰ্ক্সৰ উদয়
==বন্ধুত্ব আৰু বিপ্লৱ==
|