পাণ্ডু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
(edited with ProveIt)
1 নং শাৰী:
 
{{Infobox character|image=Raja Pandu and Matakunti LACMA M.69.13.6.jpg|caption=পাণ্ডু আৰু মাতা কুন্তী|children=[[যুধিষ্ঠিৰ]], <br/> [[ভীম]], <br/> [[অৰ্জুন]], <br/> [[নকুল]] আৰু <br/> [[সহদেৱ]]|spouse=[[কুন্তী]] আৰু [[মাদ্ৰী]]|color=Orange|Parents=বিচিত্ৰবীৰ্য্য (পিতৃ) আৰু অম্বালিকা (মাতৃ)}}'''পাণ্ডু ({{lang-en|Pandu}}; {{lang-sa|पाण्डु}}) :''' মহাভাৰতত বৰ্ণিত হস্তিনাপুৰৰ ৰজা তথা পাণ্ডৱৰ পিতৃ৷ তেওঁ আছিল [[বিচিত্ৰবীৰ্য্য]]ৰ কনিষ্ঠ সন্তান৷ পাণ্ডুৰ পত্নী দুজনৰ নাম আছিল ক্ৰমে [[কুন্তী]] আৰু [[মাদ্ৰী]]৷<ref name="pandu1" />
 
== বংশ পৰিচয় ==
{{main|চিত্ৰাঙ্গদ}}বিচিত্ৰবীৰ্য্যৰ পিতৃ-মাতৃ আছিল কুৰুৰাজ শান্তনু আৰু সত্যৱতী বা মৎস্যগন্ধা। তেওঁ আছিল চিত্ৰাঙ্গদৰ সৰু ভাই। ভাতৃ ভীষ্ম আছিল তেওঁৰ মাহীমাক গংগাৰ পুত্ৰ। মাতৃ সত্যৱতীৰ আৰু পৰাশৰ মুনিৰ পুত্ৰ আছিল বেদব্যাস। [[পৰাশৰ]]ৰ পুত্ৰ [[বেদব্যাস|ব্যাস]]ৰ মাতৃ [[সত্যৱতী]]ৰ পিছত হস্তিনাপুৰৰ ৰজা শান্তনুৰ লগত বিবাহ হয় আৰু তেওঁৰ [[চিত্ৰাঙ্গদ]] আৰু [[বিচিত্ৰবীৰ্য্য]] নামেৰে দুই পুত্ৰ জন্ম হয়। শান্তনুৰ দুই পুত্ৰৰ অকাল মৃত্যুৰ পিছত বিচিত্ৰবীৰ্য্যৰ দুই বিধবা ৰাণী [[অম্বিকা]] আৰু অম্বালিকাৰ গৰ্ভত মাতৃৰ আজ্ঞাত নিয়োগ প্ৰথামতে পুত্ৰ উৎপাদন কৰি [[ধৃতৰাষ্ট্ৰ]] আৰু [[পাণ্ডু]]ৰ জন্ম দিয়ে সত্যৱতী আৰু পৰাশৰ পুত্ৰ ব্যাসে।<ref name="pandu1" />
 
== কুন্তী, পাণ্ডু আৰু পাণ্ডৱ ==
16 নং শাৰী:
এদিন পাণ্ডুৱে অৰণ্যত চিকাৰ কৰি থাকোঁতে ভুলতে সংগমত লিপ্ত মৃগয়াৰূপী ঋষি কিন্দম আৰু তেওঁৰ পত্নীক কাঁড় মাৰি হত্যা কৰে। মৃত্যুৰ আগে আগে ঋষিয়ে ৰজাক অভিশাপ দিয়ে যে ৰজাই যেতিয়াই সংগম কৰি তেতিয়াই তেওঁৰ মৃত্যু হ'ব। ইয়াৰ পাছত পাণ্ডুৱে ৰাজ্য পৰিত্যাগ কৰি দুইগৰাকী পত্নীৰে সৈতে বনবাসলৈ প্ৰস্থান কৰে।
 
কেইজনমান মুনিয়ে পাণ্ডুক কয় যে সন্তানহীন হৈ থাকিলে তেওঁ স্বৰ্গ লাভ কৰিব নোৱাৰিব। এই কথা পাণ্ডুৱে কুন্তীক জনাই কোনো সুপুৰুষৰ পৰা সন্তান লাভ কৰিবলৈ তেওঁক পৰামৰ্শ দিয়ে। কুন্তীয়ে তেতিয়া দুৰ্বাসাৰ পৰা পোৱা মন্ত্ৰ খটুৱাই তিনিজন পুত্ৰৰ মাতৃ হয়— [[যম]] দেৱতাৰ পৰা [[যুধিষ্ঠিৰ]], [[বায়ু]]ৰ পৰা [[ভীম]] আৰু [[ইন্দ্ৰ]]ৰ পৰা [[অৰ্জুন]]।<ref>Edward Delavan Perry, {{cite book|jstor=592191|title=Indra in the Rig-Veda|publisher=Journal of the American Oriental Society vol. 11.1885|page=121}}</ref> কুন্তীয়ে মাদ্ৰীকো সেই মন্ত্ৰ শিকাই দিয়াত মাদ্ৰীয়ে [[অশ্বিন]] দেৱতা দুজনৰ পৰা [[নকুল]] আৰু [[সহদেৱ]] নামৰ যঁজা পুত্ৰদ্বয় লাভ কৰে।<ref name="pandu1" />
 
এদিন পাণ্ডুৱে হিতাহিত জ্ঞান দেৰুৱাই মাদ্ৰীৰ লগত সংগম কৰিব খোজাত তেওঁৰ মৃত্যু হয়। ৰজাৰ মৃত্যুৰ কাৰণ হোৱা বুলি মাদ্ৰী [[সতী প্ৰথা|সতী]] হৈ প্ৰাণ ত্যাগ কৰে। ইয়াৰ পাছত কুন্তীয়ে পাঁচোজন পুত্ৰক লৈ হস্তিনাপুৰ যায়গৈ।
"https://as.wikipedia.org/wiki/পাণ্ডু"ৰ পৰা অনা হৈছে