অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
4 নং শাৰী:
 
==অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস==
চৰ্চাৰ আৰম্ভ হৈছিল প্ৰাচীন ভাৰতবৰ্ষত বৈদিক সাহিত্যৰ লগতে বিভিন্ন ব্ৰাহ্মণ গ্ৰন্থৰ মাজেদি। অৱশ্যে এনে চিন্তাই সুনিৰ্দিষ্ট ৰূপ লাভ কৰে পাণিনিৰ দ্বাৰা ৰচিত ‘অষ্টাধ্যায়ী’ নামে খ্যাত “শব্দানুশাসনম” নামৰ গ্ৰন্থৰ মাজেৰে। অসমত এই ব্যাকৰণ চৰ্চাৰ আৰম্ভ হয় উনবিংশ শতিকাত, ইংৰাজ বিষয়া আৰু আমেৰিকান মিছনেৰীসকল অসমৰ অহাৰ পাছতহে। ১৮৩৯ চনত ইংৰাজ বিষয়া উইলিয়াম ৰবিন্সন চাহাবে ৰচনা কৰা “A Grammar of the Assamese Language” নামৰ ব্যাকৰণখনে হ’ল অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ।
==ধ্বনি বা বাগ্‌ধ্বনি==
{{main|ধ্বনি (ব্যাকৰণ)}}
'''ধ্বনি বা বাগ্‌ধ্বনি''' : মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে [[ধ্বনি (ব্যাকৰণ)|বাগ্‌ধ্বনি]], বা চমুকৈ ধ্বনি বোলে৷<ref name="assamese">{{cite book|title=বাগ্‌ধ্বনি | book=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | author=গোস্বামী, ড° শ্ৰীগোলোকচন্দ্ৰ | year=2000 | pages=31-34 | accessdate=10 june 2020}}</ref> ধ্বনি, ধ্বনিগুণ আৰু [[লয় (ব্যাকৰণ)|লয়]]ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান (Phonetics) আৰু বৰ্ণবিজ্ঞানৰ (phonemics) অন্তৰ্ভুক্ত কৰা হয়৷ প্ৰাকৃতিৰ বিচাৰ বিশ্লেষণৰ নাম প্ৰাকৃতিবিজ্ঞান (morphemics and morphology) ৷ বিভিন্ন স্তৰত এইবোৰৰ ভাষানিৰপেক্ষ বিচাৰ বিশ্লেষণ হ’ব পাৰে; আৰু সেই কাৰণে সামান্য (general) ধ্বনিবিজ্ঞান, বৰ্ণবিজ্ঞান আৰু প্ৰাকৃতিবিজ্ঞান তথা সমস্ত বাগ্‌বিজ্ঞানৰ (general linguistics) সৃষ্টি হৈছে৷ বাগ্‌বিজ্ঞানৰ আলোচনা পদ্ধতি ভাষানিৰপেক্ষ হোৱা বাবে জগতৰ ভিন ভিন ভাষাৰ বিশ্লেষণত বা ব্যাকৰণত একেবোৰ পাৰিভাষিক শব্দৰ প্ৰয়োগ হ’ব পাৰে৷ সেয়েহে, ভাষাৰ লিখিত ৰূপদানত [[আন্তৰাষ্ট্ৰীয় ধ্বনিলিপি]] (International Phonetic Alphabet) স্বীকৃতি হ’ব পাৰিছে৷<ref>{{cite book|title=ভাষা আৰু ব্যাকৰণ | book=অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ | author=গোস্বামী, ড° শ্ৰীগোলোকচন্দ্ৰ| year=2017 | pages=33-34 | accessdate=10 june 2020}}</ref>
 
বৰ্তমান ভাষাত ধ্বনিৰ উচ্চাৰণ আৰু আখৰৰ মাজত বৰ্তমানে সামঞ্জস্য দেখা নাযায়৷ অসমীয়া ভাষাত আঠোটা বিশিষ্ট স্বৰধ্বনি আৰু একৈশটা বিশিষ্ট ব্যঞ্জন ধ্বনি ('ৱ' আৰু 'য়' এই দুটা অৰ্ধস্বৰ ধৰিলে তেইশটা ব্যঞ্জন বৰ্ণ) উচ্চাৰিত হয়৷<ref>{{cite book|title=অসমীয়া বৰ্ণমালা | book=অসমীয়া ভাষা | author=বৰুৱা, ড° ভীমকান্ত | pages=126-135 | year=2006 | accessdate=10 june 2020}}</ref>
 
==ব্যাকৰণৰ অন্তৰ্গত বিষয়সমূহ==