সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
25 নং শাৰী:
 
১০. ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ'ল গাভিনী (আঠুৱা)
 
১১. কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় ? (বিড়ি)
 
১২. কি বস্তু কাটিলে দীঘল হয়? (নলা (drain))
 
১৩. চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা (হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু)
 
১৪. এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সর্বতিকাল (কলাপাত)
 
১৫. হাবিত কাঁহে ওলাই নাহে (কুঠাৰ)
 
১৬. ৰজাৰ লাঠি ঘন ঘন গাঠি (কুহিয়াঁৰ)
 
১৭. এঠেঙীয়া বগলী,নিতৌ নাচে গধু্লি (বিচনী)
 
১৮. এডাল খেৰে ঘৰটো বেৰে (চাকি নাইবা মমবাতি)
 
১৯. ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত (জোনাকী পৰুৱা)
 
২০. আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ (কুহিঁয়াৰ)
 
২১. ওপজিয়ে লৰ মাৰে কোন ('জেঠী পোৱালি)
 
২২. ওপজিয়ে জপিয়ায় কোনে? (আখৈ)
 
২৩. এনু এনু এনু, ধৈইৰবান্নাই ঠেনু (ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত))
 
২৪. মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই (ৰেডিঅ')
 
২৫. উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকলী্ (কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত))
 
২৬. কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা (কঁঠাল)
 
২৭. জলত জন্ম স্থলত বাস, মাকে চুলে হয় সর্বনাশ? (নিমখ)
"https://as.wikipedia.org/wiki/সাঁথৰ"ৰ পৰা অনা হৈছে