নল গাহৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বিলুপ্ত হোৱাৰ কাৰণ
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2409:4065:484:CA1E:7F9D:F050:5AA:71EF (আলোচনা)-ই কৰা 251205 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
19 নং শাৰী:
}}
'''নল গাহৰি''' ({{Lang-en|Pygmy hog}} বৈ়জ্ঞানিক নাম: Porcula salvania) পৃথিবীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই গাহৰি [[উত্তৰ প্ৰদেশ]], [[নেপাল]], উত্তৰবংগ আৰু [[অসম]] জুৰি [[হিমালয়]]ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত নল গাহৰি পোৱা গৈছিল । লাহে লাহে উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগৰ ঘাঁহনিত নল গাহৰি বিলুপ্ত হৈ যোৱাত এই আপুৰুগীয়া গাহৰিৰ প্ৰজাতিটো বিলুপ্ত হোৱা বুলি ধৰি লোৱা হৈছিলে যদিও পিছলৈ কেৱল অসমৰ [[মানাহ ৰাষ্ট্ৰীয় উদ্যান]]ত পুনৰ ইয়াক দেখা পোৱা যায় । ঘোৰ-সংকটগ্ৰস্থ (Critically Endangered) তালিকা ভূক্ত এই প্ৰাণী বৰ্তমান অসমৰ বাহিৰে পৃথিবীৰ আন কতো নাই আৰু [[এশিঙীয়া গঁড়|ভাৰতীয় গঁড়]]তকৈ বৰ্তমানত জীয়াই থকা নল গাহৰিৰ সংখ্যা কেইবাগুণে কম। গোটেই পৃথিবীতে সম্ভৱতঃ ৫০০টাতকৈও কম নল গাহৰি বৰ্তমান কেৱল অসমৰ হাবিত জীয়াই আছে।
==বিৱৰণ==
==বিলুপ্ত হোৱাৰ কাৰণ ==
অতি বিৰল এই বনৰীয়া গাহৰিৰ বৈজ্ঞানিক নাম Porcula sulvania (পৰকুলা ছালভানিয়া)<ref name="iucn" /> আৰু [[ভাৰত]]ৰ হাবিত দেখাপোৱা বনৰীয়া গাহৰিতকৈ ই পৃথক আৰু আকাৰতো প্ৰায় ৪ গুণ মান সৰু । অসমীয়াত ইয়াক নল গাহৰিৰ উপৰি টাকুৰি বৰা বুলিও কোৱা হয়। [[বড়ো ভাষা]]ত ইয়াৰ নাম ওমা ঠাখ্ৰি, [[নেপালী ভাষা]]ত ইয়াৰ নাম পুডেক বঁদেল। নল গাহৰি দীঘলে মাত্ৰ ৬০ ছে.মি. আৰু ওখই প্ৰায় ২৫ ছে.মি. মান হয়। এটা প্ৰাপ্তবয়স্ক মতাৰ ওজন ৮ পৰা ৯ কিলোগ্ৰাম মান হয়। মাইকী গাহৰিবোৰ মতাতকৈ কিছু সৰু।
ঘৰচীয়া বা বনৰীয়া গাহৰিতকৈ নল গাহৰিক পৃথকৈ চিনিব পৰা আটাইতকৈ সহজ উপায় হ'ল ইয়াৰ নেজ । এটা পূৰ্ণবয়স্ক নল গাহৰিৰ নেজ মাত্ৰ ১ ইঞ্চিহে দীঘল, পিছে ঘৰচীয়া বা বনৰীয়া গাহৰিৰ পোৱালিৰে নেজ প্ৰায় ৩ ইঞ্চিমান দীঘল হয়। ইয়াৰ উপৰি মাইকী নলগাহৰিৰ কেৱল ৩ যোৰহে স্তন থাকে; আনহাতে ঘৰচীয়া বা বনৰীয়া গাহৰিৰ ৫ৰ পৰা ৬ যোৰলৈ স্তন থাকে।
"https://as.wikipedia.org/wiki/নল_গাহৰি"ৰ পৰা অনা হৈছে