যোৰহাট জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎উল্লেখযোগ্য স্থান: মাজুলীৰ অংশ আঁতৰোৱা হ'ল
191 নং শাৰী:
যোৰহাটক আধুনিক শিক্ষাৰ বাবে এখন ভাল ঠাই বুলি গণ্য কৰা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি স্বাক্ষৰতাৰ হাৰত অসমৰ জিলাসমূহৰ ভিতৰত [[কামৰূপ মহানগৰ জিলা]]ৰ পিছতে যোৰহাট জিলাৰ স্থান দ্বিতীয়ত।<ref name=censusurank>{{cite web | url = https://www.census2011.co.in/census/state/districtlist/assam.html | title = Districts of Assam | accessdate = {{Start date|2019|1|2|df=yes}} | publisher = Census2011.co.in}}</ref> ১৮৮৩ চনত বিজ্ঞান শিক্ষাৰ ব্যৱস্থা সম্বলিত [[যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়]] স্থাপন কৰা হয়। ১৯৩০ চনত স্থাপিত [[জগন্নাথ বৰুৱা মহাবিদ্যালয়]] জিলাখনৰ তথা উজনি অসমৰ ভিতৰতে প্ৰথম মহাবিদ্যালয়।<ref name="about"/> ২০০০ চনৰ তথ্য অনুসৰি জিলাখনত ১৮খন প্ৰাক-প্ৰাথমিক বিদ্যালয়, ১৭৬১খন প্ৰাথমিক বিদ্যালয়, ৪৪৩খন মধ্য ইংৰাজী বিদ্যালয়, ২৫১খন উচ্চ মাধ্যমিক বিদ্যালয়, ২৫খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৪খন কনিষ্ঠ মহাবিদ্যালয় আছে।<ref>[http://www.whereincity.com/india/assam/assam-districts.php]District wise Schools (2000); আহৰণ ২/১২/২০১১</ref>
১৯৬৯ চনত স্থাপিত যোৰহাটৰ [[অসম কৃষি বিশ্ববিদ্যালয়]] উত্তৰ-পূব ভাৰতৰে একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ইয়াৰ উপৰিউপৰিও [[ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম]] (২০১৯), [[যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়]] (১৯৬০), [[উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান]] (১৯৬১), [[প্ৰিন্স অফ ৱেল্‌চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান]] (১৯২৬), [[যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান]] (১৯৭১), [[টোকোলাই চাহ গৱেষণা কেন্দ্ৰ]] (১৯১১), [[বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট]] (১৯৮৮) আদি আন আন উল্লেখযোগ্য শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান।প্ৰতিষ্ঠানসমূহ অৱস্থিত।<ref name="about" />
 
==যাতায়ত==