সাৰদা (অভিনেত্ৰী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্য শুধৰণি (edited with ProveIt)
33 নং শাৰী:
১৯৫৯ চনৰ পৰা তেওঁ সাৰদা নামেৰে চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে। নাম সলনি কৰাৰ মূলতে হ’ল চলচ্চিত্ৰ উদ্যোগটোত সৰস্বতী নামৰ আৰু কেইগৰাকীমান অভিনেত্ৰী আছিল।<ref name="indiainteracts.com"/> তেওঁ এজন তেলেগু প্ৰযোজক এল.ভি. প্ৰসাদৰ সংস্পৰ্শলৈ আহে। প্ৰযোজকজনৰ কোনো ছবিত তেওঁ অভিনয় কৰা নাছিল যদিও প্ৰসাদৰ পৰা তেওঁ অভিনয় সম্পৰ্কীয় আনুষ্ঠানিক প্ৰশিক্ষণ লৈছিল আৰু এই প্ৰশিক্ষণে তেওঁৰ অভিনয় পাৰদৰ্শিতা বৃদ্ধি কৰিছিল।<ref name="auto1"/><ref name="indiainteracts.com"/> অভিনেতা আক্কিনেনি নাগেশ্বৰ ৰাওৰ সৈতে ‘ইন্দাৰু মিত্ৰুলু’ (১৯৬১) ছবিত অভিনয় কৰিব পোৱাটো তেওঁৰ জীৱনৰ প্ৰথমটো ডাঙৰ সুযোগ। ছবিখন যথেষ্ঠ জনপ্ৰিয় হৈছিল। ছবিখনত সাৰদাৰ কৰা অভিনয়ৰ বাবে তেওঁ মালায়ালামৰ লগতে তামিল চলচ্চিত্ৰতো অভিনয় কৰাৰ বাট মুকলি হৈছিল।<ref name="auto"/>
 
১৯৬৫ চনত পি. বেণু, কট্টু থুলচি আৰু ইনাপ্ৰভুকলৰ ‘শকুন্তলা’, ‘মুৰাপ্পেন্নু’, ‘উধ্যোগস্থ’ ছবি তিনিখনত অভিনয়েৰে মালায়ালম চলচ্চিত্ৰ উদ্যোগত সাৰদাৰ নিজৰ স্থান তৈয়াৰ কৰি লৈছিল।<ref name="auto1"/> ইয়াৰ পিছত তেওঁ মালায়ালম ছবিতহে দৃষ্টি নিবদ্ধ কৰিছিল আৰু অন্য ভাষাৰ ছবিত খুব কমকৈ অভিনয় কৰিছিল। ১৯৬৭ চনত ‘ইৰুত্তিন্তে আথমাভু’ ছবিৰ লগত আৰু কিছু ছবিত কৰা কামৰ বাবে তেওঁ ‘জাতীয় সন্মাননা বঁটা’ লাভ কৰে। এই বঁটা ১৯৬৮১৯৬৭ চনৰ পৰা প্ৰৱৰ্তিত শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]]ৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়।<ref name="auto1"/> ১৯৬৯১৯৬৮ চনত 'থুলভৰম' ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে প্ৰৱৰ্তিত প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।<ref name="dff16">{{cite web | url=https://dff.nic.in/Archive.aspx?ID=6 | title=National Film Awards Archives | publisher=Directorate of Film Festivals, GOI | accessdate=15 February 2021}}</ref> তেওঁ আৰু দুবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা পায়- মালায়ালম ভাষাৰ ছবি 'স্বয়ম্বৰম' (১৯৭২) আৰু তেলেগু ছবি 'নিমজ্জনম' (১৯৭৮) ছবিৰ বাবে। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীলৈ প্ৰদান কৰা ‘কেৰালা ৰাজ্যিক চলচ্চিত্ৰ’ বঁটাও লাভ কৰে।<ref name="auto"/>
 
১৯৯৩ চনৰ পৰা তেওঁ বাচি বাচি ছবি কৰিবলৈ লৈছিল আৰু খুব কম সংখ্যক ছবিতহে অভিনয় কৰিছিল। এই সময়চোৱাত তেওঁৰ মুখ্য মুখ্য ছবি কেইখনমান হ’ল- ‘মাঝাথুল্লিকিলুক্কম’ (২০০২, মালায়ালম), ‘ৰাপ্পাকাল’ (২০০৫, মালায়ালম), ‘নায়িকা’(২০১১, মালায়ালম), ‘ষ্টেলিন’ (২০০৬, তেলেগু) আদি।<ref name="auto1"/><ref name="auto"/> তেওঁ লোটাচ চকলেট নামৰ চকলেট কাৰখানা এটাৰ স্বত্বাধিকাৰী। [[তেলেগু দেশম পাৰ্টী]]ৰ পৰা তেওঁ গৃহসমষ্টি তেনালীৰ পৰা [[লোকসভা]]ৰ সাংসদো নিৰ্বাচিত হৈছে।<ref name="auto1"/>